ETV Bharat / bharat

ত্ৰিপুৰাত গৃহহীন খিলঞ্জীয়া লোকৰ মাজত ৮ সহস্ৰাধিক কম্বল বিতৰণৰ ব্যৱস্থা

author img

By

Published : Nov 9, 2021, 3:46 PM IST

TIPRA to distribute more than 8000 blankets
ত্ৰিপুৰাত ৮ হাজাৰতকৈও অধিক কম্বল বিতৰণ কৰিব TIPRAই

শীতকালত গৰম কাপোৰৰ প্ৰয়োজন কিমান সেয়া চাগে সকলোৱে উপলব্ধি কৰিব পাৰে । কিন্তু এনে বহু লোক আছে, যিসকলে হাঁড় কঁপোৱা জাৰতো গৰম কাপোৰ অবিহনেই পথৰ দাঁতিতে অতি কষ্টেৰে দিন কটাবলগীয়া হয় । ত্ৰিপুৰাত এইবাৰ গৃহহীন খিলঞ্জীয়া লোকক সহায় কৰিবলৈ আগবাঢ়ি আছে TIPRAৰ নেতাসকল । টুইটযোগে TIPRAৰ অধ্যক্ষ প্ৰদ্যুৎ কিশোৰ মানিক্য দেৱবাৰ্মাই জনাইছে যে, দলটোৱে ৰাজ্যখনত ৮ হাজাৰতকৈও অধিক কম্বল বিতৰণ কৰিব ।

নেশ্যনেল ডেস্ক, ৯ নৱেম্বৰ : শীতকাল বহু লোকৰ বাবে ভাল লগা সময় হ'লেও পথৰ দাঁতিত দুৰ্বিসহ জীৱন কটোৱা লোকসকলৰ বাবে এয়া অতি কষ্টকৰ সময় । এখন গৰম কাপোৰৰ অভাৱত কঁপি কঁপি শীতকালটো পাৰ কৰে এই গৃহহীন লোকসকলে । এনে লোকসকলক সহায় কৰাৰ উদ্দেশ্যেৰে কম্বল বিতৰণ কৰাৰ সিদ্ধান্ত লৈছে TIPRAই । উত্তৰ-পূৱৰ আন আন ৰাজ্যৰ লগতে ত্ৰিপুৰাতো ক্ৰমান্বয়ে হ্ৰাস পাইছে তাপমাত্ৰা ।

দ্য ইণ্ডিজেনাছ প্ৰগ্ৰেছিভ ৰিজিঅ'নেল এলায়েন্সৰ অধ্যক্ষ প্ৰদ্যুৎ কিশোৰ মানিক্য দেৱবাৰ্মাই টুইটযোগে জনাইছে যে, এইবাৰ শীতকালত ত্ৰিপুৰাৰ গৃহহীন খিলঞ্জীয়া লোকৰ মাজত ৮ হাজাৰতকৈও অধিক কম্বল বিতৰণ কৰিব দলটোৱে । টুইটত তেওঁ উল্লেখ কৰিছে যে, এইবাৰ কোনো দৰিদ্ৰ তথা গৃহহীন ত্ৰিপুৰীয়ে ঠাণ্ডাত শুব নালাগে । ৰাজ্যখনৰ প্ৰতিখন গাঁৱতে উন্নত মানৰ কম্বল বিতৰণ কৰিব TIPRAই । তেওঁ লগতে কয় যে, তেওঁৰ দলৰ কাম হৈছে জনতাৰ সৈতে থকা আৰু তেওঁলোকৰ সমস্যা সমাধান কৰা ।

তেওঁ জানিবলৈ দিয়ে যে, দীপাৱলীত দলটোৰ যুৱ শাখা যুৱ টিআইপিআৰএ ফেডাৰেশ্যনে শান্তিকলি আশ্ৰমত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলক ২০৫ খন কম্বল প্ৰদান কৰিছে । শীতকালত মানুহে যাতে কষ্টত দিন কটাবলগীয়া নহয়, তাৰ বাবে কাম কৰি যাব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে । TIPRAই উৎসৱৰ বতৰত ৰাজ্যখনৰ দৰিদ্ৰ খিলঞ্জীয়া লোকসকলৰ মাজত বহুতো অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে ।

টুইটযোগে কিছুমান অত্যাৱশ্যকীয় সামগ্ৰীৰ ফটো শ্বেয়াৰ কৰি প্ৰদ্যুতে লিখিছে যে, উৎসৱ উদযাপন কৰাৰ এয়া সৰ্বশ্ৰেষ্ঠ উপায় । যিসকল লোকক কষ্টৰ সময়ত সহায়ৰ প্ৰয়োজন হয়, তেওঁলোকক সহায় কৰিবলৈ প্ৰদ্যুৎ কিশোৰ দেৱবাৰ্মাই আহ্বান জনায় । লগতে নিজ দলৰ কৰ্মকৰ্তাৰ কামত তেওঁ সন্তুষ্টি ব্যক্ত কৰে ।

লগতে পঢ়ক:UNESCO ৰ ক্ৰিয়েটিভ চিটিজ নেটৱৰ্কত শ্ৰীনগৰৰ অন্তৰ্ভুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.