ETV Bharat / city

ভাৰত জোড়ো যাত্ৰাক কমেডী আখ্যা দি অসমৰ মুছলমানক দেশপ্ৰেমী বুলিলে মুখ্য়মন্ত্ৰী শৰ্মাই

author img

By

Published : Sep 7, 2022, 8:37 PM IST

Updated : Sep 7, 2022, 9:11 PM IST

যিবোৰ মাদ্ৰাছা ভাঙি দিয়া হৈছে সেইবোৰ আল কায়দাৰ কাৰ্যালয় আছিল (Himanta Biswa Sarma on Madrasa eviction) । এতিয়া ৰাইজে সকলো বুজিছে । অসমৰ মুছলমান দেশপ্ৰেমী । গুৱাহাটীত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

Himanta Biswa Sarma on Madrasa eviction
Himanta Biswa Sarma on Madrasa eviction

গুৱাহাটী, 7 ছেপ্টেম্বৰ: কংগ্ৰেছৰ ভাৰত জোড়ো কাৰ্যসূচীক কমেডী আখ্যা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam cm terms Bharat jodo Yatra as comedy)। বুধবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ১৯৪৭ চনত দেশ বিভাজন কৰা কংগ্ৰেছে এই যাত্ৰা ভাৰতত কৰাৰ প্ৰয়োজন নাই । পাকিস্তান-বাংলাদেশক জড়িত কৰাৰ বাবে কৰিব পাৰে । অখণ্ড ভাৰতত এই কাৰ্যসূচীৰ কোনো প্ৰয়োজন নাই বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Himanta Biswa on Bharat Jodo yatra)।

তেওঁ লগতে কয় যে, দেশ বিভাজনৰ সিদ্ধান্ত লোৱা কংগ্ৰেছে পূৰ্বৰ ভুলৰ বাবে ক্ষমা খোজা উচিত । কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ আৰু শিলচৰৰ পৰা গুজৰাটলৈ দেশৰ অখণ্ডতাক লৈ কোনো ধৰণৰ প্ৰশ্ন নাই । ৰাহুল গান্ধীয়ে যদি ককাকে কৰা দেশ বিভাজনক লৈ অনুশোচনাত ভুগি এতিয়া ঠিক কৰিব খুজিছে তাত ক’ব লগা একো নাই বুলিও কয় মুখ্যমন্ত্ৰী শৰ্মাই ।

অসমৰ মুছলমানক দেশপ্ৰেমী বুলিলে মুখ্য়মন্ত্ৰী শৰ্মাই

ইয়াৰ বাবে পাকিস্তান-বাংলাদেশলৈ গৈ ৰাহুল গান্ধীয়ে দেশ যুক্ত কৰক বুলি তেওঁ কয় ।

আনহাতে, জয়ৰাম ৰমেশ সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, কোন হয় জয়ৰাম ৰমেশ ? অসমীয়া নেকি জয়ৰাম ৰমেশ বুলি প্ৰশ্ন কৰি তেওঁ কয়, ‘‘কোনো জয়ৰাম ৰমেশৰ সৈতে মোৰ সম্পৰ্ক নাই । এতিয়া আৰু কোনে খবৰ ৰাখে কংগ্ৰেছত কোন নেতা আছে’’ ।

ইফালে মাদ্ৰাছা সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয় যে, যিবোৰ মাদ্ৰাছা ভাঙি দিয়া হৈছে সেইবোৰ আল কায়দাৰ কাৰ্যালয় আছিল (Himanta Biswa Sarma on Jihadi) । এতিয়া ৰাইজে সকলো বুজিছে । বাংলাদেশৰ জেহাদী সংগঠনৰ সদস্যই বাহৰ পতা মাদ্ৰাছা ৰাইজে নিজে ভাঙি দিছে । এতিয়া ৰাইজে নিজে ভাঙিবলৈ লৈছে তেনে মাদ্ৰাছা । ইয়াত কোনো আইন-শৃংখলা পৰিস্থিতি উদ্ভৱ নহয় । মুছলমান ৰাইজে ভাঙিছে মাদ্ৰাছা । তেওঁ লগতে কয় যে, অসমৰ মুছলমান দেশপ্ৰেমী ।

লগতে পঢ়ক: নতুন মোল্লাই পিয়াজ বেছিকৈ খাই: হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ ভূপেশ বাঘেলৰ

Last Updated : Sep 7, 2022, 9:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.