ETV Bharat / city

ৰাজ্যৰ ৩৩ টা সূতাৰ ভড়াল পুনৰ সক্ৰিয় কৰাৰ সিদ্ধান্ত ইউ জি ব্ৰহ্মৰ

author img

By

Published : Sep 3, 2021, 10:44 PM IST

minister u g brahma announces Reactivating the yarn pack
ৰাজ্যৰ ৩৩ টা সূতাৰ ভড়াল পুনৰ সক্ৰিয় কৰাৰ সিদ্ধান্ত ইউজি ব্ৰহ্মৰ

শুকুৰবাৰে মন্ত্ৰী ইউ. জি. ব্ৰহ্মই ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ৩৩ টা সূতাৰ ভড়াল পুনৰ সক্ৰিয় কৰি গঢ়ি তুলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে l

গুৱাহাটী ,৩ ছেপ্টেম্বৰ : অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সভা গৃহত শুকুৰবাৰে অনুষ্ঠিত হোৱা এখন সভাত বিভাগীয় মন্ত্ৰী ইউ. জি. ব্ৰহ্মই ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ৩৩ টা সূতাৰ ভড়াল পুনৰ সক্ৰিয় কৰি গঢ়ি তুলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে l সভাত মন্ত্ৰী গৰাকীয়ে বিভিন্ন জিলা মহকুমাত থকা সূতাৰ ভড়াল সমূহৰ তত্ত্বাবধায়ক সকলৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকে সম্মুখীন হৈ থকা সমস্যা সমূহৰ বুজ লয় ৷

অনুষ্ঠানত বিভাগীয় আয়ুক্ত সচিব মনলিচা গোস্বামী, সঞ্চালক পৰাগমণি মহন্ত আৰু ৰেচম বিভাগৰ সঞ্চালিকা কাজৰি ৰাজখোৱাও উপস্থিত থাকে l সভাৰ আৰম্ভণিতে পৰাগমণি মহন্তই মন্ত্ৰী, আয়ুক্ত-সচিব আৰু ৰেচম সঞ্চালিকাক সম্ভাষণ জনায় সভাৰ আৰম্ভণি কৰে l সভাত মন্ত্ৰী গৰাকীয়ে ক’ভিড মহামাৰীত ক্ষতিগ্ৰস্ত হোৱা শিপিনী সকলক সকাহ দিবলৈ অহা ৩১ মাৰ্চ, ২০২২ লৈ সূতাৰ ভড়াল যোগে পূৰ্বৰ ৩০ শতাংশৰ পৰিৱৰ্তে ৫০ শতাংশ ৰেহাই মূল্যত সূতা সমূহ বিক্ৰী কৰিবলৈ লোৱা সিদ্ধান্তৰ কথা আটাইকে অবগত কৰে l

সূতাৰ ভড়াল সমূহৰ যোগেদি শিপিনী সকলে বিচৰা সূতাহে যাতে উপলব্ধ হয় তাক নিশ্চিত কৰিবলৈ আহ্বান জনায় l চৰকাৰে শিপিনী সকলৰ কল্যাণৰ বাবে লোৱা বিভিন্ন আচঁনিৰ সুফল যাতে সকলোৱে গ্ৰহণ কৰিব পাৰে, তাৰ বাবে উপস্থিত জিলা আৰু মহকুমাৰ বিষয়া সকলক নিষ্ঠা আৰু সততাৰে দায়িত্ব পালন কৰিবলৈ আহ্বান জনায় l

লগতে পঢ়ক : নদীবান্ধ বিৰোধী আন্দোলনত শ্বহীদ বৰণ কৰিবলৈ সাজু AJYCP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.