ETV Bharat / city

Reshuffle in Assam Police: অসম আৰক্ষীৰ শীৰ্ষ মহলত ব্যাপক ৰদবদল

author img

By

Published : Oct 11, 2022, 7:44 PM IST

Major reshuffle in Assam Police
অসম আৰক্ষীৰ শীৰ্ষ মহলত ব্যাপক ৰদবদল

অসম আৰক্ষীত ব্যপক সাল-সলনি (Major reshuffle in Assam Police) । ৰাজ্য চৰকাৰে মঙলবাৰে অসম আৰক্ষীত কেইবাগৰাকীও উচ্চপৰ্যায়ৰ বিষয়াক বদলি কৰাৰ লগতে বহুকেইজন আৰক্ষী বিষয়াক নতুন দায়িত্বভাৰ অৰ্পণ কৰে ৷

গুৱাহাটী, ১১ অক্টোবৰ : ৰাজ্য চৰকাৰৰ গৃহবিভাগে (Home Department of the Assam Government) মঙলবাৰে এক নিৰ্দেশ যোগে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল কৰিছে (Major reshuffle in Assam Police) । সেই অনুসৰি হাইলাকান্দিৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ক (Hailakandi SP Gaurav Upadhyay) আৰ এণ্ড এ চিৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ৷

সেইদৰে কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক টি প্ৰতীক বিজয়কুমাৰক উত্তৰ গুৱাহাটীৰ মান্দাকাটাৰ কামাণ্ডো বাহিনীৰ অধিনায়ক হিচাপে বদলি কৰা হৈছে । মৰিগাঁৱৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনক (Morigaon SP Aparna Natarajan) ধুবুৰীৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ।

Major reshuffle in Assam Police
অসম আৰক্ষীৰ শীৰ্ষ মহলত ব্যাপক ৰদবদল

কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙক (Karbi Anglong SP Pushpraj Singh) কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে । ধুবুৰীৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দীলিপক (Dhubri SP Gaurav Abhijit Dilip) তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে । সেইদৰে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিত দেউৰীক (Tinsukia SP Devjit Dewri) গুৱাহাটীৰ বশিষ্ঠস্থিত প্ৰথম এ এফ পি এফ বাহিনীৰ অধিনায়ক হিচাপে বদলি কৰা হৈছে ।

Major reshuffle in Assam Police
অসম আৰক্ষীৰ শীৰ্ষ মহলত ব্যাপক ৰদবদল

আনহাতে গুৱাহাটীৰ ডিচিপি (প্ৰশাসন) হেমন্ত কুমাৰ দাসক (DCP Hemanta Kumar Das) মৰিগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে । গুৱাহাটী পশ্চিম মণ্ডলৰ ডিচিপি নৱনীত মহন্তক হাইলাকান্দিৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে । এছ বিৰ আৰক্ষী অধীক্ষক সুভাশীষ বৰুৱাক গুৱাহাটীৰ ডিচিপি (প্ৰশাসন) হিচাপে বদলি কৰা হৈছে ।

গুৱাহাটীৰ বশিষ্ঠস্থিত প্ৰথম এ এফ পি এফ বাহিনীৰ অধিনায়ক দেৱাশীষ বৰাক গুৱাহাটী পশ্চিম মণ্ডলৰ ডিচিপি হিচাপে বদলি কৰা হৈছে । সেইদৰে উত্তৰ গুৱাহাটীৰ মান্দাকাটাৰ কামাণ্ডো বাহিনীৰ (Commando Battalion Mandakata) অধিনায়ক সঞ্জীৱ কুমাৰ শইকীয়াক কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ।

উল্লেখ্য যে, আৰক্ষী অধীক্ষক পৰ্যায়ৰ ১১ গৰাকী বিষয়াৰ সাল-সলনি ঘটোৱা হৈছে। ইয়াৰ ভিতৰত আছে পাঁচগৰাকী আই পি এছ আৰু ছয়গৰাকী এ পি এছ বিষয়া ।

লগতে পঢ়ক: National Games 2022: ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বক্সিঙত অসমৰ পাঁচটা পদক নিশ্চিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.