ETV Bharat / city

প্ৰধানমন্ত্রীৰ টেলিফোনে অসমৰ বান সমস্যা সমাধান কৰিব নেকি: দেবব্ৰত শইকীয়া

author img

By

Published : Jun 18, 2022, 8:16 PM IST

শনিবাৰে এক সংবাদমেল আয়োজন কৰি নৰেন্দ্ৰ মোদীয়ে শনিবাৰে পুৱা ৬ বজাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ফোন যোগে অসমৰ বানপানীৰ খা-খবৰ লোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই (Devabrata Saikia reaction to Prime Minister Narendra Modis call to Assam CM) ।

Debabrata Saikia reacts on PM Narendra Modi calling up Assam CM
প্ৰধানমন্ত্রীৰ টেলিফোনে অসমৰ বান সমস্যা সমাধান কৰিব নেকি : বিৰোধী দলপতি

গুৱাহাটী,১৮ জুন: "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টেলিফোন যোগে খবৰ ল'লেই কি অসমৰ ভয়াৱহ বানপানীৰ সমস্যা সমাধান হ'ব ?" শনিবাৰে এক সংবাদমেল আয়োজন কৰি এই প্ৰশ্ন উত্থাপন কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই (Devabrata Saikia reaction to Prime Minister Narendra Modis call to Assam CM) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে পুৱা ৬ বজাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ফোনযোগে অসমৰ বানপানীৰ খা-খবৰ লোৱা সন্দৰ্ভত (PM enquire about Assam flood situation) এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি শইকীয়াই (Assam Leader of Opposition Debabrata Saikia) ।

প্ৰধানমন্ত্রীৰ টেলিফোনে অসমৰ বান সমস্যা সমাধান কৰিব নেকি : বিৰোধী দলপতি

প্ৰধানমন্ত্ৰীয়ে পুৱাতে খবৰ লোৱাটো ভাল কথা যদিও মাথো খবৰ ল'লেই বানপানী সমস্যাৰ সমাধান নহয় বুলি মন্তব্য কৰে বিৰোধী দলপতিগৰাকীয়ে ৷ লগতে ২০২০-২১ চনত অসম চৰকাৰে কেন্দ্ৰৰ পৰা ২,৬৪২ কোটি টকা বান সাহায্য বিচাৰিছিল যদিও মাত্ৰ ৪৫ কোটি টকাহে কেন্দ্ৰীয় চৰকাৰে আৱণ্টন দিয়ে বুলি মন্তব্য কৰে বিৰোধী দলপতিগৰাকীয়ে ।

সেইদৰে ২০২১-২২ চনত অসমে ১০১৮ কোটি টকা কেন্দ্ৰৰ পৰা বিশেষ বান সাহায্য হিচাপে বিচাৰিছিল যদিও দিলে মাত্ৰ ৫১ কোটি টকাহে । ইয়াৰ বিপৰীতে আন আন ৰাজ্যই কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা অসমতকৈ বহু বেছি পৰিমাণে বান সাহায্য লাভ কৰিছিল বুলিও উল্লেখ কৰে বিৰোধী দলপতিগৰাকীয়ে ।

শেহতীয়া বানত অসমত ৫৪ জনৰো অধিক লোকৰ মৃত্যু হৈছে আৰু ব্যাপক ক্ষয়-ক্ষতি হৈছে (Flood in Assam) । এই বিপদৰ সময়ত অসম চৰকাৰে কেন্দ্ৰৰ পৰা বান সাহায্য দাবী কৰিব লাগে বুলি উল্লেখ কৰি কমেও ২০ হাজাৰ কোটি টকা কেন্দ্ৰই দিব লাগে বুলি তেওঁ মন্তব্য কৰে । তেওঁ লগতে কয় যে বিজেপি চৰকাৰৰ অন্যতম প্ৰতিশ্ৰুতি আছিল অসমক বানমুক্ত কৰা । তেনেস্থলত কেন্দ্ৰই পুঁজিৰ আবণ্টন দিব লাগে বুলি তেওঁ কয় ।

লগতে পঢ়ক: আজি বানবিধ্বস্ত অ়়ঞ্চললৈ মুখ্যমন্ত্ৰী: ফোনযোগে অসমৰ বান পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.