ETV Bharat / city

ৰাজ্যত পুনৰ ক'ভিডৰ উকমুকনি: 24 ঘন্টাত আক্ৰান্ত 21

author img

By

Published : Jun 16, 2022, 3:08 PM IST

২৪ ঘণ্টাত ৰাজ্যখনৰ ২১ জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে । ৰাজ্যখনত ক'ভিড আক্ৰান্তৰ হাৰ ২.৮৯ শতাংশলৈ বৃদ্ধি পাইছে । ৰাজ্যখনত সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা ৫৪ জনলৈ বৃদ্ধি পাইছে । ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অম্বুবাচী মেলাত আহিবলগীয়া দেশী-বিদেশী পৰ্যটক-দৰ্শনাৰ্থীক লৈ উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগ ৷

ৰাজ্যত পুনৰ ক'ভিডৰ উকমুকনি: 24 ঘন্টাত আক্ৰান্ত 21
ৰাজ্যত পুনৰ ক'ভিডৰ উকমুকনি: 24 ঘন্টাত আক্ৰান্ত 21

গুৱাহাটী, ১৬ জুন: ৰাজ্যত পুনৰ ক’ভিডৰ উকমুকনি । দেশৰ কেইবাখনো ৰাজ্যৰ লগতে শেহতীয়াকৈ অসমতো ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱা দেখা গৈছে । বিগত ২৪ ঘণ্টাত ৰাজ্যখনৰ ২১ জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে (21 people in Assam are newly infected with covid in 24 hours) । ৰাজ্যিক স্বাস্থ্য মিছনৰ বুলেটিনত প্ৰকাশ পোৱা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ৭২৬ জন লোকৰ ক’ভিড পৰীক্ষা কৰাৰ বিপৰীতে গুৱাহাটীত ১১ জন, বঙাইগাঁৱত ২ জন, কামৰূপত ৭ জন আৰু নগাঁৱত এজন লোকৰ দেহত নতুনকৈ ক’ভিড পজিটিভ ধৰা পৰে ।

ৰাজ্যত পুনৰ ক'ভিডৰ উকমুকনি: 24 ঘন্টাত আক্ৰান্ত 21
ৰাজ্যত পুনৰ ক'ভিডৰ উকমুকনি: 24 ঘন্টাত আক্ৰান্ত 21

চৰকাৰী তথ্য মতে বুধবাৰৰ দিনটোত ৰাজ্যখনত সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা ৫৪ জনলৈ বৃদ্ধি পাইছে । উল্লেখ্য যে বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ক'ভিড আক্ৰান্তৰ হাৰ হৈছে ২.৮৯ শতাংশ । আনহাতে মঙলবাৰে ৰাজ্যখনত ৪৩২ জন লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰ ভিতৰত ১০ জনৰ শৰীৰত ক'ভিডৰ উপস্থিতি ধৰা পৰিছিল । আক্ৰান্তৰ হাৰ আছিল ২.৩১ শতাংশ । সেইদৰে সোমবাৰৰ দিনটোত ২২৩ লোকৰ ক'ভিড পৰীক্ষা কৰাৰ বিপৰীতে ৫ জনৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰিছিল ।

ৰাজ্যত পুনৰ ক'ভিডৰ উকমুকনি: 24 ঘন্টাত আক্ৰান্ত 21
ৰাজ্যত পুনৰ ক'ভিডৰ উকমুকনি: 24 ঘন্টাত আক্ৰান্ত 21

আনহাতে সোমবাৰৰ দিনটোত ক'ভিডত দুজন লোকৰ মৃত্যু হৈছিল । আক্ৰান্তৰ হাৰ আছিল ২.২৪ শতাংশ । অৰ্থাৎ বিগত তিনি দিনত ক'ভিড আক্ৰান্তৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে । অৱশ্যে দেওবাৰে ২৩৪ জন লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল যদিও এজনো পজিটিভ নাছিল । সোমবাৰৰ পৰা আক্ৰান্তৰ হাৰ ক্ৰমাৎ বৃদ্ধি হৈছে । ইফালে এতিয়ালৈকে ৰাজ্যৰ ২,৪৪,৬২,৮১৪ জন লোকে ক'ভিডৰ প্ৰথম পালি, ২,১০,৯৬,১৯৯ জন লোকে দ্বিতীয় পালি আৰু ৫,৭২,১৫৮ জন লোকে প্ৰতিৰক্ষামূলক পালি গ্ৰহণ কৰিছে ।

ৰাজ্যত পুনৰ ক'ভিডৰ উকমুকনি: 24 ঘন্টাত আক্ৰান্ত 21
ৰাজ্যত পুনৰ ক'ভিডৰ উকমুকনি: 24 ঘন্টাত আক্ৰান্ত 21

উল্লেখ্য যে ক’ভিড আক্ৰান্তৰ সংখ্যা শেহতীয়াকৈ পুনৰ বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগ । চলিত মাহত অনুষ্ঠিত হ’বলগীয়া কামাখ্যাৰ অম্বুবাচী মেলাত দেশ-বিদেশৰ পৰা অহা ভক্ত তথা পৰ্যটকৰ জৰিয়তে ৰাজ্যত ক’ভিড সংক্ৰমণৰ আশংকা ব্যক্ত কৰিছে স্বাস্থ্য বিভাগে (Covid may sprayed again in coming Ambubashi mela) । এই ক্ষেত্ৰত স্বাস্থ্য বিভাগে প্ৰয়োজনীয় সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক: বানত বুৰিছে 18 খন জিলা : বিপদসীমাৰ ওপৰেৰে বৈছে মানাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.