সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Nov 9, 2021, 5:07 PM IST

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

প্ৰয়াত নৰেন্দ্ৰ নাথ মহন্তৰ মৃত‍্যু বাৰ্ষিকীত কলিয়াবৰত পালন শ্বহীদ দিৱস

শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ মৃত‍্যু তিথিৰ লগত সংগতি ৰাখি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই দুদিনীয়াকৈ আয়োজন কৰে শ্বহীদ দিৱস ৷ 8 নৱেম্বৰৰ পৰা কলিয়াবৰত অনুষ্ঠিত হোৱা শ্বহীদ দিৱসৰ আজি দ্বিতীয় দিন ৷

সমুখত যুৱতী দেখি উত্তেজনা বৃদ্ধিৰ কথা কৈ দুৰ্গতি হ’ল দুই সন্তানৰ পিতৃ জিতুৰ

দিন দুপৰতে যুৱতীক দেখি অসৎ কাৰ্য চৰিত্ৰাৰ্থ কৰাৰ উদ্দেশ্য লৈ এইবাৰ পাকত পৰিল দুটাকৈ সন্তানৰ পিতৃ ৷ জানো আহক তাৰ পিছত কি অৱস্থা হ’ল লোকজনৰ ৷


চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত তেজপুৰত CITU-ৰ প্ৰতিবাদ

দীৰ্ঘদিন ধৰি ৰাজ্যৰ চাহ শ্ৰমিকসকল ভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত । সমস্যা সমাধানৰ দাবীত চাহ শ্ৰমিকসকলে বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও আজিলৈ তেওঁলোকৰ সমস্যা সমাধানত ব্যৰ্থ চৰকাৰ ।

দিল্লীৰ যন্তৰ-মন্তৰত আমছুৰ উত্তাল প্ৰতিবাদ

অসমৰ সহস্ৰাধিক আমছু কৰ্মীৰ উত্তাল প্ৰতিবাদত সোমবাৰে কঁপি উঠে দেশৰ ৰাজধানী নতুন দিল্লীৰ ৰাজপথ ৷ দৰঙৰ গৰুখুঁটিত হোৱা চৰকাৰী উচ্ছেদ, এন আৰ চিৰ সমস্যা, অসমৰ সংখ্যালঘুসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা গৈ দিল্লীৰ যন্তৰ-মন্তৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আমছুৰ কৰ্মীসকলে ৷

লামডিঙৰ উচ্ছেদ অভিযানৰ মাজতে উত্তেজনা

সোমবাৰৰ পৰা লামডিং বনাঞ্চলত (Lumding forest) অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ অভিযান । মঙলবাৰে অৰ্থাৎ দ্বিতীয়া দিনাও পুৱাই প্ৰশাসনে আৰম্ভ কৰিছে উচ্ছেদ । শান্তিপূৰ্ণভাৱেই প্ৰথম দিনা সমাপ্ত হৈছিল উচ্ছেদ অভিযান । প্ৰশাসনৰ নিৰ্দেশনা লাভ কৰাৰ পাছতে বেদখলকাৰীয়ে সেই স্থান ত্যাগ কৰিছে আৰু সমীপৰে এটা অঞ্চলত ত্ৰিপালেৰে শিবিৰ পাতি আছে ।

নিৰ্দিষ্ট সময়ত সম্পূৰ্ণ টীকাকৰণৰ বাবে বিশেষ পদক্ষেপ লৈছে ত্ৰিপুৰা চৰকাৰে

ক'ভিডৰ দ্বিতীয় পালি প্ৰতিষেধক নিৰ্দিষ্ট সময়ৰ ভিতৰত সকলো লোককে প্ৰদান কৰাৰ উদ্দেশ্যে কেইবাটাও পদক্ষেপ লৈছে ত্ৰিপুৰা চৰকাৰে । টীকাকৰণ প্ৰক্ৰিয়াত ৰাজ্য চৰকাৰক সহযোগ কৰিছে বিভিন্ন ক্লাবসমূহে । ক্লাবসমূহৰ এনে পদক্ষেপক প্ৰশংসা মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ ।

বৰপথাৰত তিহাৰ উৎসৱ পালন

গোলাঘাট জিলাৰ বৰপথাৰৰ চকলি মিৰিগাঁৱত সোমবাৰে নেপালী জনগোষ্ঠীয় তিহাৰ উৎসৱ পালন কৰা হয় । চকলি মিৰিগাঁৱৰ ধ্ৰুৱজ্যোতি ক্লাৱৰ প্ৰাংগণত মহা ধুমধামেৰে পালন কৰা হয় তিহাৰ উৎসৱ । ভৈলী গাই আপোন পাহৰা হয় অঞ্চলটোৰ জনগোষ্ঠীটোৰ লোকসকল । আয়তী আৰু যুৱতীৰ নৃত্য-গীতত মুখৰিত হৈ পৰে সমগ্ৰ অঞ্চল ৷

ডিব্ৰুগড়ত আৰক্ষী বিষয়াৰে DGP ভাস্কৰ জ্যোতি মহন্তৰ গুৰুত্বপূৰ্ণ বৈঠক

নাৰীজনিত অপৰাধৰ গোচৰ গ্ৰহণ কৰোতে আৰক্ষীক সদায় সচেতন হ’বলৈ আহ্বান আৰক্ষী সঞ্চালক প্ৰধান প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ ৷ আৰক্ষী বিভাগৰ সংস্কাৰৰ বাবে ডিব্ৰুগড়ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ গুৰুত্বপূৰ্ণ বৈঠক ৷

চিকিৎসকৰ অভাৱ ৰাজ্যৰ বহু চৰকাৰী চিকিৎসালয়ত

ৰাজ্যত বছৰত প্ৰায় 1000 গৰাকী নতুন চিকিৎসক নিয়োগ কৰাৰ পথ প্ৰশস্ত হোৱাৰ পিছতো প্ৰয়োজনীয় চিকিৎসকৰ পদবোৰ পূৰণ কৰিব পৰা নাই ৰাজ্য চৰকাৰে ৷ আজিৰ তাৰিখলৈকে ৰাজ্য়ত 1382 টা পদেই খালী হৈ আছে । যাৰ ফলত সমস্যাত পৰিছে প্ৰত্যেকখন জিলাৰ দায়িত্বত থকা স্বাস্থ্য বিষয়াসকল ৷


ত্ৰিপুৰাত গৃহহীন খিলঞ্জীয়া লোকৰ মাজত ৮ সহস্ৰাধিক কম্বল বিতৰণৰ ব্যৱস্থা

শীতকালত গৰম কাপোৰৰ প্ৰয়োজন কিমান সেয়া চাগে সকলোৱে উপলব্ধি কৰিব পাৰে । কিন্তু এনে বহু লোক আছে, যিসকলে হাঁড় কঁপোৱা জাৰতো গৰম কাপোৰ অবিহনেই পথৰ দাঁতিতে অতি কষ্টেৰে দিন কটাবলগীয়া হয় । ত্ৰিপুৰাত এইবাৰ গৃহহীন খিলঞ্জীয়া লোকক সহায় কৰিবলৈ আগবাঢ়ি আছে TIPRAৰ নেতাসকল । টুইটযোগে TIPRAৰ অধ্যক্ষ প্ৰদ্যুৎ কিশোৰ মানিক্য দেৱবাৰ্মাই জনাইছে যে, দলটোৱে ৰাজ্যখনত ৮ হাজাৰতকৈও অধিক কম্বল বিতৰণ কৰিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.