ৰিপুন বৰাৰ বিৰুদ্ধে প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ অভিযোগ

author img

By

Published : Apr 5, 2022, 7:03 PM IST

nilamani-sen-dekas-controversial-statement-against-ripun-bora
ৰিপুন বৰাৰ বিৰুদ্ধে প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ অভিযোগ ()

ৰাজ্যসভাৰ নিৰ্বাচন শেষ হ'ল । বিজেপিয়ে দুয়োজন বিজয়ী প্ৰাৰ্থীক গামোচা পিন্ধাই অভিনন্দনো জনালে । কিন্তু নিৰ্বাচনৰ পাৰ্শ্চক্ৰিয়া এতিয়াও মাৰ যোৱা নাই কংগ্ৰেছৰ দলীয় কৰ্মীৰ মাজত ৷ এইবাৰ প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই ৰিপুন বৰাৰ বিৰুদ্ধে আনিলে কেইবাটাও বিস্ফোৰক অভিযোগ (Nilamoni Sen Deka made serious allegations against Ripun Bora)।

গুৱাহাটী, 5 এপ্ৰিল : ৰাজ্যসভাৰ নিৰ্বাচন শেষ হৈ জয়ী হোৱা দুই সাংসদে শপত লৈ সংসদত প্ৰৱেশ কৰিলে যদিও ৰাজ্যৰ ৰাজনীতিত এতিয়াও অব্যাহত আছে নিৰ্বাচনকেন্দ্ৰিক ক্ৰিয়া-প্ৰতিক্ৰিয়া । বিশেষকৈ নিৰ্বাচনত পৰাজয়ৰ পিছতে দলীয় সতীৰ্থৰ মন্তব্যই শলঠেকত পেলাইছে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সাংসদ ৰিপুন বৰাক ।

ইয়াৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ্য দে পুৰকায়স্থৰ পাছত প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই (Former Congress minister Nilamani Sen Deka) শেহতীয়াকৈ ৰিপুন বৰাৰ বিৰুদ্ধে আনিলে কেইবাটাও বিস্ফোৰক অভিযোগ । এ আই ইউ ডি এফৰ লগত সংঘাত অব্যাহত থকাৰ সময়তে কংগ্ৰেছৰ ভিতৰচ'ৰাতে অভিযোগৰ বিস্ফোৰণ ঘটিছে ।

ৰাজ্যসভাৰ নিৰ্বাচনত ৰিপুন বৰাই প্ৰাৰ্থীত্ব লাভৰ ক্ষেত্ৰত এ আই ইউ ডি এফক 1 কোটি 60 লাখ টকা দিছিল বুলি কমলাক্ষ্য দে পুৰকায়স্থই বিস্ফোৰক অভিযোগ অনাৰ পাছতে এইবাৰ প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাই ৰিপুন বৰাৰ বিৰুদ্ধে উত্থাপন কৰিলে আন এক অভিযোগ (Nilamoni Sen Deka made serious allegations against Ripun Bora) ।

ৰিপুন বৰাৰ বিৰুদ্ধে প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ অভিযোগ

নীলমণিসেন ডেকাই ৰিপুন বৰাৰ দিনত প্ৰদেশ কংগ্ৰেছৰ 50 লাখ টকা হৰলুকী হৈছে বুলি অভিযোগ উত্থাপন কৰে । ৰিপুন বৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থকা সময়ত ধনৰ লেনদেন কৰি প্ৰাৰ্থীক টিকট দিয়া হৈছিল বুলিও প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰে ।

বিগত বিধানসভাৰ নিৰ্বাচনত প্ৰায় 30 জন প্ৰার্থীৰ পৰা ধন লোৱাৰ লগতে পঞ্চায়ত নিৰ্বাচনতো ধনৰ লেনদেন হৈছিল বুলি ৰিপুন বৰাৰ বিৰুদ্ধে তেওঁ অভিযোগ উত্থাপন কৰে । তেওঁ কয় যে পঞ্চায়ত নিৰ্বাচনত পঞ্চায়ত সভাপতি, জিলা পৰিষদৰ সদস্য আদিৰ পৰা লাখ লাখ টকা লৈছিল ।

