ETV Bharat / city

নাৰায়নপুৰ আৰু জালুকবাৰীত পথ দুৰ্ঘটনা : নিহত দুই

author img

By

Published : Dec 22, 2019, 2:31 PM IST

ৰাজ্যৰ দুটাকৈ স্থানত সংঘটিত পথ দুৰ্ঘটনাত দুজনকৈ লোকে প্ৰাণ হেৰুৱাইছে ৷ লখিমপুৰ নাৰায়নপুৰ আৰু গুৱাহাটীত সংঘটিত হয় এই দুৰ্ঘটনা ৷

নিহত দুই
পথ দুৰ্ঘটনা

নিউজ ডেস্ক, 22 ডিচেম্বৰ : লখিমপুৰৰ নাৰায়ণপুৰত দ্ৰুতবেগী ডাম্পাৰে এজন বাইক আৰোহীক মহতিওৱাৰ ফলত এজন লোক নিহত হয় ৷ অতি সংকটজনক অৱস্থাত আঘাতপ্ৰাপ্ত ব্যক্তিজনক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়তে ব্যক্তিজনে মৃত্যুক সাৱটি লয় ৷ এই পৰ্যন্ত নিহত ব্যক্তিজনৰ পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

ৰাজ্যৰ দুটাকৈ স্থানত পথ দুৰ্ঘটনা

আনহাতে, মহানগৰীৰ ফৰেষ্ট স্কুলৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয় ৷ ব্যক্তিজন জালুকবাৰীৰ পৰা বৰঝাৰ বিমানবন্দৰ অভিমুখে আহি থকা অৱস্থাত পিছফালৰ পৰা এখন তীব্ৰবেগী ত্ৰেভেলাৰে খুন্দিয়ায় ৷ ফলত থিতাতে নিহত হয় গুৱাহাটী ৰে'লৱে কলনীৰ বাসিন্দা প্ৰণৱ দাস । ঘটনাস্থলীত জালুকবাৰী যানবাহন আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে ।

আৰু পঢ়ক : কটকত শৃংখলা দখলৰ লক্ষ্যৰে নামিব ভাৰতীয় দল

Intro:
নাৰায়ণপুৰত পথ দুঘটনা ৷ দ্ৰুতবেগী ডাম্পাৰে মহতিয়ালে বাইক আৰোহী ৷ AS-12T- 4832 নম্বৰৰ ৰয়েল এন্ডফিল্ড বাইকত অহা আৰোহীক মহতিয়াই নিলে AS-07 C-7277 নম্বৰৰ ডাম্পাৰ খনে ৷ অতি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও ইতিমধ্যে মৃত্যু ঘটে ব্যক্তিজনৰ৷ এই পৰ্যন্ত পৰিচয় লাভ কৰা নাই ব্যক্তিজনৰ৷Body:
নাৰায়ণপুৰত পথ দুঘটনা ৷ দ্ৰুতবেগী ডাম্পাৰে মহতিয়ালে বাইক আৰোহী ৷ AS-12T- 4832 নম্বৰৰ ৰয়েল এন্ডফিল্ড বাইকত অহা আৰোহীক মহতিয়াই নিলে AS-07 C-7277 নম্বৰৰ ডাম্পাৰ খনে ৷ অতি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও ইতিমধ্যে মৃত্যু ঘটে ব্যক্তিজনৰ৷ এই পৰ্যন্ত পৰিচয় লাভ কৰা নাই ব্যক্তিজনৰ৷Conclusion:চাণক্য বৰুৱা, বিহপুৰীয়া৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.