ETV Bharat / city

ডিব্ৰুগড়ত সোনোৱাল কছাৰী সকলৰ পৰম্পৰাগত বহুৱা নৃত্য

author img

By

Published : May 7, 2022, 10:47 PM IST

শনিবাৰে ডিব্ৰুগড়ৰ খোৱাং নাহৰণি গাঁৱত শনিবাৰে সোনোৱাল কছাৰীসকলৰ পৰম্পৰাগত বহুৱা নৃত্য প্ৰদৰ্শন কৰা হয় (Traditional Bohua Dance performance in Khawang)। অনুষ্ঠান উপভোগ কৰিবলৈ বহু লোকে ভিৰ কৰেহি নাহৰণি গাঁৱত ৷

traditional-bohuwa-dance-held-at-khowang-in-dibrugarh
ডিব্ৰুগড়ত সোনোৱাল কছাৰী সকলৰ পৰম্পৰাগত বহুৱা নৃত্য

মৰাণ, 7 মে’ : শনিবাৰে ডিব্ৰুগড়ৰ খোৱাং নাহৰণি গাঁৱত শনিবাৰে সোনোৱাল কছাৰীসকলৰ পৰম্পৰাগত বহুৱা নৃত্য (Bohuwa is a traditional event of the Sonowal Kacharis) প্ৰদৰ্শন কৰা হয় । খোৱাঙৰ নাহৰণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত 74 সংখ্যক দ্বি- বাৰ্ষিক বহুৱা নৃত্যৰ এই অনুষ্ঠানটোত নৃত্য প্ৰদৰ্শনকাৰীসকলে মুখা আৰু দেহটো কলগছৰ পাতেৰে মেৰিয়াই লয় (Traditional Bohua Dance performance in Khawang) ।

ডিব্ৰুগড়ত সোনোৱাল কছাৰী সকলৰ পৰম্পৰাগত বহুৱা নৃত্য

লগতে অনুষ্ঠানটোত উপস্থিত থাকি ৰজাইও 101 খিলা কলপাত মেৰিয়াই লয় ৷ উল্লেখ্য যে, বহুৱা নাচ অসমৰ সোণোৱাল কছাৰীসকলৰ এক ধৰ্মীয় অনুষ্ঠান । সোণোৱাল কছাৰীসকলে এই নাচ প্ৰধানকৈ শিৱক সন্তুষ্ট কৰিবৰ কাৰণে পৰিৱেশন কৰে ৷ তেওঁলোকৰ বিশ্বাস মতে, প্ৰভু সন্তুষ্ট হ’লেই সমাজৰ পৰা অপায়-অমংগল দূৰ হ’ব, বেমাৰ-আজাৰ আঁতৰিব আৰু সমাজত শান্তি স্থাপিত হ’ব ।

মন কৰিবলগীয়া কথা যে, এই অনুষ্ঠানত অংশগ্ৰহণ কৰা শিল্পীসকলৰ সাজ-সজ্জা কৰা হয় এখন হাবিত । তাত কেৱল বয়সস্থ লোকৰ প্ৰৱেশৰহে অনুমতি থাকে । বহুৱা নৃত্যত অভিনয় কৰা শিল্পীসকলৰ পৰিচয়ো অতি গোপনে ৰখা হয় ।

লগতে পঢ়ক: দুই যুৱকক আলফা(স্বা)ই মৃত্য়ুদণ্ডৰে দণ্ডিত কৰাক লৈ কি ক’লে অনুপ চেতিয়াই?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.