২৬ ছেপ্টেম্বৰত ২৪ ঘণ্টীয়া অসম বন্ধ ঘোষণা ছয় জনগোষ্ঠীৰ

author img

By

Published : Sep 16, 2022, 7:58 PM IST

Etv Bharat২৬ ছেপ্টেম্বৰত ২৪ ঘণ্টীয়া অসম বন্ধ ঘোষণা ছয় জনগোষ্ঠীৰ

২৬ ছেপ্টেম্বৰত ২৪ ঘণ্টীয়া অসম বন্ধ ঘোষণা কৰিছে ঐক্য মঞ্চই । তেনেদৰে ৯ অক্টোবৰত সমগ্ৰ অসমত অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী (Economic blockade) , ১৫ অক্টোবৰত উত্তৰ অসমৰ লখিমপুৰ, ধেমাজি আৰু গোগামুখত বিশাল গণ সমাৱেশ, ১৫ নৱেম্বৰত দিল্লীত ছয় জনগোষ্ঠীৰ গণ বিক্ষোভ কাৰ্য্যসূচী পালন কৰাৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিৱসলৈকে ধাৰাবাহিকভাৱে কলা দিৱস পালন কৰিব ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই ।

মৰাণ, 16 ছেপ্টেম্বৰ: অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান নকৰাৰ প্ৰতিবাদত ২৬ ছেপ্টেম্বৰত ২৪ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই (Assam bandh called)৷ কেন্দ্ৰীয় চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি নিদিয়াৰ পিছতে আজি মৰাণত ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় (Six tribes organization on scheduling) ।

২৬ ছেপ্টেম্বৰত ২৪ ঘণ্টীয়া অসম বন্ধ ঘোষণা ছয় জনগোষ্ঠীৰ

সভাত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । সেই অনুসৰি ২২ ছেপ্টেম্বৰত দিছপুৰত বিধানসভা ঘেৰাও কৰিব ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই ৷ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ২৬ ছেপ্টেম্বৰত ২৪ ঘণ্টীয়া অসম বন্ধ ঘোষণা কৰিছে ঐক্য মঞ্চই । তেনেদৰে ৯ অক্টোবৰত সমগ্ৰ অসমত অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী (Economic blockade) , ১৫ অক্টোবৰত উত্তৰ অসমৰ লখিমপুৰ, ধেমাজি আৰু গোগামুখত বিশাল গণ সমাৱেশ, ১৫ নৱেম্বৰত দিল্লীত ছয় জনগোষ্ঠীৰ গণ বিক্ষোভ কাৰ্য্যসূচী পালন কৰাৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিৱসলৈকে ধাৰাবাহিকভাৱে কলা দিৱস পালন কৰিব ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই ।

দেশৰ বাৰটা জনগোষ্ঠীক জনজাতিকৰণৰ স্বীকৃতি প্ৰদান কৰাৰ বিপৰীতে অসমৰ ছটা জনগোষ্ঠী ক্ৰমে টাই-আহোম, মৰাণ, মটক, চুতীয়া, কোচ-ৰাজবংশী আৰু আদিবাসী সকলক জনজাতিকৰণৰ স্বীকৃতি প্ৰদান নকৰাত বৃহস্পতিবাৰৰ পৰা ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ ।

আজি মৰাণত অনুষ্ঠিত ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ জৰুৰী কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে আটাছুৰ সভাপতি লিতুল বুঢ়াগোহাঁই, কাৰ্যকৰী সভাপতি বসন্ত গগৈ, মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণ, সম্পাদক দেৱকান্ত মৰাণ, মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি ৰঞ্জিত গোহাঁই, সম্পাদক স্বৰূপ গোহাঁই, চুতীয়া যুৱ সন্মিলনৰ সম্পাদক নিপেন খনিকৰ, সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ সম্পাদক হেমন্ত বৰা কোচ আৰু সদৌ চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ গোৱালা, সম্পাদক জগদীশ বৰাইক ৰ লগতে উক্ত ছয়টা সংগঠনৰ বহু বিষয়ববীয়া আৰু সদস্য ।

লগতে পঢ়ক: ৰহাত নগাঁও জিলা আক্ৰাছুৰ প্ৰতিবাদ: প্ৰধান মন্ত্ৰীৰ জুমুঠি দাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.