ETV Bharat / city

Ujjwal Bharat Ujjwal Bhavishya program: লাহোৱালত উদযাপন বিজুলী মহোৎসৱ

author img

By

Published : Jul 29, 2022, 10:06 PM IST

আজাদী কা অমৃত মহোৎসৱৰ (Azadi Ka Amrit Mahotsav) লগত সংগতি ৰাখি লাহোৱালৰ ২ নং ম’হমাৰী গাঁৱত অনুষ্ঠিত কৰা হয় বিজুলী মহোৎসৱ (Bijuli Mahotsav in Lahowal)। ৰাজ্যৰ শক্তি বিভাগৰ উদ্যোগত ৰূপায়িত আঁচনি সমূহৰ বিষয়ে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে আয়োজন কৰা হয় এই কাৰ্যসূচী ৷

Ujjwal Bharat Ujjwal Bhavishya program
Ujjwal Bharat Ujjwal Bhavishya program

ডিব্ৰুগড়, 29 জুলাই: লাহোৱালৰ ২ নং ম’হমাৰী গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ উদ্যোগত আজাদী কা অমৃত মহোৎসৱৰ (Azadi Ka Amrit Mahotsav) লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় বিজুলী মহোৎসৱ (Bijuli Mahotsav in Lahowal)। ৰাজ্যৰ শক্তি বিভাগৰ উদ্যোগত ৰূপায়িত আঁচনি সমূহৰ বিষয়ে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে আয়োজন কৰা হয় এই কাৰ্যসূচী ৷

লাহোৱালত উদযাপন বিজুলী মহোৎসৱ

অনুষ্ঠানত উপস্থিত থাকে জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰীনা মেছ, লাহোৱাল উন্নয়ন খণ্ড বিষয়া বেদব্ৰত পেগু, জিলা পৰিষদৰ উপ-সভানেত্ৰী পুষ্পঞ্জলি সোণোৱালকে ধৰি বহু গণ্যমান্য বিষয়া । বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিধায়ক বিনোদ হাজৰিকাই । বিজুলী সংযোগৰ জৰিয়তে গ্ৰামাঞ্চলৰ লোক সকলৰ কেনেদৰে সহায় কৰিছে তাৰ ওপৰত কেইবাখনো স্থিৰচিত্ৰ প্ৰদৰ্শন কৰা হয় অনুষ্ঠানত ।

আনহাতে এই অনুষ্ঠানত পল্টন বজাৰৰ শিশুসকলৰ দ্বাৰা ৰাইজৰ মাজত এখনি সজাগতামূলক নাটকো উপস্থাপন কৰা হয় ৷ তাৰোপৰি এক নৃত্যও প্ৰদৰ্শন কৰা হয় এই অনুষ্ঠানত ৷

উল্লেখ্য যে, ভাৰতৰ স্বাধীনতাৰ 75 বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱ পালন কৰা হৈছে সমগ্ৰ দেশত (Azadi Ka Amrit Mahotsav)। এই আজাদী কা অমৃত মহোৎসৱৰ অধীনত জিলাই জিলাই ‘‘উজ্জ্বল ভাৰত উজ্জ্বল ভৱিষ্যত@2047’’ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে (Ujjwal Bharat Ujjwal Bhavishya program)।

লগতে পঢ়ক : Azadi Ka Amrit Mahotsav: ডিমা হাছাওত বিজুলী মহোৎসৱ উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.