ETV Bharat / city

ডিব্ৰুগড় জিলা উপায়ুক্তৰে বৈঠক প্ৰাক্তন আলফা (স্বা) সমন্বয়ৰক্ষী সমিতিৰ

author img

By

Published : Apr 1, 2022, 2:06 PM IST

ULFA I coordination committee meeting with Dibrugarh DC
ডিব্ৰুগড় জিলা উপায়ুক্তৰে বৈঠক প্ৰাক্তন আলফা(স্বা) সমন্বয়ৰক্ষী সমিতি

প্ৰাক্তন আলফাৰ সমস্যা সমাধানৰ উদ্দেশ্যে বৃহস্পতিবাৰে প্ৰাক্তন আলফা(স্বা) সমন্বয়ৰক্ষী সমিতিৰ সৈতে আলোচনাত মিলিত হয় ডিব্ৰুগড় জিলা উপায়ুক্ত(ULFA I coordination committee meeting with Dibrugarh DC) ৷ ৰাজ্যখনৰ কৃষি উদ্যোগক উন্নত কৰি তোলাত আত্মপ্ৰয়োগ কৰিব বিচাৰিছে প্ৰাক্তন আলফা কৰ্মীসকলে ৷

মৰাণ, 1 এপ্ৰিল : ডিব্ৰুগড়ত প্ৰাক্তন আলফা(স্বা) সমন্বয়ৰক্ষী সমিতিৰে বুধবাৰে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় উপায়ুক্ত বিশ্বজিত পেগু(ULFA I coordination committee meeting with Dibrugarh DC) । ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এই বৈঠকত প্ৰাক্তন আলফা কৰ্মীসকলৰ জ্বলন্ত সমস্যাসমূহৰ সন্দৰ্ভত আলোচনা কৰা হয় । প্ৰাক্তন আলফা(স্বা) সমন্বয়ৰক্ষী সমিতিৰ সহঃ সমন্বয়ক জয়দীপ মৰাণ ওৰফে নীৰৱ অসম আৰু যুটীয়া মুখ্য সমন্বয়ক ৰহেন্দ্ৰ মৰাণ ওৰফে গুলী অসমৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে উপায়ুক্ত বিশ্বজিত পেগুৰ সন্মুখত ৰাজ্যখনৰ কৃষি খণ্ডত আত্মনিয়োগ কৰাৰ কথা প্ৰকাশ কৰে ৷

উল্লেখ্য যে, অসমৰ কেইবাখনো জিলাত বিশেষকৈ শীতকালীন খেতিৰ বাবে উপযোগী বৃহৎ পৰিমাণৰ কৃষিভূমি পৰিত্যক্ত হৈ আছে । এই কৃষিভূমিত বিভিন্ন খাদ্য শস্যৰ লগতে শাক-পাচলি, ফল-মূল ইত্যাদি উৎপাদন কৰি ৰাজ্যখনৰ কৃষিখণ্ডক উন্নত কৰি তোলাত আত্মপ্ৰয়োগ কৰিব বিচৰাৰ কথা ব্যক্ত কৰে ৷ তেওঁলোকে লগতে বৰ্তমান চৰকাৰৰ কৃষি বিভাগে অসমৰ কৃষিক্ষেত্ৰৰ সৰ্বাংগীন বিকাশৰ বাবে আগবঢ়োৱা সা-সুবিধাবোৰ গ্ৰহণ কৰি সঠিক পদ্ধতিৰে প্ৰাক্তন আলফা কৰ্মীসকলক কৃষি কাৰ্যত আত্মনিয়োগ কৰিব পৰাৰ সুযোগ দিবলৈ দাবী জনায় ।

প্ৰাক্তন আলফা(স্বা) সমন্বয়ৰক্ষী সমিতিৰ সদস্য

প্ৰতিনিধিৰ দলটোৱে অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ অধীনত সংস্থাপনৰ ব্যৱস্থা কৰা, ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানত ৯০ শতাংশ থলুৱা খিলঞ্জীয়া লোকক সংস্থাপনৰ ব্যৱস্থা কৰা সন্দৰ্ভত বৈঠকত আলোচনা কৰে ৷ তেওঁলোকে লগতে আত্মসমৰ্পণৰ বাবে মূলসুঁতিলৈ বুলি ম্যানমাৰৰ পৰা উভতি আহি অৰুণাচল, নাগালেণ্ড আৰু অসমত নাটকীয় ৰূপত আটকাধীন সদস্যসকলক নিৰ্দিষ্ট ৰাজ্যসমূহত চলি থকা মোকৰ্দমাসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰি তেওঁলোকক অসম চৰকাৰৰ গৃহ বিভাগৰ আনুষ্ঠানিক প্ৰক্ৰিয়াৰ জৰিয়তে আত্মসমৰ্পণ কৰাই সংস্থাপনৰ ব্যৱস্থা কৰাকে ধৰি আন কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভতো আলোচনা কৰে ।

উল্লেখযোগ্য যে, প্ৰাক্তন আলফা (স্বা) সমন্বয়ৰক্ষী সমিতিৰে বুধবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগু(Dibrugarh DC Biswajit Pegu) আৰু ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰে(Dibrugarh district SP Shwetank Mishra) ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল । কিন্তু ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষকগৰাকী অনুপস্থিত থকাৰ পৰিপ্ৰেক্ষিতত ব'হাগ বিহুৰ পিছতহে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

লগতে পঢ়ক : ত্ৰিপুৰাৰ একমাত্ৰ তৃণমূল কংগ্ৰেছৰ পৌৰ পৰিষদৰ সদস্যৰ বিজেপিত যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.