ETV Bharat / city

ৰাজ্যত মাদ্ৰাছা বন্ধৰ বাবে বিধানসভাত উত্থাপন বিধেয়ক

author img

By

Published : Dec 28, 2020, 7:54 PM IST

বিধানসভাত এক হুলস্থুলীয়া পৰিস্থিতিৰ মাজত উত্থাপিত হয় "দ্য আছাম ৰিপিলিং বিল ২০২০" । বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে উত্থাপন কৰা এই বিধেয়কখন গৃহিত হ'লে অসমত মাদ্ৰাছা শিক্ষা সঞ্চালকালয় বন্ধ হৈ পৰিব ৷

madrasa_close_bill
ৰাজ্যত মাদ্ৰাছা বন্ধৰ বাবে বিধানসভাত উত্থাপন বিধেয়ক

গুৱাহাটী, ২৮ ডিচেম্বৰ : ৰাজ্যত মাদ্ৰাছা বন্ধক কেন্দ্ৰ কৰি চলি থকা বিতৰ্কৰ মাজতে সোমবাৰে বিধানসভাত এক হুলস্থুলীয়া পৰিস্থিতিৰ মাজত উত্থাপিত হয় "দ্য আছাম ৰিপিলিং বিল ২০২০" । শিক্ষা মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই বিধেয়কখন সদনত উত্থাপন কৰাৰ লগে লগে বিৰোধী দল কংগ্ৰেছ আৰু এ আই ইউ ডি এফে ইয়াৰ তীব্ৰ বিৰোধিতা কৰে । কিয়নো ৰাজ্যত মাদ্ৰাছা শিক্ষা চিৰদিনৰ বাবে বন্ধ কৰাৰ বাবে সদনত সোমবাৰে উত্থাপন কৰা হয় এইখন বিধেয়ক । বিৰোধীয়ে বিধেয়কখনৰ বিৰোধিতা কৰি সদন ত্যাগ কৰে । বিধেয়কখন উত্থাপন কৰি শিক্ষা মন্ত্ৰী ডঃ শৰ্মাই সদনত কয় যে, চৰকাৰী ধনেৰে ধৰ্মীয় শিক্ষা নচলিব । যদি মাদ্ৰাছা সমূহত চৰকাৰী ধনেৰে আৰৱীৰ শিক্ষা দিয়া হয় তেন্তে গীতা, বাইবেলৰো শিক্ষা দিব লাগিব । নৈতিকভাবে কোনো ইছলামিক পণ্ডিতেও ইয়াৰ সমৰ্থন নকৰে বুলি মন্তব্য কৰে শিক্ষা মন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, সোমবাৰে বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে উত্থাপন কৰা এই বিধেয়কখন গৃহীত হ'লে অসমত মাদ্ৰাছা শিক্ষা সঞ্চালকালয় বন্ধ হৈ পৰিব আৰু সকলো চৰকাৰী মাদ্ৰাছা পৰিৱৰ্তিত হ‘ব হাইস্কুললৈ ।

লগতে পঢ়ক: অৰুণাচল প্ৰদেশৰ পদপথত ষ্ট্ৰীট লাইব্ৰেৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.