ETV Bharat / city

লণ্ডন ভ্ৰমণ সম্পৰ্কত জয়ন্ত মল্ল বৰুৱাৰ স্পষ্টীকৰণ

author img

By

Published : Nov 18, 2019, 8:04 PM IST

'মুখামুখি' অনুষ্ঠানত জয়ন্ত মল্ল বৰুৱা

নৱেম্বৰ মাহৰ 'মুখামুখি' অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা । অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ প্ৰদান কৰে বৰুৱাই ৷

গুৱাহাটী, 18 নৱেম্বৰ : সোমবাৰে দিছপুৰ প্ৰেছ ক্লাবত নৱেম্বৰ মাহৰ 'মুখামুখি' অনুষ্ঠানৰ অতিথি হিচাপে উপস্থিত থাকে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা । অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ প্ৰদান কৰে বৰুৱাই ৷ পৰ্যটকৰ প্ৰসংগত বৰুৱাই মন্তব্য কৰে যে, ৰাজকোষৰ টকা খৰচ কৰি কোনো ঠাইতে ভ্ৰমণৰ বাবে তেওঁ যোৱা নাই ৷ লগতে তেওঁ কয় যে, পৰ্যটন নিগমত বাজেট বৰ্তমান 25 কোটি টকাহে ৷ এই টকাৰ পৰিমাণ 50 কোটিলৈ বঢ়াবলৈ চেষ্টা চলাই থকা বুলিও তেওঁ জানিবলৈ দিয়ে ৷

'মুখামুখি' অনুষ্ঠানত জয়ন্ত মল্ল বৰুৱা

বি বৰুৱা কলেজত অধ্যয়ন কৰা দিনৰে পৰা ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হৈছিল বুলি মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই ৷ বৰ্তমান সময়ৰ অসমৰ ৰাজনীতিবিদসকলৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাক সফল মন্ত্ৰী বুলি উল্লেখ কৰে তেওঁ ৷ কংগ্ৰেছৰ হৈ ৰাজনীতি কৰা সময়ত বহু অনিয়ম দেখিছিল বুলি কোৱাৰ লগতে তেওঁ কয় যে, কংগ্ৰেছৰ সময়ত গণতন্ত্ৰই নহয়, পৰিয়ালতন্ত্ৰইহে গুৰুত্ব লাভ কৰিছিল ৷ ক্ষমতাৰ স্বাৰ্থতে কংগ্ৰেছ ত্যাগ কৰা বুলি ওলোৱা বাতৰিকো নস্যাৎ কৰে বৰুৱাই ৷

অসমৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ হকে কাম কৰি আছো বুলি জানিবলৈ দিয়ে জয়ন্ত মল্ল বৰুৱাই ৷ গুৱাহাটীত অনুষ্ঠিত হ'বলগা ফিল্ম ফেষ্টিভেলক লৈও মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ ৷ 300 কোটি টকা খৰচ হ'ব বুলি বাতৰি প্ৰকাশ পালেও তেওঁ নিজেই এই সম্পৰ্কে জ্ঞাত নহয় বুলি জানিবলৈ দিয়ে ৷ মুম্বাইৰ বাহিৰত প্ৰথমবাৰ অসমত অনুষ্ঠিত হ'বলগা ফিল্ম ফেষ্টিভেলৰ বাবে অসমত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব বুলি বৰুৱাই মন্তব্য কৰে । চিৰিয়াখানাত গড় ৰখাক লৈ তেওঁ কয় যে, তাত পৰ্যটনে একো কৰিব নোৱাৰো, চিৰিয়াখানাৰ সম্পূৰ্ণ দায়িত্ব বন বিভাগৰহে ৷

আৰু পঢ়ক : বৰপেটাত ভূমিকেন্দ্ৰিক সংঘাত : আহত ৬

Intro:সোমবাৰে দিচপুৰ প্ৰেছ ক্লাবত এই মাহৰ "মুখামুখি" অনুষ্ঠানত ৰ অতিথি হিচাপে উপস্থিত থাকে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা ।অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে তেওঁ ।


Body:বি বৰুৱা কলেজত অধ্যয়ন কৰা দিনৰে পৰা ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হৈ জৰিত হোৱাৰ কথা উল্লেখ কৰে । লগতে কয় বৰ্তমান সময়ত অসমত যি সকল ৰাজনীতিবিদ তাৰে ভিতৰত হিমন্ত বিশ্ব শৰ্মা এজন সফল মন্ত্ৰী বুলি উল্লেখ কৰে তেওঁ । আৰু কয় যে তেওঁ যিকোনো সময়তে শক্তিশালী সিদ্ধান্ত লব পৰা ব্যক্তি ।তেওঁ যি সময়ত কটনত অধ্যয়ন কৰি আছিল সেই সময়ৰ পৰাই লগত আছো । সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় কংগ্ৰেছ দলত থাকোতে কিছুমান অনিয়ম দেখিছিলো যত গনতন্ত্ৰ ই গুৰুত্ব পোৱা নাছিল, গুৰুত্ব পাইছিল পৰিয়াল তন্ত্ৰ ই হে । দলত সেচ্ছাসাৰী শাসন চলোৱাত তাত থকা পৰিবেশ নাথাকিল । কোনোৱে কয় ক্ষমতাৰ স্বাৰ্থত এৰা বুলি কিন্তু মই কংগ্ৰেছৰ শাসনতে দল এৰিছিলো । তেতিয়া কংগ্ৰেছৰ ভাল দিনেই আছিল । বি জে পি ত সম্ভাৱনা দেখি।অহা নাছিলোঁ বুলি মন্তব্য কৰে তেওঁ । কংগ্ৰেছত মানসিক সংঘাতৰ সৃষ্টি হৈছিল বুলি কৈ কয় যে যিটো।দলে বিচাৰিছিল সেইটো মনে বিচৰা নাছিল । পৰ্যটকৰ প্ৰসংগত কয় যে কোনোৱে কয় ৰাজকোষৰ প ইচা খৰচ কৰিছোঁ কিন্তু মাত্ৰ পৰ্যটন নিগমত বাজেট 25 কোটি । এই বাৰ 50 কোটিলৈ বঢ়াবলৈ চেষ্টা কৰিছো । অসমৰ পৰ্যটন।ক্ষেত্ৰৰ উন্নতিৰ হকে মই কাম কৰি আছো । গুৱাহাটীত অনুষ্ঠিত হব লগা ফিল্ম ফেষ্টিভেলক লৈও মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ । কৰবাত ওলাই আছে 300 কোটি খৰচ কৰিব আচলতে মই নিজেই নাজানো কিমান খৰচ হয় । মুম্বাইৰ বাহিৰত প্ৰথমবাৰ এই অনুষ্ঠান অনুষ্ঠিত হব । যাৰ বাবে অসমত বাঢ়িব পৰ্যটকৰ সংখ্যা । চিৰিয়াখানাত গড় ৰখাক লৈ তেওঁ কয় যে তাত পৰ্যটনে একো কৰিব নোৱাৰো । আমি বাহিৰৰ কাম বোৰ হে চাও ,চিৰিয়াখানাৰ সম্পূৰ্ণ দায়িত্ব বন।বিভাগৰ । কিন্তু আমাৰ যিখন চিৰিয়াখানা আছে আটাইতকৈ ডাঙৰ পৰ্যটন ক্ষেত্ৰ হিচাপে গড় লৈ উঠিব।পাৰে ।


Conclusion:লিপিকা ডেকা, গুৱাহাটী

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.