গৰুখুটিৰ ঘটনাৰ পোটক তুলিব পাৰে ISI-এ : অসম আৰক্ষীৰ ৰেড এলাৰ্ট

author img

By

Published : Oct 17, 2021, 10:47 PM IST

Updated : Oct 18, 2021, 10:25 AM IST

isis targated assam
isis targated assam ()

আই এছ আই (ISI) আৰু সন্ত্ৰাসবাদী সংগঠন অল-কায়েদাই অসমত যিকোনো সময়তে ভয়ংকৰ কূটাঘাট সংঘটিত কৰিব পাৰে বুলি আশংকা কৰিছে অসম আৰক্ষীয়ে । প্ৰতিখন জিলাৰে আৰক্ষী অধীক্ষক সকলক অধিক সতৰ্কতামূলক ব্যৱস্থা হাতত ল’বলৈ নিৰ্দেশ দিয়া হৈছে ।

গুৱাহাটী, ১৭ অক্টোবৰ : গৰুখুটিৰ উচ্ছেদৰ ঘটনাক আন্তৰ্জাতিক মঞ্চত এক সাম্প্ৰদায়িক ৰূপ দিবলৈ বিভিন্ন পক্ষই চেষ্টা চলাই থকাৰ সময়তে আই এছ আই (ISI) আৰু অল-কায়েদাৰ দৰে সন্ত্ৰাসবাদী সংগঠনে অসমত যিকোনো সময়তে ভয়ংকৰ কূটাঘাট সংঘটিত কৰিব পাৰে বুলি আশংকা কৰিছে অসম আৰক্ষীয়ে ।

যাৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা শনিবাৰে প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকলৈ জাৰি কৰা হৈছে জৰুৰী বেতাৰ বাৰ্তা । এককথাত ৰেড এলাৰ্ট জাৰি কৰিছে অসম আৰক্ষীয়ে । প্ৰতিখন জিলাৰে আৰক্ষী অধীক্ষক সকলক অধিক সতৰ্কতামূলক ব্যৱস্থা হাতত ল’বলৈ নিৰ্দেশ দিয়া হৈছে ৷

অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন নাথে দেওবাৰে এই সন্দৰ্ভত ইটিভি ভাৰতক কয় যে, প্ৰকৃততে পূজাৰ পূৰ্বে গুৱাহাটী মহানগৰীৰ লখৰাত বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ জব্দ কৰাৰ পিছতেই ৬ অক্টোবৰত সকলো আৰক্ষী অধীক্ষকলৈ সতৰ্কতামূলক জৰুৰী বাৰ্তা প্ৰেৰণ কৰা হৈছিল ৷ কালি অৰ্থাৎ শনিবাৰে পুনৰ আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ পৰা এই জৰুৰী নিৰ্দেশ জাৰি কৰা হয় ।

উল্লেখযোগ্য যে অলপতে আই এছ আয়ে কাশ্মীৰক লৈ এটা ভিডিঅ' প্ৰকাশ কৰিছিল, য’ত অসমত মুছলমানৰ ওপৰত চলা আক্ৰমণৰ পোটক তোলা হ’ব বুলি হুংকাৰ দিছিল । একেদৰে বিশ্বৰ ইছলামিক ৰাষ্ট্ৰ সমূহৰ ঐকমঞ্চ অ' আই চিয়েও অসমৰ গৰুখুটিৰ উচ্ছেদৰ ঘটনাক সাম্প্ৰদায়িক ৰূপ দি বিশ্বজুৰি অপপ্ৰচাৰ চলাইছিল ।

লগতে পঢ়ক : অশ্ৰুসিক্ত নয়নেৰে পুনৰ উচ্ছেদ নোহোৱাৰ বাবে দোৱা কৰিছে আজমলে

Last Updated :Oct 18, 2021, 10:25 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.