ETV Bharat / city

কোন মন্ত্ৰীয়ে ক'ত উত্তোলন কৰিব গণৰাজ্য দিৱসৰ পতাকা

author img

By

Published : Jan 23, 2022, 2:19 PM IST

ministers-list-for-republic-day-flag-hosting
কোন মন্ত্ৰীয়ে ক'ত উত্তোলন কৰিব গণৰাজ্য দিৱসৰ পতাকা

26 জানুৱাৰীৰ দিনা কোন মন্ত্ৰীয়ে ক'ত উত্তোলন কৰিব গণৰাজ্য দিৱসৰ ত্ৰিৰংগা পতাকা ? জানিবলৈ চাওক এই প্ৰতিবেদন ৷

গুৱাহাটী, 23 জানুৱাৰী : কটকটীয়া ক'ভিড প্ৰট'কল মানি চলি গণৰাজ্য দিৱস উদযাপনৰ বাবে সাজু হৈছে অসম (Assam ready to celebrate Republic Day )। শেহতীয়াকৈ ৰাজ্যত ক’ভিড পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি গণৰাজ্য দিৱসৰ দিৱসৰ বাবে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই জাৰি কৰিছে নতুন নীতি-নিৰ্দেশনা (SOP issued by the Assam State Disaster Management Authority) ।

ইতিমধ্যে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে মন্ত্ৰীগণক নিৰ্দিষ্ট কৰি দিছে ত্ৰিৰংগা পতাকা উত্তোলনৰ স্থান (Ministers list for Republic day flag hosting) । সেই অনুসৰি গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হ'বলগীয়া গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত ত্ৰিৰংগা পতাকা উত্তোলন কৰিব ৰাজ্যপাল জগদীশ মুখীয়ে (Jagdisgh Mukhi will hoist national flag in Guwahati) । এই অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) ৷

মন্ত্ৰীসভাৰ বাকীসকল সদস্য ক্ৰমে চন্দ্ৰমোহন পাটোৱাৰীয়ে গোৱালপাৰাত, অতুল বৰাই যোৰহাটত, কেশৱ মহন্তই ডিব্ৰুগড়ত 26 জানুৱাৰীত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব । একেদৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বঙাইগাঁৱত, ডাঃ ৰণোজ পেগুৱে শোণিতপুৰত, উৰ্খাও গৌৰা ব্ৰহ্মই তামুলপুৰত, ৰণজিৎ দাসে নলবাৰীত, পীযুষ হাজৰিকাই তিনিচুকীয়াত, বিত্তমন্ত্ৰী অজন্তা নেওগে নগাঁৱত, অশোক সিংহালে কাছাৰত, যোগেন মহনে লখিমপুৰত আৰু সঞ্জয় কিষাণে গোলাঘাটত উত্তোলন কৰিব গণৰাজ্য দিৱসৰ পতাকা ।

ইতিমধ্যে ক'ভিড পৰিস্থিতিৰ বাবে গণতন্ত্ৰ দিৱসৰ দিনা নাথাকিব সাংস্কৃতিক কার্যসূচী, পুৰস্কাৰ বিতৰণ আদি অনুষ্ঠান (No cultural programme on Republic day due to Covid) ৷ আনকি গণৰাজ্য দিৱসৰ কাৰ্যসূচীত জনসমাগমৰ ক্ষেত্ৰতো নিৰ্দিষ্ট সংখ্যা নির্ধাৰণ কৰি দিছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই (New SOP for Republic Day celebrations) ।

সেই অনুসৰি কামৰূপ(ম) জিলাত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক পর্যায়ৰ কাৰ্যসূচীত সৰ্বাধিক ১,০০০ লোক উপস্থিত থাকিব পাৰিব । সেইদৰে জিলা পর্যায়ৰ কাৰ্যসূচীত সৰ্বাধিক ৫০০ জনক আৰু অন্য পর্যায়ৰ কাৰ্যসূচীত সৰ্বাধিক ২০০ জনক অনুমতি দিয়া হৈছে ।

লগতে পঢ়ক : New SOP for Republic Day celebrations: গণৰাজ্য দিৱসৰ বাবে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.