নদীবান্ধ বিৰোধী আন্দোলনত শ্বহীদ বৰণ কৰিবলৈ সাজু AJYCP

author img

By

Published : Sep 3, 2021, 8:20 PM IST

anti-big-dam-protest-by-ajycp

শুকুৰবাৰে, বিভিন্ন দল সংগঠনে ব্যাপক ৰূপত নদী-বান্ধ বিৰোধী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ এই প্ৰকল্পটো বন্ধ কৰাৰ দাবীত গোগামুখ, লখীমপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গ্ৰহণ কৰে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৷

লখিমপুৰ, ধেমাজি, 3 চেপ্টেম্বৰ : বৃহৎ নদী বান্ধৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই আহিছে ৰাজ্যৰ জাতীয় দল-সংগঠন সমূহ ৷ একেদৰেই এই ধাৰা অব্যাহত ৰাখিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও । নামনি-সোৱশিৰি জল বিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত শুকুৰবাৰে গোগামুখৰ মাজমজিয়াত 'গণ অৱস্থান' কাযসূচী ৰূপায়ন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷

নদীবান্ধ বিৰোধী আন্দোলনত শ্বহীদ বৰণ কৰিবলৈ সাজু AJYCP

জানিব পৰা মতে, ৰাইজৰ তীব্ৰ বিৰোধ স্বত্তেও চৰকাৰ তথা কৰ্তৃপক্ষই নিৰ্মাণ কৰিব বিচৰা নামনি-সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পাঁচটাকৈ ডাইভাৰটিং টাৰ্ণেল বৰষুণৰ পানীয়ে ইতিমধ্যে তচনচ কৰিছে । ইয়াৰ ফলত থুনুকা পাহাৰ খহি বিপদ মানি আনিছে প্ৰকল্পটোলৈ । এই কথাক লৈ এতিয়া শংকিত হৈ পৰিছে ৰাইজ তথা বিভিন্ন দল সংগঠন ৷ ইয়াকে লৈ শুকুৰবাৰে বিভিন্ন দল সংগঠনে সাব্যস্ত কৰিলে গণতান্ত্ৰিক প্ৰতিবাদ ৷

নদীবান্ধ বিৰোধী আন্দোলনত শ্বহীদ বৰণ কৰিবলৈ সাজু AJYCP

ইফালে শুকুৰবাৰে লখিমপুৰত উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে ৰাইজলৈ নদী বান্ধৰ বিৰুদ্ধে শেষ যুদ্ধ দিবলৈ ৰাইজক আহ্বান জনাইছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই ।

এই প্ৰতিবাদ যোগে এন এইচ পি চিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ উপৰি পূৰ্বতে নদী বান্ধৰ আন্দোলন কৰা এচাম লোকে ৰাজনীতিলৈ গৈ গাদীত বহাৰ পিছত ৰাইজক বঞ্চনা কৰাৰ অভিযোগ তোলে সংগঠনটোৱে ৷ ইয়াৰোপৰি নদী-বান্ধ আন্দোলনত সংগঠনটোৰ নেতৃত্বই প্ৰথম শাৰীত থাকি শ্বহীদ বৰণ কৰিব বুলিও ঘোষণা কৰে প্ৰতিবাদকাৰী সকলে ৷ এতিয়া ৰাজ্যজুৰি ক্ৰমাৎ ব্যাপক ৰূপ ধাৰণ কৰা আন্দোলনটোৱে পৰিৱৰ্তী পৰ্যায়ত কি ৰূপ লয় সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : পুনৰ বৃহৎ নদী-বান্ধ নিৰ্মাণৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদত নামিল আছু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.