ETV Bharat / city

উন্মুক্ত সীমান্তই অসমলৈ কঢ়িয়াই আনিছে ভাবুকি

author img

By

Published : Apr 29, 2022, 7:24 PM IST

অসম-বাংলাদেশ সীমান্তৰ ৭৩ কিলোমিটাৰ এলেকা এতিয়াও উন্মুক্ত । এই উন্মুক্ত অঞ্চল পৰিণত হৈছে চোৰাং ব্যৱসায়ী, জেহাদী, মৌলবাদীৰ ভূ-স্বৰ্গত (Crime in Indo Bangladesh border) । অসম-বাংলাদেশ সীমান্তৰ মুঠ ২৬৩ কিলোমিটাৰৰ ভিতৰত এতিয়ালৈকে প্রায় ১৯০ কিলোমিটাৰ এলেকাতহে প্ৰকৃতাৰ্থত সম্পূৰ্ণৰূপে কাঁইটীয়া তাঁৰৰ বেৰা দিয়া হৈছে । ৭৩ কিলোমিটাৰ এলেকা এতিয়াও উন্মুক্ত। এই উন্মুক্ত এলেকাৰ অধিকাংশ এলেকা নদী অঞ্চল ।

threat to Assam
উন্মুক্ত সীমান্তই অসমলৈ কঢ়িয়াই আনিছে ভাবুকি

গুৱাহাটী, ২৯ এপ্রিল : অসমত শেহতীয়াকৈ জেহাদীৰ উত্থানকে ধৰি জালনোট তথা চোৰাং কাৰবাৰৰ বিশাল নেটৱৰ্ক গঢ় লৈ উঠিছে (Fake currency racket in Assam) । বিশেষকৈ অসম-বাংলাদেশ সীমান্তৰ বিশাল এলেকা আজিও উন্মুক্ত হৈ থকাৰ পৰিপ্ৰেক্ষিতত এনেবোৰ কাৰ্যকলাপে গা কৰি উঠিছে । লক্ষণীয় বিষয় যে, অসম চুক্তি স্বাক্ষৰ হোৱাৰ ৩৭ বছৰ (Years after signing Assam accord) হ’ল যদিও আজিও চুক্তি অনুসৰি বাংলাদেশ সীমান্ত ছীল নহ'ল (Indo Bangladesh border issue remain unsolved) । এতিয়াও অসম-বাংলাদেশ সীমান্তৰ বৃহৎ এলেকা উন্মুক্ত হৈ আছে ।

উন্মুক্ত এই সীমান্তৰে ভাৰতত জেহাদীয়ে প্ৰৱেশ কৰিবলৈ সক্ষম হোৱাৰ উপৰিও অব্যাহত আছে চোৰাং বেপাৰ। সীমান্ত অঞ্চল এতিয়া চোৰাং ব্যৱসায়ীৰ ভূ-স্বৰ্গ হৈ পৰিছে। তথ্য অনুসৰি অসম-বাংলাদেশ সীমান্তৰ দৈৰ্ঘ্য হ’ল মুঠ ২৬৩ কিলোমিটাৰ। ইয়াৰ ভিতৰত এতিয়ালৈকে প্রায় ১৯০ কিলোমিটাৰ এলেকাতহে প্ৰকৃতাৰ্থত সম্পূৰ্ণৰূপে কাঁইটীয়া তাঁৰৰ বেৰা দিয়া হৈছে । বাকী ৭৩ কিলোমিটাৰ এলেকা এতিয়াও উন্মুক্ত হৈয়ে আছে । অৱশ্যে উন্মুক্ত এলেকাৰ অধিকাংশ এলেকা নদী অঞ্চল হোৱাৰ লগতে আন কিছু অংশ স্থল এলেকা ।

উন্মুক্ত এলেকাসমূহৰ ভিতৰত ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ ছেক্টৰৰ ৮.৩৫৬ কিলোমিটাৰ এলেকাত ভৌগোলিক কাৰণত কাঁইটীয়া তাঁৰৰ বেৰা দিয়া সম্ভৱত নোহোৱাৰ বাবে উক্ত অঞ্চল উন্মুক্ত হৈয়ে আছে । আনহাতে কৰিমগঞ্জ জিলাৰো ৪.৩৫ কিলোমিটাৰ এলেকাত বাংলাদেশৰ বিৰোধিতাৰ বাবে আজিলৈকে কাঁইটীয়া তাঁৰৰ বেৰা দিয়া সম্ভৱ হৈ উঠা নাই । তদুপৰি নদী এলেকাত থকা ৬০.৫৬৪ কিল'মিটাৰ অঞ্চল এতিয়াও সম্পূৰ্ণৰূপে উন্মুক্ত হৈ আছে ।

