ETV Bharat / city

COVID-19 : গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰী কৰিলে অধিসূচনা

author img

By

Published : Mar 15, 2020, 10:55 PM IST

কৰ'ণা ভাইৰাছক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰী কৰিছে গুৰুত্বপূৰ্ণ অধিসূচনা ৷

গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰী কৰিলে অধিসূচনা
গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰী কৰিলে অধিসূচনা

গুৱাহাটী, 15 মাৰ্চ : মাৰাত্মক ৰূপ ধাৰণ কৰা কৰ'ণা ভাইৰাছক লৈ সজাগ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয় ৷ ইতিমধ্যে ইয়াক লৈ ন্যায়ালয়ে অধিসূচনা জাৰী কৰিছে ৷

গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰী কৰিলে অধিসূচনা
ন্যায়ালয়ে জাৰী কৰা অধিসূচনাটো

সেই অনুসৰি, কেৱল জৰুৰী গোচৰৰ শুনানিহে গ্ৰহণ কৰা হ'ব আদালতত ৷ আদালত কক্ষত অধিবক্তা, গোচৰৰ লগত জড়িত পক্ষৰ বাহিৰে আনে প্ৰৱেশ কৰিব নোৱাৰিব ৷ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত কোনো বিদেশী নাগৰিকে আদালত চৌহদ অথবা কাৰ্যালয়ত প্ৰৱেশ কৰিব নোৱাৰিব ৷

গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰী কৰিলে অধিসূচনা
ন্যায়ালয়ে জাৰী কৰা অধিসূচনাটো

আনহাতে কৰ'ণা ভাইৰাছক লৈ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে অসম ৰাজ্যিক চিৰিয়াখানাই ৷ সেই অনুসৰিয়ে অহা 16 মাৰ্চৰ পৰা 29 মাৰ্চলৈ দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি দিয়া হৈছে চিৰিয়াখানা ৷

গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰী কৰিলে অধিসূচনা
বন্ধ থাকিব ৰাজ্যিক চিৰিয়াখানা

উল্লেখ্য যে, সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ ধাৰণ কৰা COVID-19ৰ ত্ৰাসত এতিয়ালৈকে বহু লক্ষাধিক লোকে প্ৰাণ ত্যাগ কৰিছে ৷ ভাৰততো এতিয়ালৈকে 107জন লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ লগতে কৰ্ণাটক আৰু দিল্লীত দুজনকৈ লোক নিহত হৈছে ৷ ভাৰতে ইতিমধ্যেই ইয়াৰ সৈতে সংলগ্ন ম্যানমাৰ, ভূটান, বাংলাদেশ আৰু চীনৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত বন্ধ কৰি দিয়াৰ লগতে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আদিও বন্ধ কৰি দিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.