ETV Bharat / city

অমিত শ্বাহৰ মাত শুনি অসমৰ মানুহে বানপানীত শান্তি বিচাৰি নাপায়: ভূপেন বৰা

author img

By

Published : May 18, 2022, 6:50 PM IST

ৰাজ্যত ক্ৰমাৎ অধিক জটিল হৈ পৰিছে বান পৰিস্থিতি (Assam floods 2022) । তেনে সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টেলিফোনযোগে অসমৰ সম্প্ৰতি বান পৰিস্থিতিত কেন্দ্ৰৰ পৰা সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিয়াৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Bhupen Bora reaction to Amit Shah assurance) ।

Bhupen Bora reaction to Amit Shah assurance
অমিত শ্বাহৰ মাত শুনি অসমৰ মানুহে বানপানীত শান্তি বিচাৰি নাপায় : ভূপেন বৰা

গুৱাহাটী,18 মে’: ৰাজ্যজুৰি প্ৰলয়ৰ সৃষ্টি কৰা ভয়াৱহ বানপানীৰ (Assam floods 2022) প্ৰসংগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । বিশেষকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টেলিফোনযোগে অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিত কেন্দ্ৰৰ পৰা সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিয়াৰ (Union Home Minister Amit Shah assures Assam of help) সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা টুইটক লৈ তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (Bhupen Bora reaction to Amit Shah assurance) ৷

বুধবাৰে সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, 24 খন জিলাৰ দুই লাখৰো অধিক পৰিয়াল বানত ক্ষতিগ্ৰস্ত হোৱাৰ সময়তে মুখ্যমন্ত্ৰীয়ে অসমবাসীক টুইটাৰযোগে জনাবলৈ পাই গৌৰৱ অনুভৱ কৰিছে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ফোন কৰি খবৰ লৈছে । লগতে অমিত শ্বাহৰ মাতষাৰ শুনি অসমৰ মানুহে বানপানীত শান্তি বিচাৰি নাপায় বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

অমিত শ্বাহৰ মাত শুনি অসমৰ মানুহে বানপানীত শান্তি বিচাৰি নাপায় : ভূপেন বৰা

তাৰোপৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে চৰকাৰে কি ব্যৱস্থা লৈছে বুলি কটাক্ষ কৰি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । ইয়াৰ লগতে বানত ক্ষতিগ্ৰস্ত হোৱাসকলৰ পুনৰ সংস্থাপন তথা সাহায্যৰ বাবে কি কৰিছে বুলি প্ৰশ্ন কৰে ভূপেন বৰাই ।

কেৱল ষ্টেটমেণ্ট নাইবা টেলিফোন কৰি বিজেপি চৰকাৰে বান-গৰাখহনীয়াৰ সমস্যাৰ পৰা হাত-হাৰিব বিচাৰিলে নহ'ব বুলি উল্লেখ কৰি তেওঁ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

লগতে পঢ়ক : Assam flood updates : বানত আক্ৰান্ত ৰাজ্যৰ চাৰি লক্ষাধিক জনতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.