ETV Bharat / city

এফালে বানৰ ৰুদ্ৰমূৰ্তি আনফালে কোভিড আতংকঃ প্ৰকৃতিৰ ৰোষত ৰাজ্য

author img

By

Published : Jun 29, 2020, 10:18 PM IST

ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ ইতিমধ্যে ৰাজ্য চৰকাৰে বেছিভাগ বিভাগৰে বিষয়া কৰ্মীয়ে কোভিড-19ৰ কামত লাগি থকাৰ সমান্তৰালকৈ ৰাজ্যত বৃদ্ধি পাইছে বানৰ প্ৰকোপ ৷ ইটিভি ভাৰতৰ এক প্ৰতিবেদন ৷

এফালে বানৰ ৰুদ্ৰমূৰ্তি আনফালে কোভিড আতংকঃ প্ৰকৃতিৰ ৰোষত ৰাজ্য
এফালে বানৰ ৰুদ্ৰমূৰ্তি আনফালে কোভিড আতংকঃ প্ৰকৃতিৰ ৰোষত ৰাজ্য

গুৱাহাটী, 29 জুন : বান, গৰাখহনীয়া, কোভিড সকলোৱে যেন একেলগে একে সময়তে হেঁচা মাৰি ধৰিছে ৰাজ্যবাসীক ৷ ৰাজ্যৰ 23 খনকৈ জিলা ইতিমধ্যে বানৰ কৰাল গ্ৰাসত পৰিছে । এই পৰ্যন্ত বানৰ ফলত প্ৰায় 20 গৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো‌ হৈছে- বানাক্ৰান্তৰ‌ বাবে স্থাপন কৰা আশ্ৰয় শিবিৰসমূহত এই কোভিড কালত স্বাস্থ্যজনিত সকলো নীতি নিয়ম মানি চলাটো । যি মুঠেও সম্ভৱ নহয় । কোভিড সুৰক্ষা নীতি অনুসৰি, সকলো আশ্ৰয় শিবিৰতে সামাজিক দূৰত্ব মানি চলাৰ পৰা আৰম্ভ কৰি মাস্ক পৰিধান কৰাটো নিশ্চিত কৰা হ'ব বুলি ইতিমধ্যে চৰকাৰীভাবে ঘোষণা কৰা হৈছিল যদিও কাৰ্যতঃ অধিকাংশ ঠাইতে তেনে হোৱাটো‌ পৰিলক্ষিত হোৱা নাই ।

প্ৰকৃতিৰ ৰোষত পৰিছে ৰাজ্য

ৰাজ্যত বানৰ‌ কৱলত পৰা 23 খন জিলা ক্ৰমে ধেমাজি, লখিমপুৰ, বিশ্বনাথ চাৰিআলি, ওদালগুৰি, দৰং, নলবাৰী, বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কামৰূপ, মৰিগাঁও, হোজাই, নগাঁও, গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলঙৰ ভিতৰত মুঠ 12 খন জিলাত ইতিমধ্যে 193 টা আশ্ৰয় শিবিৰ মুকলি কৰা হৈছে । ইয়াৰে‌ সৰ্বাধিক 83 টা শিবিৰ কেৱল তিনিচুকীয়া জিলাতে স্থাপন কৰা হৈছে ।

বাঘজান দীঘলতৰং এম ই স্কুলত স্থাপন কৰা আশ্ৰয় শিৱিৰ
বাঘজান দীঘলতৰং এম ই স্কুলত স্থাপন কৰা আশ্ৰয় শিৱিৰ

