ETV Bharat / city

বেদখলকাৰীৰ কৱলত ৰাজ্যৰ লাখ লাখ বিঘা ভূমি

author img

By

Published : May 31, 2022, 3:47 PM IST

বেদখলকাৰীৰ কৱলত ৰাজ্যৰ লাখ লাখ বিঘা ভূমি
বেদখলকাৰীৰ কৱলত ৰাজ্যৰ লাখ লাখ বিঘা ভূমি

ৰাজ্যৰ চৌদিশে হোৱা বেদখল সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে কোন জিলাত কিমান চৰকাৰী ভূমি দখল হৈ আছে ইয়াৰ বিস্তৃত তথ্য বিচাৰিছে । ইতিমধ্যে ৰাজহ বিভাগে প্ৰতিখন জিলাৰে উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰি শীঘ্ৰে বিতং তথ্য দাখিল কৰাৰ বাবে নিৰ্দেশ দিছে । হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদন অনুসৰি ৰাজ্যৰ প্ৰায় ৬৩ লাখ বিঘা মাটি দখলকাৰীৰ কবলত আছে ।

গুৱাহাটী, 31 মে': মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ভূমিহীনক ভূমি দিয়াৰ বাবে উদ্যোগ গ্ৰহণ কৰাৰ সমান্তৰালকৈ অবাধ বেদখলৰ বিৰুদ্ধেও অভিযান তীব্ৰতৰ কৰি তুলিছে । লক্ষণীয় বিষয় যে ৰাজ্যৰ লাখ লাখ বিঘা ভূমি বেদখলকাৰীৰ কবলত আছে । পাহাৰ-ভৈয়ামকে ধৰি বিল-জলাশয়, গেজিং, চৰ অঞ্চলৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় উদ্যানৰ ভূমিলৈকে সকলোতে অবাধ বেদখল হৈছে ।

আনকি সত্ৰীয়া কলা-সংস্কৃতিৰ পীঠস্থান সত্ৰসমূহৰো হাজাৰ হাজাৰ বিঘা মাটি একাংশ সন্দেহযুক্ত লোকে দখল কৰি আছে । ৰাজ্যৰ চৌদিশে এনেদৰে বেদখলকাৰীৰ আধিপত্য চলাৰ সময়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে কোন জিলাত কিমান চৰকাৰী ভূমি দখল হৈ আছে ইয়াৰ বিস্তৃত তথ্য বিচাৰিছে । ইতিমধ্যে ৰাজহ বিভাগে এই সন্দৰ্ভত প্ৰতিখন জিলাৰে উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰি শীঘ্ৰে বিতং তথ্য দাখিল কৰাৰ বাবে নিৰ্দেশ দিছে ।

বেদখলকাৰীৰ কৱলত ৰাজ্যৰ লাখ লাখ বিঘা ভূমি
বেদখলকাৰীৰ কৱলত ৰাজ্যৰ লাখ লাখ বিঘা ভূমি

জানিব পৰা মতে ৰাজ্য চৰকাৰে চৰকাৰী ভূমি দখল কৰি ক'ত কিমান লোক বাস কৰি আছে তাৰ সবিশেষ বিচৰাৰ লগতে ভূমি দখল কৰি থকা লোকসকলৰ সবিশেষ তথ্যও বিচাৰিছে । বিশেষভাৱে চৰকাৰৰ হাতত গেজিং ৰিজাৰ্ভসমূহ ক’ত, কেনেদৰে দখল হৈ আছে তাৰ কোনো বিতং তথ্য নাই ।

উল্লেখ্য যে ৰাজ্য চৰকাৰে চৰকাৰী ভূমি দখল কৰি থকা লোকসকলক উচ্ছেদ কৰাৰ সিদ্ধান্ত লৈছে । অৱশ্যে উক্ত ভূমিত যদি খিলঞ্জীয়া ভূমিহীন লোকে বাস কৰি থাকে তেনেহ'লে চৰকাৰী নীতি-নিয়ম অনুসৰি তেনে লোকক চৰকাৰে আন স্থানত সংস্থাপিত কৰাৰ চিন্তা-চৰ্চা কৰিছে । অনাগত দিনত ৰাজ্য চৰকাৰখনে দখল হৈ থকা চৰকাৰী ভূমি উদ্ধাৰৰ বাবে পর্যায়ক্ৰমে উচ্ছেদো চলাব ।

বেদখলকাৰীৰ কৱলত ৰাজ্যৰ লাখ লাখ বিঘা ভূমি
বেদখলকাৰীৰ কৱলত ৰাজ্যৰ লাখ লাখ বিঘা ভূমি

সেয়েহে উচ্ছেদ চলোৱাৰ পূৰ্বে বিস্তৃত তথ্য আৰু ভূমিহীন খিলঞ্জীয়াক সংস্থাপিত কৰাৰ বাবে এক সুনিৰ্দিষ্ট পৰিকল্পনা প্ৰস্তুত কৰাৰ কাম চলি আছে । আনকি এই সন্দৰ্ভত চৰকাৰে অনাগত দিনত এখন এছ অ’ পিও প্ৰকাশ কৰিব । মন কৰিবলগীয়া কথা যে অসম চৰকাৰে হৰিশংকৰ ব্ৰহ্মৰ নেতৃত্বত গঠন কৰি দিয়া ভূমি অধিকাৰ সুৰক্ষা সমিতিখনে ৰাজ্যখনৰ প্ৰায় ৬৩ লাখ বিঘা মাটি দখলকাৰীৰ কবলত পৰাৰ কথা উল্লেখ কৰাৰ লগতে ৰাজ্যৰ ৩৩ খন জিলাৰ ৬৬ শতাংশ ভূমি অখিলঞ্জীয়াৰ হাতত থকা বুলি নিজৰ প্ৰতিবেদনত উল্লেখ কৰিছিল ।

বেদখলকাৰীৰ কৱলত ৰাজ্যৰ লাখ লাখ বিঘা ভূমি
বেদখলকাৰীৰ কৱলত ৰাজ্যৰ লাখ লাখ বিঘা ভূমি

আনহাতে চুবুৰীয়া ৰাজ্যসমূহেও দখল কৰি ৰাখিছে অসমৰ বৃহৎ পৰিমাণৰ ভূমি । চৰকাৰী তথ্য অনুসৰিয়েই চুবুৰীয়া ৰাজ্যকেইখনে ৬৯,০১০.৮৩ হেক্টৰ ভূমি দখল কৰি আছে । ইফালে ৰাজ্যখনত বৃহৎ পৰিমাণৰ বনভূমিও দখল হৈছে । খোদ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য মতেই অসমত ৩,১৭,২১৫.৩৯ হেক্টৰ বনভূমি বেদখল হৈছে । এনে পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে কোন জিলাত কিমান চৰকাৰী ভূমি দখল হৈ আছে তাৰ বিস্তৃত তথ্য বিচৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে । আগন্তুক দিনত ৰাজ্যত বেদখলৰ বিৰুদ্ধে ব্যাপক অভিযান চলাটো নিশ্চিত ।

লগতে পঢ়ক: ইটাখোলাত উচ্ছেদ অভিযান : উচ্ছেদ কৰিলে ৪৫টাকৈ ব্যৱসায়িক কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.