ETV Bharat / city

উদং ৰাজকোষ : ঋণ লৈ আৰু কৰ বৃদ্ধিৰে বিত্তীয় সংকট জোৰা মৰাৰ চেষ্টা চৰকাৰৰ

author img

By

Published : Jun 9, 2022, 2:29 PM IST

ভোটৰ ৰাজনীতিৰ নামত হিতাধিকাৰীক মাহে মাহে আৰ্থিক অনুদান আগবঢ়াই এতিয়া নিজেই ধাৰত পোত গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ৷ হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈ গৈ অসম চৰকাৰৰ ৰাজকোষ একপ্ৰকাৰ উদং হৈ পৰিছে (Financial loss of Assam Government ) ৷

assam-government-imposed-heavy-tax-burden-on-people-to-fight-financial-loss
উদং ৰাজকোষ : ঋণ লৈ আৰু কৰ বৃদ্ধিৰে বিত্তীয় সংকট জোৰা মৰাৰ

গুৱাহাটী,৯ জুন: বিত্তীয় সংকটৰ জোৰা মাৰিবৰ বাবে ৰাজ্য চৰকাৰে ঋণৰ উপৰি ঋণ ল'বলগীয়া হৈছে । এক কথাত ক'বলৈ গ'লে ঋণ লোৱাৰ ক্ষেত্ৰত অলপো কৃপণালি কৰা নাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে । প্ৰতিমাহে বিশাল পৰিমাণৰ ঋণ লৈ হ'লেও হিতাধিকাৰী সৃষ্টিৰ আঁচনিসমূহ বৰ্তাই ৰাখিছে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে । কিন্তু ইয়াৰ বিপৰীতে ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ আঁচনিসমূহ স্থবিৰ হৈ পৰিছে ৷

বিশেষকৈ বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত বিত্তীয় সংকটে দেখা দিছে । এই সংকটৰ বাবেই বিভিন্ন বিভাগৰ ঠিকাদাৰসকলে কাম কৰিও লাভ কৰা নাই প্ৰাপ্য ধন । ইফালে প্ৰতিমাহেই ৰাজ্যত সংগৃহীত GST ৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিছে (GST collection by Assam) যদিও ৰাজ্য চৰকাৰখনে বিভিন্ন ক্ষেত্ৰৰ পৰা ঋণ ল’বলৈ অলপো কৃপণালি কৰা নাই ।

প্ৰতিমাহেই ৰাজ্য চৰকাৰখনে ঋণ লোৱাৰ ফলত সম্প্ৰতি ৰাজ্যখনৰ ঋণৰ পৰিমাণ এক লাখ কোটি টকাৰো অধিক হৈছে । আনকি চলিত মাহতো ৰাজ্য চৰকাৰে মুকলি বজাৰৰ পৰা ১২০০ কোটি টকাৰ ঋণ ল'ব । মন কৰিবলগীয়া কথা যে, ৰাজ্য চৰকাৰে প্ৰতিমাহতেই চৰকাৰী কৰ্মচাৰীক বেতন দিয়াৰ নামতে প্ৰায় তিনি হাজাৰ কোটি টকা ব্যয় কৰে । আনহাতে প্ৰতিমাহৰ দহ তাৰিখে প্ৰদান কৰে অৰুণোদয় আঁচনিৰ ধন (Arunodoi scheme 2022) আৰু পেঞ্চনৰ ধন ।

লগতে পঢ়ক: Presidential Election 2022 : আজি ঘোষণা হ'ব ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ তাৰিখ

ইয়াৰ বাবেও প্ৰতিমাহতে ব্যয় হয় প্ৰায় ২৬৭.৭৫ কোটি টকা । আনহাতে ভোটৰ স্বাৰ্থত ৰাজ্য চৰকাৰখনে বিভিন্ন হিতাধিকাৰী সৃষ্টিকাৰী আঁচনি ৰূপায়ণ কৰাৰ ফলত প্ৰতিমাহে কোটি কোটি টকা ৰাজকোষ পৰা ওলাই গৈছে (Financial loss of Assam Government) । যাৰ ফলত এতিয়া জি এছ টি সংগ্ৰহৰ পৰিমাণ বৃদ্ধি পোৱাৰ পাছতো ৰাজ্য চৰকাৰখনে ঋণ ল’বলৈ বাধ্য হৈ পৰিছে ।

