ETV Bharat / city

Central deputation of IPS officers: ৰাজ্যৰ বাৰগৰাকী IPS বিষয়াই যাব বিচাৰিছে ডেপুটেচনত

author img

By

Published : Dec 23, 2021, 5:07 PM IST

IPS officers in Assam police want to go for deputation
ডেপুটেচনত যাব বিচাৰিছে ৰাজ্যৰ বাৰগৰাকী আই পি এছ বিষয়া

জানুৱাৰীৰ প্ৰথম সপ্তাহত দুলীয়াজানত অনুষ্ঠিত হ'ব আৰক্ষী অধীক্ষকৰ সন্মিলন(SPs Conference of Assam) । ইয়াৰ পিচতে অসম আৰক্ষীত এক বৃহৎ ৰদ-বদল কৰাৰ সম্ভাৱনা আছে । সম্প্ৰতি ১৫ জনৰো অধিক অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া ৰাজ্যৰ বাহিৰত ডেপুটেচনত কৰ্মৰত হৈ আছে । ইয়াৰ মাজতে পুনৰ বাৰগৰাকী অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়াই অসমৰ বাহিৰলৈ(IPS officers of Assam Meghalaya Cadre) যোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ৷

গুৱাহাটী, ২৩ ডিচেম্বৰ : অসম আৰক্ষীত কৰ্মৰত অসম-মেঘালয় কেডাৰৰ ভাৰতীয় আৰক্ষী সেৱা(IPS officers of Assam Meghalaya Cadre)ৰ বহু বিষয়াই বিচাৰিছে কেন্দ্ৰীয় ডেপুটেচন । বিগত সময়ছোৱাত অসম আৰক্ষীৰ দহজনৰো অধিক আই পি এছ বিষয়াই ডেপুটেচনত অসমৰ বাহিৰলৈ যাবলৈ আগ্ৰহ প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে । সেই অনুসৰি নৱবৰ্ষৰ প্ৰথম ভাগতে বুজনসংখ্যক শীৰ্ষ আৰক্ষী বিষয়াই অসম এৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

IPS officers in Assam police want to go for deputation
ডেপুটেচনত যাব বিচাৰিছে ৰাজ্যৰ বাৰগৰাকী আই পি এছ বিষয়া

জানুৱাৰীৰ প্ৰথম সপ্তাহত দুলীয়াজানত অনুষ্ঠিত হ'ব আৰক্ষী অধীক্ষকৰ সন্মিলন(SPs Conference of Assam) । মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পিচত জুন মাহত কাজিৰঙাত প্ৰথম আৰক্ষী অধীক্ষক সন্মিলন অনুষ্ঠিত হোৱাৰ পিছত দ্বিতীয়খন আৰক্ষী অধীক্ষক সন্মিলন অনুষ্ঠিত হ’ব দুলীয়াজানত । ইয়াৰ পিচতে অসম আৰক্ষীত এক বৃহৎ ৰদ-বদল কৰাৰ সম্ভাৱনাই গা কৰি উঠিছে । সলনি হ'ব বুজনসংখ্যক জিলাৰ আৰক্ষী অধীক্ষক । জানিব পৰা মতে ৪ খনতকৈও অধিক জিলাত আৰক্ষী অধীক্ষক পদত কৰ্মৰত হৈ থকা আই পি এছ বিষয়াই বিচাৰিছে কেন্দ্ৰীয় ডেপুটেচন ।

IPS officers in Assam police want to go for deputation
ডেপুটেচনত যাব বিচাৰিছে ৰাজ্যৰ বাৰগৰাকী আই পি এছ বিষয়া

কাছাৰ, নগাঁও, গোলাঘাট, শিৱসাগৰ আদি জিলাৰ আৰক্ষী অধীক্ষকৰ উপৰি আই জি পি পর্যায়ৰ বিষয়ায়ে কেন্দ্ৰীয় ডেপুটেচনলৈ যোৱাৰ বাবে প্ৰচেষ্টা আৰম্ভ কৰা বুলি জানিব পৰা গৈছে । সম্প্ৰতি ১৫ জনৰো অধিক অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া ৰাজ্যৰ বাহিৰত ডেপুটেচনত কৰ্মৰত হৈ আছে । ইয়াৰ মাজতে শেহতীয়াকৈ হোৰাহোৰে অসমৰ পৰা আই পি এছ বিষয়া কেন্দ্ৰীয় ডেপুটেচনত যাবলৈ ওলোৱাটো লক্ষণীয় বিষয় হৈ পৰিছে ।

প্ৰাপ্ত খবৰ মতে আৰক্ষীৰ প্ৰশিক্ষণ আৰু সশস্ত্ৰ শাখাৰ মহাপৰিদৰ্শক পদত থকা ১৯৯৮ চনৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া অনুৰাগ আগৰৱালে ডেপুটেচনত যোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে । তদুপৰি অসম আৰক্ষীৰ মুখ্য কার্যালয়ত সহকাৰী মহাপৰিদৰ্শক (প্ৰশাসন) পদত থকা ২০০৭ চনৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া অমনজিৎ কৌৰ, শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক পদত থকা ২০১০ চনৰ আই পি এছ বিষয়া ৰাকেশ ৰৌশন, নগাঁও জিলাৰ আৰক্ষী অধীক্ষক পদত থকা ২০১১ চনৰ আই পি এছ বিষয়া আনন্দ মিশ্ৰ এওলোকৰ অন্যতম ৷

