ETV Bharat / city

গুৱাহাটীত পুনৰ জব্দ কয়লাভৰ্তি ট্ৰাক

author img

By

Published : Nov 12, 2019, 5:35 AM IST

গুৱাহাটীত পুনৰ জব্দ অবৈধ কয়লাভৰ্তি ট্ৰাক ৷ যোৰাবাট আৰক্ষীয়ে দৈনন্দিন তালাচীৰ সময়তে এখন কয়লাভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷

গুৱাহাটীত পুনৰ জব্দ কয়লাভৰ্তি ট্ৰাক

গুৱাহাটী, 11 নৱেম্বৰঃ গুৱাহাটীৰ পৰা আৰক্ষীয়ে পুনৰ জব্দ কৰিবলৈ সক্ষম হৈছে অবৈধ কয়লাভৰ্তি ট্ৰাক ৷ বিগত কেইদিনত ৰাজ্যত ভয়াৱহ ৰূপ লোৱা অবৈধ কয়লা ব্যৱসায়ক ৰোধ কৰিবলৈ আৰক্ষীয়ে হাতত লৈছে বিশেষ ব্যৱস্থা ৷ ৰাজ্যখনত ইটোৰ পিচত সিটো অবৈধ কয়লা সৰবৰাহৰ ঘটনা সংঘটিত হৈ অহাৰ সময়তে যোৰাবাট আৰক্ষীয়ে পুনৰ জব্দ কৰে এখন অবৈধ কয়লাভৰ্তি ট্ৰাক ৷

লগতে পঢ়কঃ মহানগৰীত পুনৰ জব্দ কয়লা ভৰ্তি ট্ৰাক

যোৰাবাট আৰক্ষীয়ে দৈনন্দিন তালাচীৰ সময়তে আৰক্ষী চকীৰ সন্মুখতে জব্দ কৰে ট্ৰাকখন ৷ জব্দীকৃত ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ AS 01 LC 8132 বুলি জানিব পৰা গৈছে ৷ মেঘালয়ৰ লাটুমবাইৰ পৰা গুৱাহাটীৰ বেলতলা অভিমুখে গৈ থকা ট্ৰাকখনে কোনো বৈধ নথি-পত্ৰ অবিহনে 34টন কয়লা কঢ়িয়াই আনিছিল ৷ ইতিমধ্যে আৰক্ষীয়ে ট্ৰাকখনৰ লগতে ট্ৰাকখনৰ চালক চুৰামণি সোনাৰক সোধ-পোচৰ বাবে আটক কৰিছে ৷

Intro:কয়লা ভৰ্তি ট্ৰাক জব্দ, চালক গ্ৰেপ্তাৰ


Body:বিগত কেইদিনে ৰাজ্যত ভয়াৱহ ৰূপ লৈছে চোৰাং অবৈধ কয়লা সৰবৰাহ। দৈনিক ইটোৰ পাছত সিটোকৈ অবৈধ কয়লা সৰবৰাহৰ ঘটনা সংঘটিত হৈ আহিছে যদিও ইয়াৰ বিৰুদ্ধে সঠিক পদক্ষেপ লোৱাত ব্যৰ্থ আৰক্ষী প্ৰশাসন। দেওবাৰে যোৰাবাট আৰক্ষীয়ে আৰক্ষী চকীৰ সন্মুখত
চলোৱা এক বিশেষ অভিযানত এখন কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে। মেঘালয়ৰ লট্ৰামবাইৰ পৰা গুৱাহাটীৰ বেলতলা পিনে লৈ গৈ থকা সময়ত AS 01 LC 8132 নম্বৰৰ এখন অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে আৰক্ষীয়ে। উক্ত ট্ৰাকখনত কোনো নথিপত্ৰ অবিহনে যান বাহন নিয়ম উলংঘা কৰি 34 টন কয়লা অবৈধ মেঘালয়ৰ পৰা গুৱাহাটীলৈ লৈ অনা হৈছিল।

অবৈধ কয়লা ভৰ্তি ট্ৰাক চালক চুৰামণি সোণাৰক (25 সোণাপুৰ)যোৰাবাট আৰক্ষীয়ে সোধ পোচৰ বাবে গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ দ্বাৰাই প্ৰমাণিত হৈছে যে ৰাজ্যত এতিয়াও অব্যাহত আছে চোৰাং অবৈধ কয়লা সৰবৰাহ।

Bite ট্ৰাক চালক







Conclusion:উল্লেখযোগ্য যে ৰাজ্যত অবৈধ কয়লা সৰবৰাহ সন্দৰ্ভত অপৰাধ অনুসন্ধান শাখাই যোৱা 29 অক্টোবৰত গোপন সূত্ৰৰ ভিত্তিত খবৰ পাইছিল যে শ শ অবৈধ কয়লা ভৰ্তি ট্ৰাক অসম মেঘালয় সীমান্তৱৰ্তীত থকা 6 নং ৰাষ্ট্ৰীয় ঘাই পথেৰে মহানগৰীত প্ৰৱেশ কৰাৰ বাবে ৰৈ আছে। চি আই ডিৰ এটা দলে 29 অক্টোবৰৰ নিশা খানাপাৰাত এক অভিযান চলাই AS 01 GC 9077 অবৈধ কয়লা ভৰ্তি ট্ৰাকসহ এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। অবৈধ কয়লা সৰবৰাহ সন্দৰ্ভত চি এই ডিয়ে গোচৰ নং 8/2018 ভিত্তিত মুঠ 19 লোকক গ্ৰেপ্তাৰ কৰিছে যদিও এতিয়াও ৰাজ্যত অব্যাহত আছে চোৰাং অবৈধ কয়লা সৰবৰাহ। ইতিমধ্যে যোৰাবাট আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

Asrar Ansari
Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.