ক’বলৈ গ'লে ঋণৰ ধনেৰেহে এতিয়া চৰকাৰ চলি আছে । ঋণ লোৱা বন্ধ কৰিলেই যেন বন্ধ হৈ যাব হিতাধিকাৰী আঁচনিসমূহ । লক্ষণীয় বিষয় যে, নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰাৰ নামত চৰকাৰে বহু আঁচনি ৰূপায়ণ কৰি আহিছে । সেই আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত ৰাজকোষৰ পৰা যথেষ্ট পৰিমাণৰ ধন ব্যয় কৰিব লগা হৈছে । কিন্তু সেই ধন ৰাজকোষত নথকাত চৰকাৰে এনেদৰে মুকলি বজাৰৰ পৰা ঋণ লোৱাৰ বাহিৰে আন কোনো বিকল্প নাই ।

ৰাজ্যখনত কৰ আৰু ৰাজহ সংগ্ৰহ বৃদ্ধি কৰিবলৈ চৰকাৰে সকলো ধৰণৰ পদক্ষেপ হাতত লৈছে । আবকাৰী বিভাগ, জি এছ টি, পৰিবহন বিভাগ ৰাজ্যখনৰ প্ৰধান কৰ সংগ্ৰহৰ উৎস । উল্লেখ যে, নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ গৈ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে লাখ লাখ হিতাধিকাৰী সৃষ্টি কৰিছে ৷ ভোটৰ ৰাজনীতিৰ নামত হিতাধিকাৰীক মাহে মাহে আৰ্থিক অনুদান আগবঢ়াই এতিয়া নিজেই ধাৰত পোত গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ৷ হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈ গৈ অসম চৰকাৰৰ ৰাজকোষ একপ্ৰকাৰ উদং হৈ পৰিছে ৷

লগতে পঢ়ক: ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অভিলেখ: গাডকাৰীৰ অভিনন্দন

ইপিনে জুনৰ মাজভাগৰ পৰা কেন্দ্ৰীয় চৰকাৰেৰ জি এছ টি অনুদান বন্ধ কৰিবলৈ সিদ্ধান্ত লোৱাত হাহাকাৰ লাগিছে দিছপুৰৰ ৷ যাৰ বাবে বিত্তীয় ঘাটি জোৰা মাৰিবলৈ পুনৰ মুকলি বজাৰৰ পৰা ১,২০০ কোটি টকা ঋণ লোৱাৰ বাবেও প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বিত্ত বিভাগে ৷ ইপিনে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কাৰ্যকালত চৰকাৰী ধাৰৰ পৰিমাণ লাখ কোটি টকাৰ অতিক্ৰম কৰিছে ৷

উক্ত ধাৰ-ঋণৰ বিপৰীতে মাহে শ শ কোটি টকা সুত পৰিশোধ কৰিবলৈ গৈ এতিয়া যেন শ’লঠেকত পৰিছে চৰকাৰ ৷ যাৰ বাবে স্বাভাৱিকতেই সুৰাপায়ীয়েই এতিয়া চৰকাৰৰ বাবে ৰক্ষাকৰ্তা হৈ পৰিছে ৷ সুৰাপায়ীৰ পৰা ৰাজহ সংগ্ৰহ কৰাৰ লক্ষ্য লৈছে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা চৰকাৰে ৷ সেই উদ্দেশ্য ৰাজহ ঘাটি জোৰা মৰাৰ বাবে পুনৰ বাৰ সুৰাৰ ওপৰত আবকাৰী শুল্ক বৃদ্ধিৰ সিদ্ধান্ত লৈছে চৰকাৰে (Liquor prices rise in Assam) ৷

বিলাতী সুৰাৰ ওপৰত শুল্ক বৃদ্ধিৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগে ৰাজপত্ৰিত জাননী জাৰি কৰি কৰিছে৷ সেই অনুসৰি ১৫ জুনৰ পৰা সকলো ধৰণৰ সুৰাৰ ওপৰতেই কৰ বৃদ্ধি পাব৷ স্বাভাৱিকভাৱেই বৃদ্ধি পাব মদৰ দাম ৷ ৰাজ্য চৰকাৰে স্বীকাৰ কৰক বা নকৰক ৰাজ্যৰ ৰাজকোষ এতিয়া ভাল অৱস্থাত যে নাই সেই কথা প্ৰমাণ হৈছে ।

