সহস্ৰাধিক সন্দেহজনক নাগৰিকৰ তালিকা উলিয়ালে NRC কৰ্তৃপক্ষই

author img

By

Published : Nov 18, 2021, 5:03 PM IST

NRC

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হোৱা ১,০৩২ গৰাকী সন্দেহযুক্ত লোকৰ নামৰ তালিকা ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছে এন আৰ চি কৰ্তৃপক্ষই ৷ এই লোকসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা হাতত লবলৈও উপায়ুক্তসকলক দিয়া হৈছে নিৰ্দেশনা ৷

গুৱাহাটী, ১৮ নৱেম্বৰঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হোৱা এহেজাৰৰো অধিক সন্দেহজনক নাগৰিকক চিনাক্ত কৰিছে এন আৰ চি কৰ্তৃপক্ষই ৷ ইতিমধ্যে এনে ১,০৩২ গৰাকী সন্দেহযুক্ত লোকৰ নামৰ তালিকা প্ৰস্তুত কৰি ভাগে ভাগে ঠিকনা অনুযায়ী সেই নামসমূহ এন আৰ ‌চি কৰ্তৃপক্ষৰ ফালৰ পৰা জিলা উপায়ুক্তসকললৈ প্ৰেৰণ কৰা হৈছে আৰু এইসকল লোকক বিচাৰি উলিয়াবলৈ কোৱা হৈছে ৷

তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত কৰা এক প্ৰশ্নৰ উত্তৰত এই তথ্যখিনি জানিবলৈ দিয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ে । লগতে এই বুলিও কোৱা হৈছে যে ইতিমধ্যে এই লোকসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা হাতত লবলৈও উপায়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে ৷

মনকৰিবলগীয়া যে, এইখন এন আৰ চিত কেইবালাখো বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈ আছে বুলি বিভিন্ন দল সংগঠনে অভিযোগ উত্থাপন কৰি আহিছে ৷ আনকি শাসকীয় বিজেপি দল আৰু চৰকাৰেও এই এন আৰ চিখনক এশ শতাংশই শুদ্ধ বুলি মানি লোৱা নাই ৷

ইপিনে এন আৰ চিৰ সম্পূৰ্ণ বাজেট সন্দৰ্ভত ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ৰ ফালৰ পৰা জনোৱা হৈছে যে, ইয়াৰ বাজেট আছিল ১,৬০২.৬৬ কোটি টকা ৷ ২০২১ বৰ্ষৰ বাজেটত ৰাজ্য চৰকাৰে এন আৰ চিৰ বাবে ১০.০৭ কোটি টকা ধাৰ্য কৰিছিল । ২০২০ বৰ্ষত কেন্দ্ৰ বা ৰাজ্য চৰকাৰ কোনেও এন আৰ চিৰ বাবে অতিৰিক্ত ধন আৱন্টন দিয়া নাছিল ।

লগতে পঢ়ক: অসম চুক্তিৰ দফাসমূহ ৰূপায়ণৰ বাবে চৰকাৰ বদ্ধপৰিকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.