ETV Bharat / city

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি হ’ল অংকিতা দত্ত

author img

By

Published : Nov 25, 2021, 6:36 PM IST

চলিত বৰ্ষত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত আমগুৰি বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰা অংকিতা দত্তক দিয়া হৈছে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব (new president of APYC) ৷

Ankita Dutta became the new president off APYC
Ankita Dutta became the new president off APYC

গুৱাহাটী, ২৫ নবেম্বৰ : অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়া হৈছে অংকিতা দত্তক (Ankita Dutta became the new president off APYC)। উল্লেখযোগ্য যে, প্ৰয়াত কংগ্ৰেছ নেতা অঞ্জন দত্তৰ জীয়ৰী অংকিতা দত্ত যুৱ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হোৱাৰ পূৰ্বে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভানেত্ৰীৰ দায়িত্বত আছিল ।

Ankita Dutta became the new president off APYC
অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি হ’ল অংকিতা দত্ত

চলিত বৰ্ষত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচন(Assam assembly election 2021 )ত আমগুৰি বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল অংকিতা দত্তই । পিতৃয়ে প্ৰতিনিধিত্ব কৰা সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী অংকিতা দত্ত পৰাস্ত হৈছিল যদিও যথেষ্ট সংখ্যক ভোট লাভ কৰিবলৈ সক্ষম হৈছিল যুৱ নেত্ৰী গৰাকী । ইফালে, ৰাজ্যৰ যুৱ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব প্ৰদান কৰা হৈছে ৰাতুল পাটোৱাৰীক ।

চলিত বৰ্ষত অনুষ্ঠিত হোৱা অসম বিধান সভা নিৰ্বাচনত ধৰ্মপুৰ বিধানসভা সমষ্টিৰ পৰা ৰাতুল পাটোৱাৰীয়ে কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দিতা কৰি পৰাস্ত হৈছিল । উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বি ভিয়ে(National president of Youth congress Srinavash B V) বৃহস্পতিবাৰে দুয়োগৰাকীকে সভাপতি আৰু কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়ে ।

লগতে পঢ়ক : Civic body election of Tripura : গণতন্ত্ৰৰ প্ৰতি ভাবুকি অহাৰ অভিযোগ বিজেপি নেতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.