লগতে পঢ়ক: কাজিৰঙাত বোকাখাত মহকুমা প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা

ৰাজ্য চৰকাৰে জনসাধাৰণৰ ওপৰত কৰৰ বোজা জাপি ৰাজকোষৰ তলি উদং হোৱাৰ পৰা ৰক্ষা কৰিব বিচাৰিছে (Revenue collection of Assam government) যদিও সেয়া কিমানদিনলৈ সম্ভৱ হ’ব সেয়া সময়েহে ক’ব । এতিয়া ৰাজকোষৰ উদংপ্ৰায় অৱস্থাৰ ছবিখন দাঙি ধৰিছে চৰকাৰৰ বিভিন্ন পদক্ষেপে । তদুপৰি কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ জি এছ টিৰ ক্ষতিপূৰণ বন্ধ কৰি দিয়াৰ উপক্ৰম ঘটাত এতিয়া পৰিস্থিতি অধিক শোচনীয় হৈ পৰাৰ আশংকাই দেখা দিছে ।

কেন্দ্ৰৰ নীতি অনুসৰি ৰাজ্যসমূহলৈ পাঁচ বছৰৰ জি এছ টিৰ ক্ষতিপূৰণ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । এই পাঁচ বছৰৰ সময়সীয়া এতিয়া সম্পূৰ্ণ হোৱাৰ সময় সমাগত । তাৰ পাছত ৰাজ্যসমূহে জিএছটিৰ ক্ষতিপূৰণ লাভ নকৰিব । কেন্দ্ৰক বিভিন্ন ৰাজ্যই এই ক্ষতিপূৰণ অব্যাহত ৰখাৰ দাবী জনাইছে যদিও সেয়া পূৰণ কৰাৰ কোনো নিশ্চয়তা নাই ।

এনে পৰিস্থিতিত ৰাজ্যৰ বিত্তীয় অৱস্থা অধিক শোচনীয় হৈ পৰাৰ উপক্ৰম ঘটিছে। এই অৱস্থাৰে জোৰা মাৰিবলৈ চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিব খুজিও সেয়া সৰ্বসাধাৰণৰ বাবে কিমান বহনক্ষম হ’ব সেয়া লক্ষ্যণীয় হ’ব । বিগত সময়ছোৱাত বিভিন্ন সামগ্ৰীত চৰকাৰে কৰ বৃদ্ধি কৰিছে । বিশেষকৈ সুৰাৰ পৰা ৰাজহ সংগ্ৰহৰ মূল আহিলা হিচাপে যেন ব্যৱহাৰ কৰিছে চৰকাৰে ।

তদুপৰি মাটিৰ খাজনা, ফ্লেটৰ পঞ্জীয়ন মাচুল আদিও বৃদ্ধি কৰাৰ ব্যৱস্থা কৰিছে । তদুপৰি পেট্ৰ’ল ডিজেলৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীত অত্যধিক কৰ আৰোপেৰে ইতিমধ্যেই সৰ্বসাধাৰণক কোঙা কৰাৰ উপক্ৰম ঘটাইছে চৰকাৰে । এইবোৰৰ উপৰি পৰিবহন খণ্ডটোক কৰ আদায়ৰ অন্যতম মূল লক্ষ্য হিচাপে গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক: মিতালী অবিহনে ভাৰতীয় মহিলা দল ঘোষণা

পৰিবহন বিভাগে কৰ সংগ্ৰহৰ বাবে ইতিমধ্যে বিভিন্ন অভিযান আৰম্ভ কৰিছে (Revenue collection from Transport Department) । চৰকাৰে কৰ সংগ্ৰহৰ বাবে এনেদৰে উঠি পৰা লগা কাৰ্যই নিশ্চয় ৰাজ্যৰ বিত্তীয় অৱস্থাৰ শোচনীয় ৰূপটোকে উদঙাই দিছে । এফালে ঋণৰ বোজা আৰু আনফালে সৰ্বসাধাৰণক কৰ আদায়ৰ নামত হাৰাশাস্তি কৰাৰ এই ব্যৱস্থাৰে চৰকাৰে কিমান দিন ৰাজ্যৰ বিত্ত ভাণ্ডাৰ তলি উদং নোহোৱাকৈ ৰাখিব পাৰে সেয়াহে লক্ষ্যণীয় হ’ব ৷

