ETV Bharat / city

Armed Forces Special Power Act : নাগালেণ্ডত পুনৰ ছমাহলৈ বাহাল থাকিব AFSPA

author img

By

Published : Dec 30, 2021, 12:02 PM IST

centre-extends-afspa-for-six-months-in-nagaland-despite-opposition-by-locals
নাগালেণ্ডত পুনৰ ছমাহলৈ বাহাল থাকিব AFSPA

পুনৰ ছমাহলৈ নাগালেণ্ডত বাহাল থাকিব সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন (Armed Forces Special Power Act) ৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা এক অধিসূচনাযোগে এই সিদ্ধান্তৰ কথা ঘোষণা কৰে (Centre extends afspa for six months in nagaland despite opposition by locals) ৷

গুৱাহাটী, 30 ডিচেম্বৰ : নগাসকলৰ AFSPA ৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ (Demand to Repeal AFSPA) ৰ পাচতো কেন্দ্ৰীয় চৰকাৰে নাগালেণ্ডত পুনৰ ছমাহলৈ বাহাল থাকিব সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন (Armed Forces Special Power Act) চমুকৈ AFSPA । বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰা এক অধিসূচনা যোগে এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে (Centre extends afspa for six months in nagaland despite opposition by locals) ৷

আনহাতে, প্ৰতি 6 মাহৰ মূৰে মূৰে নাগালেণ্ডত সেনা বাহিনীৰ বিশেষ ক্ষমতা আইনখন প্ৰৱৰ্তন কৰা হয় (AFSPA extended every six months) ৷ ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিগত সপ্তাহত নাগালেণ্ডত AFSPA ৰ প্ৰয়োজনীয়তা আছে নে নাই, তাৰ বিষয়ে পৰ্যালোচনা কৰিব এখন উচ্চস্তৰীয় কমিটি গঠন কৰি দিয়ে (Union Home Minister Amit Shah had last week instituted a highlevel committee) ৷ এই কমিটিখনে 45 দিনৰ ভিতৰত এই প্ৰতিবেদন দাখিল কৰিব ৷

centre-extends-afspa-for-six-months-in-nagaland-despite-opposition-by-locals
নাগালেণ্ডত পুনৰ ছমাহলৈ বাহাল থাকিব AFSPA

উল্লেখ্য যে, নাগালেণ্ডৰ মন জিলাৰ তিৰু আৰু ওটিং নামৰ গাঁও দুখনৰত বিগত 4 ডিচেম্বৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছিল 14 জনকৈ নিৰীহ নগা লোক ৷ গোপন সূত্ৰৰ পম খেদি নিৰাপত্তাৰক্ষীয়ে মন জিলাৰ তিৰু গাঁৱত যুৱককেইজনক এন এছ চি এন (NSCN) ৰ সদস্য বুলি সন্দেহ কৰি অতৰ্কিতে আক্ৰমণ কৰিছিল ৷

এই ঘটনাৰ পাছতেই নাগালেণ্ডৰ মন জিলাত সেনা আৰু সাধাৰণ জনতাৰ মাজত ভয়ংকৰ সংঘৰ্ষৰ সূত্ৰপাত ঘটে । যাৰ ফলত বিগত দিনকেইটাত নগা জাতিয়ে ঐক্যবদ্ধভাৱে ৰাজ্যখনৰ পৰা এই ক’লা আইন অৰ্থাৎ AFSPA প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰি আহিছে ৷

ইতিমধ্যে নাগালেণ্ড বিধানসভায়েও সৰ্বসন্মত প্ৰস্তাৱ গ্ৰহণ কৰি ৰাজ্যখনৰ পৰা AFSPA প্ৰত্যাহাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিছিল ৷ তৎস্বত্বেও ভাৰত চৰকাৰে এই AFSPA আইনখন প্ৰত্যাহাৰৰ বিপৰীতে পুনৰ ছমাহলৈ বৃদ্ধি কৰাৰ ফলত নাগালেণ্ডত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : Gunfight in South Kashmir : দক্ষিণ কাশ্মীৰত নিৰাপত্তা বাহিনীৰ গুলীত ধৰাশায়ী ৬ সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.