ETV Bharat / city

Covid 19 in assam : বিগত 24 ঘণ্টাত ৰাজ্যত 1167 গৰাকী কৰ’ণাত আক্ৰান্ত

author img

By

Published : Jan 8, 2022, 9:20 AM IST

latest-covid-19-update-of-assam
অসমৰ ক'ভিড-19 পৰিস্থিতিৰ শেহতীয়া তথ্য

বিগত 24 ঘণ্টাত ৰাজ্যত 1167 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত ৷ ইয়াৰ ভিতৰত কামৰূপ(ম) ত মুঠ 517 জন লোক আক্ৰান্ত ভাইৰাছবিধত ৷ ইতিমধ্যে 98.22 শতাংশ লোকে ক'ভিড 19 ৰ পৰা আৰোগ্য লাভ কৰে বুলি টুইটাৰযোগে জনায় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (Covid 19 updates of assam) ৷

নিউজ ডেস্ক, 8 জানুৱাৰী : ৰাজ্যৰ কৰ’ণা আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে (Covid cases increase in Assam) । বিশেষকৈ পহিলা জানুৱাৰীৰ পৰা সংক্ৰমণৰ হাৰ পূৰ্বৰ তুলনাত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ৷

ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই টুইটাৰযোগে ৰাজ্যৰ শেহতীয়া কৰ’ণা পৰিস্থিতি সম্পৰ্কে এক তথ্য দাঙি ধৰে (Covid 19 updates of assam) ৷ এই তথ্য মৰ্মে, বিগত 24 ঘণ্টাত ৰাজ্যত 1167 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈছে ৷ কামৰূপ(ম) ত সৰ্বাধিক 517 জন লোক ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ ইতিমধ্যে 98.22 শতাংশ লোকে আৰোগ্যও লাভ কৰিছে ৷

  • Summary of 07/01/2022

    Today’s Total 1167

    Overall Positivity Percentage (1167 cases out of 35,127 test done = 3.32%)

    Kamrup(M) 517

    Death 2

    Recovery Rate 98.22%

    — Keshab Mahanta (@keshab_mahanta) January 7, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে, প্ৰতিদিনে সংক্ৰমিত লোকৰ সংখ্যা দিনকদিনে বৃদ্ধি পোৱাৰ সময়তে (Covid infection in Assam) ২০ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীৰ ভিতৰত অসমত অ’মিক্ৰণত সংক্ৰমণৰ সংখ্যা তুংগত উঠিব বুলি সংবাদমেলযোগে সদৰী কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

উল্লেখ্য যে, শুকুৰবাৰে ৰাজ্য চৰকাৰে এখনি সংবাদমেল সম্বোধন কৰি ঘোষণা কৰিছে ক’ভিডৰ নতুন SOP (New covid SOP of Assam ) ৷ এই সংবাদমেলতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে "এতিয়াৰে পৰা পজিটিভ বুলি ধৰা পৰা সকলো লোকৰে অ’মিক্ৰণৰ সংক্ৰমণ বুলিয়েই গণ্য কৰা হ’ব (Assam to treat every new Covid case as Omicron variant) বুলি ঘোষণা কৰে ।

লগতে পঢ়ক : New SOP in Assam: কি কি আছে নতুন SOP ত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.