ETV Bharat / city

গৰুখুটিকাণ্ডৰ ন্যায়িক তদন্ত আয়োগ গঠন চৰকাৰৰ

author img

By

Published : Oct 3, 2021, 7:25 PM IST

enquiry-commission-on-garukhuti-incident
গৰুখুটিকাণ্ডৰ ন্যায়িক তদন্ত আয়োগ গঠন চৰকাৰৰ

গৰুখুটিকাণ্ডৰ ন্যায়িক তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি ডি আগৰৱালাক ন্যস্ত কৰা হৈছে তদন্তৰ দায়িত্ব ৷

গুৱাহাটী, ৩ অক্টোবৰ : অৱশেষত গৰুখুটিকাণ্ডৰ ন্যায়িক তদন্ত ঘোষণা কৰিলে ৰাজ্য চৰকাৰে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি ডি আগৰৱালাক এই তদন্তৰ দায়িত্ব ন্যস্ত কৰা হৈছে । উল্লেখযোগ্য যে ছিপাঝাৰৰ গৰুখুটিত উচ্ছেদ চলাবলৈ যোৱা আৰক্ষী বাহিনীৰ ওপৰত বহু বেদখলকাৰীয়ে অস্ত্ৰ শস্ত্ৰৰে সজ্জিত হৈ আক্ৰমণ চলাইছিল ।

আক্ৰমণকাৰীক প্ৰতিহত কৰিবলৈ আৰক্ষীয়ে চলোৱা গুলিত দুজনকৈ বেদখলকাৰী নিহত হোৱাৰ উপৰি বেদখলকাৰীৰ আক্ৰমণত আৰক্ষীৰ কেইবাজনো জোৱান গুৰতৰভাৱে আহত হৈছিল । এই সমস্ত ঘটনাৰ আৰত এক তৃতীয় শক্তি জড়িত আছিল বুলি বিভিন্ন পক্ষই মত প্ৰকাশ কৰি আহিছে । আনকি, স্বয়ং ৰাজ্য চৰকাৰেও এই সন্দেহ ব্যক্ত কৰিছে এই সন্দৰ্ভত ।

গতিকে গৰুখুটিৰ উক্ত ঘটনা যথাযথভাবে তদন্ত কৰিবলৈ চৰকাৰে গঠন কৰি দিয়ে ন্যায়াধীশ বি ডি আগৰৱালাৰ নেতৃত্বত এজনীয়া আয়োগখন ।

লগতে পঢ়ক : দুখীয়া লোকক ন্যায় দিয়াত ব্যৰ্থ নেকি আৰক্ষী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.