ETV Bharat / city

গুৱাহাটীবাসীৰ নিৰাপত্তাৰ দিশত এটা প্ৰশ্নবোধক চিহ্ন আহিছে : সমুজ্জল ভট্টাচাৰ্য

author img

By

Published : Apr 22, 2022, 7:18 PM IST

সুদীৰ্ঘ ৯ বছৰৰ অন্তত শুকুৰবাৰে অনুষ্ঠিত হ’ল বহু চৰ্চিত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন । নিৰ্বাচনত ভোট দিবলৈ আহি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই (AASU chief Samujjal Bhattacharjya )ব্যক্ত কৰিলে গুৱাহাটীকলৈ তেওঁৰ আশা, গুৱাহাটীয়ে নোপোৱাখিনিৰ বেদনা ৷

aasu-chief-samujjal-bhattacharjyas-reaction-after-casting-vote-in-gmc-election
গুৱাহাটীকলৈ আশা, নোপোৱাৰ বেদনা সম্পৰ্কত কি ক’লে ড৹ সমুজ্জ্বল ভট্টাচাৰ্যই ?

গুৱাহাটী, ২২ এপ্ৰিল: সুদীৰ্ঘ ৯ বছৰৰ অন্তত শুকুৰবাৰে অনুষ্ঠিত হ’ল বহু চৰ্চিত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন । ৫৭ টা ৱাৰ্ডৰ ৭৫৭ টা কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটদান । কেন্দ্ৰ সমূহত ভোট প্ৰদান কৰা নাগৰিকৰ সংখ্যা সেৰেঙা পৰিলক্ষিত হৈছে । ইয়াৰ মাজতে, মহানগৰীৰ ৩৬ নং ৱাৰ্ডৰ দক্ষিণ শৰণীয়া এলপি স্কুলত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই (Samujjal Bhattacharjya's reaction after casting vote in GMC election )।

ভোট প্ৰদান কৰি তেওঁ কয় যে, গুৱাহাটীৰ নাগৰিকৰ বহু আশা আছে সেয়ে, ৰাস্তা ঘাট, নলা-নৰ্দমা ভাল হোৱাৰ লগতে যান-জঁটৰ সমস্যা নোহোৱা কৰা, ২৪ ঘন্টাই মহানগৰবাসীক বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিব লাগে । তদুপৰি নাগৰিকৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে (Safety issue of Guwahati people) । গুৱাহাটীবাসীৰ নিৰাপত্তাৰ কথাৰে তেওঁ কয়, এতিয়া নিৰাপত্তাৰ দিশত এটা প্ৰশ্নবোধক চিহ্ন আহিছে ।

গুৱাহাটীকলৈ আশা, নোপোৱাৰ বেদনা সম্পৰ্কত কি ক’লে ড৹ সমুজ্জ্বল ভট্টাচাৰ্যই ?

গুৱাহাটীৰ পাহাৰ সুৰক্ষিত কৰি বছৰ বছৰ ধৰি বাস কৰি অহা খিলঞ্জীয়াক মাটিৰ পট্টা দিব লাগে বুলি মন্তব্য কৰি তেওঁ কয় যে দক্ষিণ শৰণীয়া পাহাৰত গান্ধী মণ্ডপ থকাৰ লগতে ভৈয়ামত কস্তুৰবা আশ্ৰম আছে য’ত মহাত্মাগান্ধী আহিছিল । সেয়েহে গোটেইখিনি সামৰি পৰ্যটকৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব লাগে বুলিও মন্তব্য কৰে তেওঁ ।

আনহাতে গুৱাহাটীবাসীয়ে নোপোৱাৰ বেজাৰ প্ৰকাশ কৰি তেওঁ কয় আমোলা, ৰাজনৈতিক নেতা সকলোৱে মহানগৰত ধুনীয়া ঘৰ-মাটি বিচাৰে । কিন্তু কোনেও মহানগৰীখন নিজৰ বুলি নাভাবে । এই বাবেই সৰ্বাংগ সুন্দৰ গুৱাহাটী পাবলৈ কোনেও ব্যৱস্থা নকৰে বুলিও মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা গৰাকীয়ে ।
লগতে পঢ়ক : জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত কোকৰাঝাৰত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.