IPS officers in Assam police want to go for deputation
আই পি এছ বিষয়া অনুৰাগ আগৰৱালা

ইয়াৰ উপৰি হাইলাকান্দি জিলাৰ বেটেলিয়নত অধিনায়কৰূপে কৰ্মৰত ২০১০ চনৰ আই পি এছ বিষয়া ৰাজবীৰ, কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক পদত থকা ২০১৩ চনৰ আই পি এছ বিষয়া ৰমণদীপ কৌৰ, শিৱসাগৰ জিলাৰ ১ নং বেটেলিয়নত অধিনায়ক পদত থকা ২০১৩ চনৰ আই পি এছ বিষয়া যুৱৰাজ, গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক পদত থকা ২০১৫ চনৰ আই পি এছ বিষয়া সুমিত শর্মা আদিয়ে ডেপুটেচনত ৰাজ্যৰ বাহিৰলৈ যোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰাৰ কথা জানিব পৰা গৈছে ।

লক্ষণীয় বিষয় যে কিছুদিন পূৰ্বে বৰাক উপত্যকাৰ অসম-মিজোৰাম সীমান্ত(Assam-Mizoram border)ত কৰ্তব্যৰত অৱস্থাত মিজোৰাম আৰক্ষীৰ নিৰ্বিচাৰ গুলীচালনাত গুৰুতৰভাৱে আহত হৈ সম্প্ৰতি চিকিৎসাজনিত কাৰণত মুম্বাইত থকা ২০০৯ চনৰ আই পি এছ বিষয়া নিম্বলকাৰ ভি চন্দ্ৰকান্তেও ডেপুটেচন বিচৰা বুলি জানিব পৰা গৈছে । এনেদৰে প্ৰায় বাৰগৰাকী অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়াই শেহতীয়াকৈ অসমৰ বাহিৰলৈ যোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰা ঘটনা তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে ।

উল্লেখ্য যে, জানুৱাৰীত অসম আৰক্ষীৰ বুজনসংখ্যক বিষয়াই পদোন্নতি লাভ কৰিব । সেইবাবেই মাঘ বিহুৰ পূৰ্বে অসম আৰক্ষীৰ শীর্ষ মহলত এক বৃহৎ ৰদ-বদল হোৱাৰ সম্ভাৱনা আছে । সম্প্ৰতি প্ৰায় ১৫ জনতকৈ অধিক অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়াই অসম এৰি কেন্দ্ৰীয় ডেপুটেচন অথবা আন ৰাজ্যত ডেপুটেচনত কৰ্মৰত হৈ আছে । এইসকলৰ ভিতৰত আছে অসম-মেঘালয় কেডাৰৰ ১৯৯৩ চনৰ আই পি এছ বিষয়া আৰ পি মীনা, ১৯৯৪ চনৰ আই পি এছ বিষয়া দীপক কুমাৰ, ১৯৯৬ চনৰ আই পি এছ বিষয়া বিনীতা শৰ্মা, ১৯৯৭ চনৰ আই পি এছ বিষয়া জলি অজয় কুমাৰ, ২০০২ চনৰ আই পি এছ বিষয়া দীপক চৌধুৰী, ৷

ইয়াৰ উপৰি ২০০৩ চনৰ আই পি এছ বিষয়া অখিলেশ সিং, ২০০৪ চনৰ আই পি এছ বিষয়া আনন্দ প্ৰকাশ তিৱাৰী, ২০০৫ চনৰ আই পি এছ বিষয়া পি পি সিং, ২০০৫ চনৰ আই পি এছ বিষয়া ডাঃ জি ভি শিৱপ্ৰসাদ, ২০০৬ চনৰ আই পি এছ বিষয়া সংযুক্তা পৰাশৰ, ২০০৬ চনৰ আই পি এছ বিষয়া ভিবেৰাজ সিং, ২০০৭ চনৰ আই পি এছ বিষয়া সুনীল কুমাৰ, ২০১১ চনৰ আই পি এছ বিষয়া শংকৰব্ৰত ৰায়মেধি, ২০১১ চনৰ আই পি এছ বিষয়া মহনীশ মিশ্ৰ, ২০১১ চনৰ আই পি এছ বিষয়া সুহাসিনী শংকৰণ, ২০১২ চনৰ আই পি এছ বিষয়া ইনাম উল হক, ২০১২ চনৰ আই পি এছ বিষয় শ্ৰীজিৎ টি আদি অসমৰ বাহিৰত কৰ্মৰত হৈ আছে । তেনেস্থলত পুনৰ এক বুজন সংখ্যক আই পি এছ বিষয়াই ডেপুটেচনত যাব বিচৰা বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে ।

লগতে পঢ়ক : Laharighat Rape Case Encounter: তিনি নাবালিকাৰ ধৰ্ষণকাৰী ৰজনীক গুলীয়ালে আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.