মৰাণত বিশিষ্ট সাহিত্যিক ইলা বৰগোহাঁইৰ দুখন গ্ৰন্থ উন্মোচন

author img

By

Published : Oct 23, 2020, 7:43 AM IST

Two book Inaugurated in 173 no Jonaki mel At Moran

মৰাণৰ সাহিত্য চৰ্চাৰ এক অন্যতম অনুষ্ঠান জোনাকী মেলৰ এখন বৈঠকত বিশিষ্ট সাহিত্যিক ইলা বৰগোহাঁইৰ দুখনকৈ উপন্যাস উন্মোচন কৰে ৷

মৰাণ, ২৩, অক্টোবৰঃ কৰ'ণা মহামাৰীৰ কাৰণে ডিব্ৰুগড় জিলা মৰাণৰ সাহিত্য চৰ্চাৰ এক অন্যতম অনুষ্ঠান জোনাকী মেলৰ বৈঠক কেইবামাহো ধৰি বন্ধ হৈ থকাৰ পাছত বৃহস্পতিবাৰে নিশা ১৭৩ সংখ্যক এখন বৈঠক অনুষ্ঠিত হয় । মৰাণৰ উষাপুৰ নিবাসী দেবেন বৰগোহাঁই আৰু সাহিত্যিক ইলা বৰগোহাঁইৰ আতিথ্যত উক্ত বৈঠক খন অনুষ্ঠিত হয় ।

Two book Inaugurated in 173 no Jonaki mel At Moran
মৰাণত বিশিষ্ট সাহিত্যিক ইলা বৰগোহাঁইৰ দুখন গ্ৰন্থ উন্মোচন

বিশিষ্ট সাহিত্যিক তথা মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড0 অনিল শইকীয়াই সভাপতিত্বত কৰা বৈঠক খনৰ উদ্দেশ্য ব্যাখ্যা কৰে জোনাকী মেলৰ মুখ্য উদ্যোক্তা বাছা বৰাই । লগতে বৈঠক খনত বিশিষ্ট সাহিত্যিক ইলা বৰগোহাঁইৰ সদ্য প্ৰকাশিত উপন্যাস " হে মহানগৰ হে মহাসাগৰ " আৰু ভ্ৰমণ কাহিনী "সাতোখন সুৰীয়া নৈ " নামৰ গ্ৰন্থ দুখনৰ শুভ উন্মোচন কৰে ।

Two book Inaugurated in 173 no Jonaki mel At Moran
মৰাণত বিশিষ্ট সাহিত্যিক ইলা বৰগোহাঁইৰ দুখন গ্ৰন্থ উন্মোচন

ইফালে মাংগলিক উৰুলি ধ্বনি দি গ্ৰন্থ দুখন উন্মোচন কৰে বিশিষ্টা সাহিত্যিক ডাঃ লোহিত কুমাৰ বৰা আৰু বাল্য বিকাশ বিদ্যালয়ৰ প্ৰধান শিক্ষক ড0 স্বপন কুমাৰ চুতীয়াই । উন্মোচকদ্বয়ৰ উপৰিও শিক্ষক নবীন হাজৰিকাই গ্ৰন্থ দুখনৰ বিষয় বস্তুৰ লগতে সাহিত্যিক বৰগোহাঁইৰ কৰ্মময় জীৱন সম্পৰ্কে বক্তব্য আগবঢ়াই । উক্ত সভাত অঞ্চলটোৰ কেইবাজনো সাহিত্যক,সাংবাদিক,বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

লগতে পঢ়ক- তেজপুৰ বৈদ্যুতিক চক্ৰৰ গ্ৰাহকৰ বাবে ভাল খবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.