তিনিচুকীয়া জিলাৰ বিপদ সম্প্ৰতি আন বানাক্ৰান্ত জিলা সমূহতকৈ বহুগুণে বেছি আৰু পৃথক । বাঘজানৰ তৈলখাদত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ বাবে‌ দাতিকাষৰীয়া গাঁওসমূহৰ ৰাইজক বিভিন্ন আশ্ৰয়‌ শিৱিৰত ৰখা হৈছিল । শিবিৰত থকা অৱস্থাতে ইয়াৰে অধিকাংশ লোকৰ বাসগৃহ বানৰ কৱলত পৰে । এফালে জুই আনফালে বানপানী । তাৰ মাজত‌ কোভিড সন্ত্ৰাস । এক অবৰ্ণনীয় অৱস্থা । য'ত বতাহৰ লগত মিলি গৈছে আশ্ৰয় শিবিৰত মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব মানি চলা আদিৰ দৰে ‌কথাবিলাক ।

বাঘজান দীঘলতৰং এম ই স্কুলত স্থাপন কৰা আশ্ৰয় শিৱিৰ
বাঘজান দীঘলতৰং এম ই স্কুলত স্থাপন কৰা আশ্ৰয় শিৱিৰ

শেহতীয়াকৈ ইটিভি ভাৰতৰ হাতত আহি পৰিছে বাঘজান দীঘলতৰং এম ই স্কুলত স্থাপন কৰা আশ্ৰয় শিৱিৰৰ কেইখনমান ফটোগ্ৰাফ । যিকেইখন ফটোগ্ৰাফে বৰ্ণনা কৰে বৰ্তমানৰ পৰিবেশ । মাস্ক, সামাজিক দূৰত্ব যে চৰকাৰৰ ভাষণৰ বাহিৰে আন একো নহয় সেয়া ইয়াৰ পৰাই স্পষ্ট হৈ পৰে । সম্প্ৰতি বিভিন্ন আশ্ৰয় শিৱিৰ পৰিভ্ৰমণ কৰি থকা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহনে এই সন্দৰ্ভত ইটিভি ভাৰতৰে হোৱা টেলিফোনিক বাৰ্তালাপত কয় যে বিষয়টো তেওঁৰো দৃষ্টিগোচৰ হৈছে আৰু ইতিমধ্যে তিনিচুকীয়া জিলা প্ৰশাসনক এই বিষয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

যোগেন মোহনৰ সৈতে ইটিভি ভাৰতৰ বাৰ্তালাপ

অৱশ্যে দেওবাৰে তেওঁ ডিব্ৰুগড় জিলাৰ লাহোৱালকে ধৰি কেইবাটাও অঞ্চলৰ বান শিৱিৰ পৰিদৰ্শন কৰা সময়ত কোভিড-19ৰ সুৰক্ষা নীতি মানি চলাটো দৃষ্টিগোচৰ হয় বুলিও মন্তব্য কৰে । উল্লেখ্য যে এতিয়ালৈকে 23 খন জিলাৰ 67 টা ৰাজহ চক্ৰ বানৰ কৱলত পৰিছে । 2,071 খন গাঁও আক্ৰান্ত হৈছে বানত । বানত নষ্টত হৈছে প্ৰায় 68,806.73 হেক্টৰ কৃষিভূমি । 9,26,059 গৰাকী লোক এই বানত ক্ষতিগ্ৰস্ত হৈছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 183 টা শিৱিৰৰ ভিতৰত 90টা শিৱিৰ ক্ষতিগ্ৰস্ত হৈছে । 5,86,407 টাকৈ জীৱ জন্তু এই বানত এতিয়ালৈকে উটি গৈছে ।

এনে অৱস্থাত ৰাজ্যবাসীৰ বাবে চলিত সময়খিনি খুবেই কঠিন হিচাপে ঠিয় দিছে ৷ কিন্তু সময় যিমানেই কঠিন নহ'লেও ৰাইজে সজাগ হৈ সকলো নীতি নিয়ম পালন কৰি এইসমূহ সমস্যাৰ বিৰুদ্ধে যুঁজ দি যাব লাগিব ৷

লগতে পঢ়কঃ পাকিস্তান ষ্টক এক্সচেঞ্জত সন্ত্ৰাসবাদীৰ আক্ৰমণ, 9 নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.