কেন্দ্ৰীয় চৰকাৰে নদী এলেকা সুৰক্ষাৰ বাবে উন্নত প্রযুক্তিৰ আধুনিক কেমেৰা স্থাপনকে ধৰি কেতবোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰিছিল যদিও প্ৰকৃতাৰ্থত আজিলৈকে নদী এলেকা সুৰক্ষিত হৈ নুঠিল । ইফালে সীমান্ত নিৰাপত্তাৰ দায়িত্বত থকা বিএছএফৰ হেমাহিৰ বাবেই নদী এলেকা এতিয়া হৈ পৰিছে চোৰাং ব্যৱসায়ীৰ ভূ-স্বৰ্গ । প্রতিদিনেই নদী এলেকাৰে বাংলাদেশলৈ চোৰাংভাৱে গৰু, ড্ৰাগছৰ পৰা আৰম্ভ কৰি চাউললৈকে সৰবৰাহ হৈ আছে (Crime in Indo Bangladesh border) ।

উল্লেখ্য যে, ভাৰত-বাংলাদেশ সীমান্তৰ মুঠ দৈৰ্ঘ্য হৈছে ৪০৯৬.৭০ কিলোমিটাৰ । ইয়াৰ ভিতৰত ৩১৪০.০৩২ কিলোমিটাৰ এলেকাতহে এতিয়ালৈকে কাঁইটীয়া তাঁৰৰ বেৰা দিয়াৰ কাম সমাপ্ত হৈছে । বাকী ৯৫৬.৬৬৮ কিলোমিটাৰ এলেকা আজিও উন্মুক্ত হৈ আছে । ইফালে সীমান্ত এলেকা উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা ধন অসমে সময়ত ব্যয় নকৰাৰ অভিযোগ উত্থাপন হৈছে । যাৰ ফলত বিগত দুটা বিত্তীয় বৰ্ষত কেন্দ্ৰই অসমক উক্ত শিতানত ধন প্রদান কৰা নাই ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ২০১৮-১৯ বিত্তীয় বৰ্ষ আৰু ২০১৯-২০ বিত্তীয় বৰ্ষত অসমক সীমান্ত এলেকা উন্নয়নৰ বাবে মুঠ ১১২.৮০ কোটি প্ৰদান কৰা হৈছিল যদিও উক্ত ধনৰ ভিতৰত ব্যয় হ’ল মাত্র ৭৭.৪৫ কোটি টকাহে । ফলত শেহতীয়া দুটা বৰ্ষ ধন লাভৰ পৰা বঞ্চিত হৈ আছে অসম । ইফালে অপৰাধীৰ ভূ-স্বৰ্গ হৈ পৰা ভাৰত-বাংলাদেশ সীমান্ত চলিত বৰ্ষৰ প্ৰথম দুটা মাহতে সীমান্ত নিৰাপত্তাৰক্ষী বাহিনীয়ে ৪৩৪১ কেজি গাঞ্জা, ৩৬১ কেজি চাৰাছ আৰু প্রায় এক কেজি হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হৈছে ।

একেদৰে জব্দ কৰিছে শতাধিক গৰুও । ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে কিদৰে সীমান্ত অঞ্চলৰে চোৰাং সামগ্ৰী সৰবৰাহ হৈ আছে । মন কৰিবলগীয়া কথা যে ২০১৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ সময়ত বিজেপিৰ প্ৰধান এটা নির্বাচনী ইছ্যু আছিল অসম-বাংলাদেশ সীমান্ত ছীল কৰা । কিন্তু দুবাৰকৈ শাসনৰ গাদী লাভ কৰা বিজেপি চৰকাৰে এইক্ষেত্রত কোনো গুৰুত্ব প্ৰদান কৰা নাই । যাৰ বাবে আজিও উন্মুক্ত হৈ আছে অসম-বাংলাদেশ সীমান্তৰ বৃহৎ এলেকা । এনেদৰে সীমান্ত অঞ্চল উন্মুক্ত হৈ থকাৰ পৰিপ্ৰেক্ষিতত জেহাদী কাৰ্যকলাপকে ধৰি বিভিন্ন বে-আইনী কাৰ্যকলাপে অসমৰ বাবে ভাবুকি কঢ়িয়াই আনিছে ।
লগতে পঢ়ক : Scam in Mission Basundhara: বসুন্ধৰাৰ নামত ধন লৈ নিলম্বিত হ’ল জোনাইৰ মণ্ডল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.