ETV Bharat / city

Covid 19 Update in Assam : বিগত এসপ্তাহৰ ভিতৰত হ্ৰাস পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা

author img

By

Published : Jan 31, 2022, 8:49 AM IST

Covid 19 Update in Assam
ক’ভিডৰ শেহতীয়া তথ্য

ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ ক্ৰমে হ্ৰাস পাইছে যদিও বৰ্তমানেও আঁতৰা নাই ইয়াৰ ভয়াৱহতা ৷ ৰাজ্যত এতিয়া বৃদ্ধিহে হৈছে ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা(Covid death toll in Assam) ৷ দেওবাৰে ৰাজ্যত 910 গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 20 জনৰ ৷ আনহাতে বৰ্তমানো সক্ৰিয় হৈ আছে 22,448 টা ঘটনা ৷

নিউজ ডেস্ক, 31 জানুৱাৰী : ৰাজ্যত দেওবাৰে পুনৰ নতুনকৈ 910 গৰাকী লোক ক’ভিডত আক্ৰান্ত হয় আৰু মৃত্যু হয় 20 জনৰ ৷ ইয়াৰ লগে লগে ৰাজ্যত ক‘ৰণাত সক্ৰিয় আক্ৰান্তৰ সংখ্যা(Covid active Cases in Assam) 7,14,595 গৰাকীলৈ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা 6,442 গৰাকীলৈ বৃদ্ধি পাইছে(Covid death toll in Assam) ৷ বৰ্তমান সংক্ৰিয় হৈ আছে 22,448 টা ঘটনা ৷ পজিটিভিটি হাৰ হৈছে 6.95% ৷

Covid 19 Update in Assam
ক’ভিডৰ শেহতীয়া তথ্য

কামৰূপ মহানগৰীত সৰ্বাধিক 357 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ৷ ইয়াৰ পাছতেই ক্ৰমে লখিমপুৰত 51 গৰাকী, বৰপেটাত 50 গৰাকী আৰু কামৰূপ গ্ৰাম্যত 40 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ৷ আনহাতে, কাছাৰ, কামৰূপ মহানগৰ, শোণিতপুৰ, তিনিচুকীয়াত 2 গৰাকীকৈ, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, দৰং, গোৱালপাৰা, গোলাঘাট, হোজাই, যোৰহাট, কামৰূপ গ্ৰাম্য, লখিমপুৰ আৰু ওদালগুৰিত এজনকৈ লোকৰ মৃত্যু হয় ক’ভিডত ৷

Covid 19 Update in Assam
ক’ভিডৰ শেহতীয়া তথ্য

ৰাজ্যত বৰ্তমানলৈকে 2,78,09,056 গৰাকী লোকৰ ক’ভিড পৰীক্ষণ কৰা হয় ৷ ইয়াৰে 7,14,595 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড 19ৰ অৱস্থিতি ৷ ৰাজ্যত সম্প্ৰতি আৰোগ্য লোকৰ হাৰ হৈছে 95.77% ৷ আনহাতে, বৰ্তমানলৈ 4,12,85,732 গৰাকী লোকক ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক : Assam municipal election 2022: পৌৰসভা নিৰ্বাচনক লৈ ডিব্ৰুগড়ত অগপ দলৰ তৎপৰতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.