ETV Bharat / city

Majuli By Election 2022 : ৫ মার্চৰ সন্ধিয়া ৫ বজাত সমাপ্ত কৰিব লাগিব প্রচাৰ

author img

By

Published : Mar 4, 2022, 8:30 PM IST

জন প্ৰতিনিধিত্ব আইন-1951 (Representation of People Act) ৰ ধাৰা 126 ৰ অধাৰত জাৰি কৰা ভাৰতীয় নিৰ্বাচন আয়োগ (Election Commission of India) ৰ নিৰ্দেশ অনুসৰি 5 মাৰ্চৰ সন্ধিয়া 5 বজাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়ে তেওঁলোকৰ প্ৰচাৰ অভিযান সামৰিব লাগিব ।

eci-imposes-curbs-notifies-ban-on-exit-poll
৫ মার্চৰ সন্ধিয়া ৫ বজাত সমাপ্ত কৰিব লাগিব প্রচাৰ

গুৱাহাটী,4 মার্চ : যিমানেই উপ-নিবাচন (Majuli By Election 2022 ) ৰ দিন চমু চাপিছে সিমানেই মাজুলীত বিভিন্ন ৰাজনৈতিক দলৰ খদমদম ৷ ইতিমধ্যে মাজুলী উপনিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰচাৰ অভিযান চলাই আহিছে । আগন্তুক 7 মাৰ্চ তাৰিখে মাজুলীত অনুষ্ঠিত হ’ব উপনিৰ্বাচন (By polls to Majuli to be held on March 7) ৷ ইফালে জন প্ৰতিনিধিত্ব আইন-1951 (Representation of People Act) ৰ ধাৰা 126 ৰ অধাৰত জাৰি কৰা ভাৰতীয় নিৰ্বাচন আয়োগ (Election Commission of India) ৰ নিৰ্দেশ অনুসৰি 5 মাৰ্চৰ সন্ধিয়া 5 বজাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়ে তেওঁলোকৰ প্ৰচাৰ অভিযান সামৰিব লাগিব ।

লগতে কোনো লোকে নিৰ্বাচনী প্ৰচাৰ সম্বন্ধীয় কোনো সভা, শোভাযাত্ৰা আদি অনুষ্ঠিত কৰিব নোৱাৰিব বা কোনো জনসমাগমত নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব বুলিও নিৰ্দেশনা জাৰি কৰে ভাৰতীয় নিৰ্বাচন আয়োগে । তদুপৰি টেলিভিছন, চিনেমাটোগ্ৰাফ বা অন্য তেনে কোনো মাধ্যমত নিৰ্বাচনী প্ৰচাৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

eci-imposes-curbs-notifies-ban-on-exit-poll
৫ মার্চৰ সন্ধিয়া ৫ বজাত সমাপ্ত কৰিব লাগিব প্রচাৰ

ইয়াৰ লগতে নিৰ্বাচন অনুষ্ঠিত হোৱা অঞ্চলত উল্লেখিত সময়ছোৱাত কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান, নাট্যানুষ্ঠান বা যিকোনো মনোৰঞ্জনধর্মী অনুষ্ঠান অনুষ্ঠিত কৰি নিৰ্বাচন সম্পকীয় প্ৰচাৰেৰে জনসাধাৰণক প্ৰভাৱিত কৰিব নোৱাৰিব । এই নিষেধাজ্ঞাৰ মাধ্যমেৰে ভোটাৰসকলক ভোটদানৰ আগে আগে এক নিৰৱ আৰু শান্তিপূর্ণ বাতাবৰণ দিব বিচৰা হৈছে বুলি উল্লেখ কৰে নিৰ্বাচনী আয়োগে ।

লগতে পঢ়ক : 2026 চনৰ ভিতৰত মাজুলী সংযোগী দুখন দলং সম্পূৰ্ণ হ’ব: মুখ্যমন্ত্ৰী

ইয়াৰোপৰি এই সময়ছোৱাত কোনো তাৰকা প্ৰচাৰক বা ৰাজনৈতিক নেতাই সংবাদমেল বা সাক্ষাৎকাৰৰ জৰিয়তে সংবাদ মাধ্যমৰ আগত নিৰ্বাচন সম্পর্কীয় বিষয় উত্থাপন কৰিব নোৱাৰিব ৷ এই নিষেধাজ্ঞা উলংঘা কৰিলে দুবছৰ পর্যন্ত কাৰাবাস বা জৰিমনা বা জৰিমনাৰ সৈতে কাৰাবাস হ'ব পাৰে । নির্বাচন আয়োগে জাৰি কৰা নিৰ্দেশনাৱলী সম্পূৰ্ণৰূপে মানি চলিবলৈ অসমৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েই সংশ্লিষ্ট সকলো পক্ষৰ প্ৰতি আহ্বান জনাইছে ।

eci-imposes-curbs-notifies-ban-on-exit-poll
৫ মার্চৰ সন্ধিয়া ৫ বজাত সমাপ্ত কৰিব লাগিব প্রচাৰ

তদুপৰি এই অনুসৰি ধাৰা 126 (ক) ৰ উপ ধাৰা 1 ৰ অধীনত ভোট গ্ৰহণৰ দিনা অর্থাৎ 7 মার্চৰ পুৱা 7 বজাৰ পৰা সন্ধিয়া 6.30 বজাৰ ভিতৰত এগজিট প’ল চলোৱা বা ছপা, ৰেডিঅ’, টেলিভিছন আদি গণমাধ্যমসমূহত প্ৰচাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । আনহাতে উল্লেখিত আইনৰ ধাৰা 126 (1)(খ) ৰ অধীনত ঘোষণা কৰা নিষেধাজ্ঞা অনুসৰি ভোট গ্ৰহণ সমাপ্ত হোৱাৰ 48 ঘণ্টা আগৰ পৰা সমাপ্ত হোৱালৈকে অর্থাৎ 5 মাৰ্চৰ সন্ধিয়া 5 বজাৰ পৰা 7 মাৰ্চৰ সন্ধিয়া 5 বজালৈ কোনো বৈদ্যুতিন মাধ্যমত নিৰ্বাচনী প্ৰচাৰ সম্পৰ্কীয় যিকোনো বিষয় তথা এগজিট প’ল বা ৰাইজৰ মতামতৰ ভিত্তিত কৰিব খোজা নিৰ্বাচনী ফলাফলৰ পূৰ্বানুমান বা অন্যান্য নিৰ্বাচনী ফলাফল সম্পর্কীয় জৰীপ সম্বন্ধে প্ৰচাৰ কৰিব নোৱাৰিব ।

এই নিষেধাজ্ঞা উলংঘা কৰিলে দুবছৰ পর্যন্ত কাৰাবাস তথা জৰিমনা নাইবা জৰিমনাৰ সৈতে কাৰাবাস হ'ব পাৰে । এই ক্ষেত্ৰত জাৰি কৰা নিদের্শনাৱলী সম্পূৰ্ণৰূপে মানি চলিবলৈ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েই সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনাইছে । আনহাতে মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েই মাজুলীত উপস্থিত হৈ ভোট গ্ৰহণৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰে (Chief Electoral Officer of Assam Nitin Khade) ।

লগতে পঢ়ক : Assam Municipal Election 2022 : মৰাণত মন্ত্ৰী যোগেন মহনৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.