ETV Bharat / city

ৰাইজক পুনৰ কা আন্দোলনত অংশ লোৱাৰ আহ্বান লুৰীণজ্যোতি গগৈৰ

author img

By

Published : Aug 17, 2022, 11:03 PM IST

সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত আৰম্ভ হোৱা কা আন্দোলনলৈ সমৰ্থন অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ (AJP supports anti CAA protest) ৷ CAA অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে কেতিয়াও মনা নাছিল আৰু ভবিষ্যতেও মানিব নোৱাৰে বুলি মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে (Lurinjyoti Gogoi on CAA protest) ৷

AJP supports anti CAA protest called by NESO
AJP supports anti CAA protest called by NESO

গুৱাহাটী, 17 আগষ্ট : ৰাজ্যত পুনৰ আৰম্ভ হোৱা কা আন্দোলনৰ সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে মন্তব্য প্ৰকাশ কৰিছে (Lurinjyoti Gogoi on CAA protest) । তেওঁ সংবাদমাধ্যমৰ আগত কয় যে, আজিৰ পৰা উত্তৰ-পূৱ ছাত্ৰ সংগঠনৰ উদ্যোগত সমগ্ৰ উত্তৰ-পূবাঞ্চলজুৰি কা বিৰোধী সংগ্ৰাম পুনৰ আৰম্ভ হৈছে । এই সংগ্ৰামৰ প্ৰতি অসম জাতীয় পৰিষদৰ পূৰ্ণ সমৰ্থন আছে আৰু থাকিব (AJP supports anti CAA protest) ।

তেওঁ লগতে কয় যে, CAA অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে কেতিয়াও মনা নাছিল আৰু ভবিষ্যতেও মানিব নোৱাৰে (Anti CAA protest in Assam)। কাৰণ কা জাপি দি অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজ প্ৰতি কেন্দ্ৰীয় চৰকাৰে অন্যায় কৰিছে । এই কা বিৰোধী সংগ্ৰাম পুনৰ আৰম্ভ কৰিবলৈ আহ্বান লুৰীণজ্যোতি গগৈৰ (Lurinjyoti Gogoi urges public for caa protest) । তেওঁ আছু, যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বৰ লগতে আগন্তুক দিনত প্ৰতিটো ছাত্ৰ সংগঠন, জাতী-জনগোষ্ঠীয় দল-সংগঠন, সহিত্য সভা, খিলঞ্জীয়া সাহিত্য সভা প্ৰত্যেকেই এই আন্দোলনত যোগ দিব লাগে বুলি মন্তব্য কৰে ৷

কা বিৰোধী আন্দোলনলৈ সমৰ্থন অসম জাতীয় পৰিষদৰ

লুৰীণজ্যোতি গগৈয়ে কয় যে, কা আন্দোলনক আৰক্ষীয়ে সম্পূৰ্ণৰূপে বাধা দিছে (Police blocked CAA protest) । চৰকাৰে আন্দোলন মষীমূৰ কৰিবলৈ উঠি-পৰি লাগিছে । চৰকাৰে গণতান্ত্ৰিক আন্দোলনলৈ ভয় কৰে, সেই বাবে আৰক্ষী মোতায়েন কৰি আন্দোলন বন্ধ কৰিবলৈ উঠিপৰি লাগিছে ।

চৰকাৰে এই আন্দোলন বাধা দিবৰ বাবে সকলো ধৰণৰ কূট-কৌশলৰ প্ৰচেষ্টা ৰাখিছে । অসমৰ প্ৰতি কৰা অন্যায় আৰু অসমৰ ৰাইজৰ সংগ্ৰামী চেতনা আৰু আবেগক কেতিয়াও কোনো কাৰণতে বাধ দি ৰাখিব নোৱাৰে চৰকাৰে । এই আন্দোলনত যদি সকলো জপিয়াই নপৰে আগন্তুক দিনত অসমৰ ভৱিষ্যত অতি ভয়ংকৰ হৈ পৰিব বুলি মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে ।

লগতে পঢ়ক : নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত উত্তাল গুৱাহাটী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.