ETV Bharat / city

পিতৃৰ কাষত পুত্ৰ গৌৰৱ গগৈ

author img

By

Published : Nov 2, 2020, 9:33 PM IST

kamrup_gourav gogoi_airport_
পিতৃৰ কাষত পুত্ৰ গৌৰৱ গগৈ

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ কেইবাদিনো ধৰি অসুস্থ হৈ পৰাৰ পাচতে দিল্লীৰ পৰা আহি গুৱাহাটীত উপস্থিত হয় পুত্ৰ তথা সাংসদ গৌৰৱ গগৈ ৷ দিল্লীৰ বিমানযোগে বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈয়ে পোনে-পোনে ৰাওনা হয় তৰুণ গগৈৰ কাষলৈ ৷

গুৱাহাটী,2নৱেম্বৰ : কেইবাদিনো ধৰি অসুস্থ হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ কৰ'নাত আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক দেওবাৰে পুনৰ ভৰ্তি কৰা হয় হাস্পতলত ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ খবৰ পাই অসমলৈ ঢপলিয়াই আহিল পুত্ৰ গৌৰৱ গগৈ । দিল্লীৰ পৰা আহি গুৱাহাটীত উপস্থিত হয় পুত্ৰ তথা সাংসদ গৌৰৱ গগৈ । দিল্লীৰ বিমানযোগে বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈয়ে পোনে-পোনে ৰাওনা হয় তৰুণ গগৈৰ কাষলৈ ৷

ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালৰ চিকিৎসালয়ৰ সৈতে ফোনযোগে কথা পাতিছে গৌৰৱ গগৈয়ে । চিকিৎসকৰ সৈতে বাৰ্তালাভ কৰি পিতৃ তৰুণ গগৈ অতি শীঘ্ৰে সুস্থ হৈ উঠাৰ আশাবাদী বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷

উল্লেখ্য যে, কৰ'নাত আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী দীৰ্ঘ দিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল । প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী কৰ'না মুক্ত হোৱাৰ পাচতে যোৱা 25 অক্টোবৰত তেওঁক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছিল । বিগত এটা সপ্তাহে দিছপুৰস্থিত চৰকাৰী বাসগৃহতে বিশ্ৰামত আছিল গগৈ । তেওঁৰ স্বাস্থ্যৰ প্ৰতি অহৰ্নিশে নজৰ ৰাখিবলৈ চৰকাৰে দুগৰাকী চিকিৎসক আৰু নাৰ্চৰ ব্যৱস্থাও কৰি দিছিল তেওঁৰ বাসগৃহতে । কিন্তু দেওবাৰে নিশা হঠাতে তেওঁ স্বাস-প্ৰশ্বাসত কষ্ট পোৱাত ততাতৈয়াকৈ লৈ যোৱা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ । বৰ্তমানেও স্বাস্থ্যৰ উন্নতি ঘটা নাই বুলি চিকিৎসকে প্ৰকাশ কৰে ৷

অন্য এক খবৰৰ বাবে: শ্বেৰমান আলীক বহিস্কাৰৰ দাবী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.