উল্লেখ্য যে, বিগত ৫ টা বছৰত অসম চৰকাৰে বিভিন্ন উৎসৰ পৰা লোৱা ঋণৰ বাবদ ২০ হাজাৰ কোটি টকা সুদ পৰিশোধ কৰিবলগীয়া হৈছিল । তথ্য অনুসৰি, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকালত ২০১৬-১৭ বিত্তীয় বৰ্ষত অসম চৰকাৰে ঋণৰ বাবদ সুদ পৰিশোধৰ নামত ৰাজকোষৰ পৰা আদায় দিলে ২,৯৬৪ কোটি টকা । একেদৰে ২০১৭-১৮ বিত্তীয় বৰ্ষতে ৰাজ্য চৰকাৰে সুদ পৰিশোধ কৰিলে ৩,২০৫ কোটি টকা ।

২০১৮-১৯ বৰ্ষৰ কেৱল সুদৰ নামত ৰাজকোষৰ পৰা ওলাই গ'ল ৩,৮৪৪ কোটি টকা । আনহাতে ২০১৯-২০ বৰ্ষত ঋণৰ বাবদ সুদত ব্যয় কৰিলে ৪,৮৪৩ কোটি টকা । সোণোৱাল চৰকাৰে শেষৰ ফালে ঋণৰ পৰিমাণ বৃদ্ধি কৰাত ২০২০-২১ বৰ্ষৰ সুদৰ নামত ৰাজকোষৰ পৰা সৰ্বাধিক ৫,৮০২ কোটি টকা আদায় দিয়ে । সোণোৱাল চৰকাৰে ৫ বছৰীয়া কার্যকালত সৰ্বমুঠ ঋণ লৈছিল ৫৮ হাজাৰ কোটি টকা । আনহাতে ঋণৰ বিপৰীতে ২০১৬ চনৰ পৰা ২০২১ চনলৈ সুদৰ নামত ব্যয় কৰিব লগা হ'ল মুঠ ২০ হাজাৰ ৬৫৮ কোটি টকা ।

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এবছৰীয়া কাৰ্যকালত ৰাজ্য চৰকাৰৰ ধাৰৰ পৰিমাণে লাখ কোটি টকাৰ ঘৰ অতিক্ৰম কৰিলে । লক্ষণীয় বিষয় যে, ৰাজ্য চৰকাৰৰ এই ঋণৰ বোজা কৰৰ জৰিয়তে ভৰিবলগীয়া হৈছে সৰ্বসাধাৰণ নাগৰিকে । তথ্য মতে ২০২০-২১ বর্ষ পর্যন্ত ঋণৰ প্রায় ৪৫,৫৬৬ কোটি টকা সামাজিক ক্ষেত্ৰত অর্থাৎ হিতাধিকাৰী আঁচনিৰ নামতে ব্যয় কৰিছে ।

চৰকাৰে ৰাজনৈতিক স্বাৰ্থত হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰিবলৈ গৈ হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ সৰ্বসাধাৰণ নাগৰিকৰ মূৰৰ ওপৰত কৰৰ বোজা জাপি দিয়া কার্য কিমান গ্ৰহণযোগ্য সেয়া বিচাৰ্যৰ বিষয় । কিন্তু কিমানদিনলৈ এইবোৰ চমকেৰে এখন সৰ্বাংঙ্গীন অসমৰ সপোন বাস্তৱৰ মুখামুখি হোৱাকৈ লুকুৱাই ৰাখিব পাৰিব। এচাম হিতাধিকাৰীৰ সৃষ্টিৰে নিজৰ ভোট সুৰক্ষিত কৰাৰ বাহিৰে স্বনিৰ্ভৰশীল আৰু প্ৰগতিশীল এখন ৰাজ্য আশা কৰিব নোৱাৰি ।

লগতে পঢ়ক: সকলো প্ৰত্যাহ্বান নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ তানবীৰ-আঁকিনুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.