ETV Bharat / city

প্ৰথমবাৰৰ বাবে এনে অপৰিপক্ক বিৰোধীৰ ৰাজনীতি দেখিলো : হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Apr 1, 2022, 10:16 AM IST

Updated : Apr 1, 2022, 11:21 AM IST

বৃহস্পতিবাৰে মাজনিশা ঘোষিত ৰাজ্যসভাৰ দুয়োখন আসনতে শাসকীয় বিজেপি দলৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা আৰু মিত্ৰ দল ইউ পি পি এলৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীয়ে জয়লাভ কৰে(BJP won both the Rajya Sabha seats in Assam) । ইয়াৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰে এই ফলাফল অৱধাৰিত আছিল বুলি উল্লেখ কৰে ৷

BJP has won both the Rajya Sabha seats in Assam
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, ১ এপ্ৰিল: নিৰ্দ্ধাৰিত সময়তকৈ কেইবা ঘন্টাও পলমকৈ বৃহস্পতিবাৰে নিশা ঘোষিত ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল 2022(Rajya Sabha election result 2022) বিজেপি দলৰ বাবে প্ৰত্যাশিত আছিল । কিয়নো, মুখ্যমন্ত্ৰী সমন্বিতে ৰাজ্যিক বিজেপিৰ নেতৃত্বই প্ৰায় তিনি/চাৰিমাহ আগৰে পৰাই দাবী কৰি আহিছিল যে বিৰোধীৰ হাতত পৰ্যাপ্ত বিধায়ক থাকিলেও ৰাজ্যসভাৰ এখন আসনো বিৰোধীয়ে নাপায় । পাব বিজেপি বা শাসক পক্ষইহে । কিন্তু কেনেকৈ পাব সেই ভেদ ভাঙি দিয়া নাছিল মুখ্যমন্ত্ৰীয়ে ।

অৱশেষত বৃহস্পতিবাৰে প্ৰায় মাজনিশা যেতিয়া ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ল (Assam Rajya Sabha election 2022), তেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ এই ফলাফল অৱধাৰিত আছিল বুলি উল্লেখ কৰে । ফলাফল ঘোষণাৰ পিছতেই মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, "বিৰোধীৰ বহু বিধায়ক আমাৰ পক্ষত আছে । মই সকলো বিধায়ককে ধন্যবাদ জনাইছো । বিৰোধীৰ নিজৰ মাজত চলি থকা সংঘাতে আমাক সহায় কৰিলে । প্ৰথমবাৰৰ বাবে এনে অপৰিপক্ক বিৰোধীৰ ৰাজনীতি দেখিলো ‌।"

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, বহুতে অভিযোগ অনাৰ দৰে ৰাজ্যসভাৰ এই নিৰ্বাচনত কোনো ধনৰ লেনদেন হোৱা নাই । সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিৰ্বাচন অনুষ্ঠিত হৈছে । আন দলসমূহত তেওঁৰ বহু শুভাকাংক্ষী আছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেনে বিধায়কসকলৰ নৰেন্দ্ৰ মোদীৰ প্ৰতি পূৰ্ণ আস্থা আৰু বিশ্বাস আছে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে, এই নিৰ্বাচনত বিজেপি আৰু মিত্ৰদলৰ বিজয়ী প্ৰাৰ্থী দুগৰাকীয়ে বিবেক ভোট লাভ কৰিছে । কিন্তু কোনে কাক ভোট দিছে সেয়া ক’ব নোৱাৰি । মুখ্যমন্ত্ৰীৰ মন্তব্য- "কংগ্ৰেছে গণতন্ত্ৰৰ অৰ্থই নুবুজে । যাৰবাবে তেওঁলোকে হুইপ জাৰি কৰিছিল অগণতান্ত্ৰিকভাৱে । কংগ্ৰেছ দলটোৰ ভিতৰতে ইজনে সিজনক বিশ্বাস নকৰে । বৰ্তমান কংগ্ৰেছ দলৰ এক সম্পূৰ্ণ সংস্কাৰৰ প্ৰয়োজন । তেওঁলোকে প্ৰথমবাৰৰ বাবে এই নিৰ্বাচনত অসমৰ বাহিৰৰ পৰা নিৰ্বাচনী এজেন্ট নিযুক্তি দিয়াৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

আনহাতে, নৱনিৰ্বাচিত দুয়োগৰাকী সাংসদক অভিনন্দন জনাই মুখ্যমন্ত্ৰীয়ে কয় যে, তেওঁ আশা কৰে যে ৰণগৌৰা নাৰ্জাৰীয়ে অসমৰ সকলো জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্ব কৰিব আৰু পবিত্ৰ মাৰ্ঘেৰিটাই অসমৰ কৃষ্টি সংস্কৃতিক সমগ্ৰ দেশৰ আগত দাঙি ধৰিব । একেদৰে, দুয়োগৰাকী নতুন সাংসদে তেওঁলোকৰ সাংসদ পুজি যুক্তিসংগত আৰু স্বচ্ছভাৱে ব্যয় কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক : Assam Rajya Sabha election result 2022 : দুয়োখন আসনতে জয়লাভ বিজেপি মিত্ৰজোঁটৰ

Last Updated :Apr 1, 2022, 11:21 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.