ৰিপুন বৰাৰ কাৰ্যকালত প্ৰাৰ্থিত্ব প্ৰদানৰ নামত দলীয় এজেণ্টৰ জৰিয়তে ধন সংগ্ৰহ কৰা হৈছিল । কেৱল সেয়াই নহয় ভূপেন কুমাৰ বৰা দলৰ সভাপতি হোৱাৰ পাছত পূৰ্বৰ সভাপতিয়ে দলৰ একাউণ্টৰ পৰা 50 লাখ টকা উঠাই নিয়া বুলি তেওঁ অভিযোগ কৰে । তেওঁ লগতে কয় যে কংগ্ৰেছ দলত এতিয়া দুর্নীতি বৃদ্ধি পাইছে ।

আগতে প্ৰার্থীৰ পৰা ধন সংগ্ৰহৰ পৰম্পৰা নাছিল । দলেহে প্ৰার্থীক ধনৰ যোগান ধৰিছিল বুলি মন্তব্য কৰি তেওঁ কয় যে বিধানসভাৰ যোৱাটো নিৰ্বাচনত তেওঁৰ পৰাও দলৰ পুঁজিৰ বাবে ধন বিচাৰিছিল । কিন্তু তেওঁ ধন দিয়া নাছিল বুলি উল্লেখ কৰি কয় যে এতিয়া সাংসদ, সভাপতিৰ পৰা সকলোৱে ধন সংগ্ৰহ কৰে ।

দিল্লীৰ পৰা দলীয় এজেন্ট আহিও অসমত ধন সংগ্ৰহ কৰাৰ অভিযোগ তুলি প্ৰদেশ কংগ্ৰেছৰ দায়িত্বত থকা ৰাষ্ট্ৰীয় নেতা জিতেন্দ্ৰ সিঙক দালাল আখ্যা দিয়ে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে । ছিদ্দিক আহমেদৰ পৰাও দলটোৰ ৰাষ্ট্ৰীয় নেতাই 5 কোটি টকা বিচৰা বুলি নীলমণি সেন ডেকাই অভিযোগ কৰে ।

ইতিমধ্যে ছিদ্দিক আহমেদে প্ৰকাশ কৰা এই তথ্য সঁচা বুলি ডেকাই সদৰী কৰে । বিধানসভাৰ যোৱাটো নিৰ্বাচনত কেৱল ধনৰ বাবে একাংশ জ্যেষ্ঠ নেতাক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰা হৈছিল বুলি অভিযোগ কৰি তেওঁ তেতিয়াৰ সভাপতি ৰিপুন বৰাই দলৰ জ্যেষ্ঠ নেতা বসন্ত দাস, টংক বাহাদুৰ ৰায় আদিক বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে ।

বৰ্ত্তমান সময়ত প্ৰদেশ কংগ্ৰেছত বিসম্ব‍াদৰ জোঁৱাৰ উঠিছে । এজনৰ পাছত আনজনকৈ নেতাই দলটোৰ আভ্যন্তৰীণত সংঘটিত হোৱা ঘটনাসমূহ ৰাজহুৱাকৈ প্ৰকাশ কৰিছে । এটাৰ পাছত আনটোকৈ নিৰ্বাচনত পৰাজয়ৰ সন্মূখীন হোৱা দলটো এতিয়া নিয়ন্ত্ৰণহীন হৈ পৰিছে । দলৰ নেতাসকলেই এতিয়া নিজৰ মাজতেই অভিযোগ-প্ৰতিঅভিযোগত লিপ্ত হৈছে ।

লগতে পঢ়ক : মহাবিস্ফোৰণ: ৰিপুণ বৰাৰ পৰা ১ কোটি ৬০ লাখ লৈছিল AIUDF এ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.