ETV Bharat / city

শনিবাৰৰ পৰা অসমৰ ৬৫ স্থানত আৰম্ভ হ'ব ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী

author img

By

Published : Jan 15, 2021, 8:35 PM IST

শনিবাৰৰ পৰা অসমৰ ৬৫ টা স্থানত আৰম্ভ হ'ব ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী ৷ দিছপুৰৰ জনতা ভৱনত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত ঘোষণা কৰে এই কথা ।

হিমন্ত বিশ্ব শৰ্মা
হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, ১৫ জানুৱাৰীঃ কাইলৈ অৰ্থাৎ শনিবাৰৰ পৰা সমগ্ৰ দেশৰ লগতে অসমৰো ৬৫ টা স্থানত আৰম্ভ হ'ব ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী । আজি বিয়লি দিছপুৰৰ জনতা ভৱনত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত ঘোষণা কৰে এই কথা । উল্লেখযোগ্য যে, কাইলৈ পুৱা ১০.৩০ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাবে সমগ্ৰ দেশতে এই ভেকচিন প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব । প্ৰধানমন্ত্ৰীৰ এই শুভাৰম্ভনৰ ভাৰ্চুৱেল অনুষ্ঠানত পোনপটীয়াকৈ অসমৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু নগাঁও অসামৰিক চিকিৎসালয়তো সংযোজিত হ'ব বুলি মন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে ।

হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

অসমত সৰ্বমুঠ ২ লাখ ২১ হাজাৰ ড'জ ভেকচিন প্ৰদান কৰা হ'ব । ভেকচিন প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা COWIN নামৰ প'ৰ্টেলটোত নাম পঞ্জীয়ন কৰিব লাগিব । অসমত ইতিমধ্যে এই প'ৰ্টেলত ২ লাখ ১৯ হাজাৰ লোকৰ নাম পঞ্জীয়ন হৈছে । ইয়াৰে ১ লাখ ১৯ হাজাৰ লোককহে প্ৰথম পৰ্যায়ত কাইলৈৰ পৰা ভেকচিন প্ৰদান কৰা হ'ব বুলি ডঃ শৰ্মাই কয় ।

হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

প্ৰথম পৰ্যায়ৰ ভেকচিন প্ৰদানৰ বাবে চাৰিটা স্তৰ নিৰ্ধাৰণ কৰা হৈছে । ইয়াৰে প্ৰথম স্তৰত থাকিব চিকিৎসক, নাৰ্চ, স্বাস্থ্যকৰ্মী, এম্বুলেঞ্চ চালক আদি । তেওঁলোকক প্ৰথম পৰ্যায়ত ভেকচিন প্ৰদান কৰা হ'ব । দ্বিতীয় স্তৰত আৰক্ষী, নিৰাপত্তা বাহিনী আদিৰ লোকক ভেকচিন দিয়া হ'ব । তৃতীয় স্তৰত ভেকচিনৰ বাবে বাচনি কৰা হৈছে ৫০ বছৰ বয়সৰ উৰ্ধৰ লোকসকলক আৰু চতুৰ্থ স্তৰত ৫০ বছৰৰ তলৰ সেইসকল লোকক ভেকচিন দিয়া হ'ব যিসকল লোক আন কোনো গুৰুতৰ ৰোগত আক্ৰান্ত ।

হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া এই ভেকচিন প্ৰদান কাৰ্যসূচীত অসমত নিয়োজিত হ'ব ৮,৬৫১ গৰাকী নাৰ্চ আৰু ১৩০০ গৰাকী চিকিৎসক । আনহাতে, কাইলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰথমেই ভেকচিন দিয়া হ'ব ১২ জনকৈ চিকিৎসকক । তেওঁলোক হৈছে ডাঃ উমেশ শৰ্মা, ডাঃ ধ্ৰুৱজ্যোতি বৰা, ডাঃ ইলিয়াছ আলি, ডাঃ বিভাস গোস্বামী, ডাঃ সুভাষ খান্না, ডাঃ হৰ্ষ ভট্ট, ডাঃ ৰথিন্দ্ৰ নাথ ভূঞা, ডাঃ অনুপ বৰ্মন, ডাঃ অচ্যুৎ বৈশ্য, ডাঃ অভিজিৎ শৰ্মা, ডাঃ ব্ৰজেন লহকৰ আৰু ডাঃ মনোজ চৌধুৰী ।

লগতে পঢ়ক : উজনিৰ 7 খন জিলাৰ বাবে ডিব্ৰুগড় পালেহি ক'ভিচিল্ড ভেকচিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.