ETV Bharat / city

গুৱাহাটী ৰে’লৱে ষ্টেচনত সোণ সহ গ্ৰেপ্তাৰ এজন

author img

By

Published : Jan 24, 2020, 9:33 PM IST

গুৱাহাটী ৰে’লৱে আৰক্ষীৰ নিয়মীয়া তালাচীত গ্ৰেপ্তাৰ সোণৰ বিস্কুট সহ এজন পশ্চিমবংগৰ লোক ৷ ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছৰ পৰা গ্ৰেপ্তাৰ লোকজন ৷

গুৱাহাটী ৰে’লৱে ষ্টেচনত সোণ সহ গ্ৰেপ্তাৰ এজন
গুৱাহাটী ৰে’লৱে ষ্টেচনত সোণ সহ গ্ৰেপ্তাৰ এজন

গুৱাহাটী, 24 জানুৱাৰীঃ ৰাজ্যত অব্যাহত আছে চোৰাং সৰবৰাহ কাৰ্যসূচী ৷ শুকুৰবাৰে গুৱাহাটী ৰে’লৱে ষ্টেচনত সোণৰ বিস্কুট সহ গ্ৰেপ্তাৰ হ’ল এজন সৰবাৰহকাৰী ৷

গ্ৰেপ্তাৰ পশ্চিমবংগৰ প্ৰহ্লাদ কুমাৰ দাস
গ্ৰেপ্তাৰ পশ্চিমবংগৰ প্ৰহ্লাদ কুমাৰ দাস

গুৱাহাটী ৰে’ল আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযানত নামনিমুৱা ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছ ৰে’লৰ কোচ নম্বৰ A-2 ৰ 20 নম্বৰ চিটৰ পৰা প্ৰহ্লাদ কুমাৰ দাস (পশ্চিমবংগ) নামৰ লোকজনৰ পৰা প্ৰায় 700 গ্ৰাম ওজনৰ সোণৰ 12 খন বিস্কুট জব্দ কৰিবলৈ সক্ষম হয় ৰে’ল আৰক্ষীয়ে ।

সোণৰ বিস্কুট সহ গ্ৰেপ্তাৰ এজন

জানিব পৰা মতে, জব্দ কৰা সোণৰ বিস্কুটৰ কেইটাৰ আনুমানিক বজাৰ মূল্য হ’ব প্ৰায় 30 লাখ টকা । ৰে’ল আৰক্ষীয়ে জানিবলৈ দিয়া মতে, উক্ত সোণৰ বিস্কুট কেইখন ত্ৰিপুৰাৰ পৰা নিউ জালপাইগুৰি লৈ যোৱাৰ চেষ্টা চলোৱা হৈছিল ৷ বৰ্তমান এই সম্পৰ্কে এক নিজাববীয়া গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৰে’ল আৰক্ষীয়ে ।

Intro:গুৱাহাটী ৰেলৱে ষ্টেচনত সোণসহ গ্ৰেপ্তাৰ এজন


Body:শুকুৰবাৰে গুৱাহাটী ৰেল আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযানত নামনিমুৱা ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছ
ৰেলৰ কোচ নম্বৰ A-2ৰ 20 নম্বৰ চিটৰ পৰা প্ৰহ্লাদ কুমাৰ দাস (পশ্চিমবংগ) পৰা প্ৰায় 700 গ্ৰাম ওজনৰ সোণৰ বৰাহখন বিস্কুট জব্দ কৰে। জব্দ কৰা সোণৰ বিস্কুটৰ মূল্য প্ৰায় 30 লাখ টকা। ৰেল আৰক্ষীয়ে জানিবলৈ দিয়া মতে উক্ত সোণৰ বিস্কুট কেইখন ত্ৰিপুৰা পৰা নিউ জালপাইগুৰি লৈ যোৱা হৈছিল।



বাইট- ৰেল আৰক্ষী বিষয়া, ৰঞ্জিত দাস




Conclusion:এই সম্পৰ্কে ৰেল আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।


Asrar Ansari
গুৱাহাটী

RTO Assames and Hindi
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.