টিংখাঙৰ এখন প্ৰাথমিক বিদ্যালয়ৰ এখন বিশেষ আবেদন লৈ হৈছে চৰ্চা

author img

By

Published : Sep 14, 2022, 4:45 PM IST

Teacher gets a unique application from student

টিংখাঙৰ এখন প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ এখন বিশেষ আবেদনক লৈ চলিছে চৰ্চ্চা ৷ আপোন পঢ়াশালিখনৰ প্ৰতি থকা ভালপোৱা আবেদনৰ জৰিয়তে প্ৰধান শিক্ষকক জনালে ছাত্ৰ-ছাত্ৰীয়ে ৷

মৰাণ, 14 ছেপ্টেম্বৰ: এখন চৰকাৰী প্ৰাথমিক বিদ্যালয় । বিদ্যালয়খনৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মনত বৰ দুখ(Class five Students) । কাৰণ আগন্তুক শিক্ষাবৰ্ষত তেওঁলোকে এৰি যাব লাগিব আপোন বিদ্যালয়খন । যাৰ বাবে বিদ্যালয়ৰ প্ৰধান শিক্ষকক জনালে সমজুৱা আবেদন । যাতে একেখন বিদ্যালয়তে তেওঁলোকৰ বাবে ষষ্ঠ শ্ৰেণীত পঢ়াৰ ব্যৱস্থা কৰি দিব লাগে ।

হয়, এখন বিশেষ আবেদন । আবেদনখন লিখিছে এখন প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ(Teacher gets a unique application from student) । অনুৰোধ যাতে পঞ্চম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত তেওঁলোকক অন্য বিদ্যালয়লৈ যাব দিয়া নহয় । সৰল মনা শিক্ষাৰ্থীসকলৰ প্ৰৱল ইচ্ছা যাতে তেওঁলোকৰ বাবে ষষ্ঠ শ্ৰেণীৰ পাঠদানৰ ব্যৱস্থাও একেখন বিদ্যালয়তে কৰি দিয়া হয় ।

আপোন পঢ়াশালিখনৰ প্ৰতি কিমান ভালপোৱা থাকিলে এনে এখন আবেদন লিখিব পাৰে শিক্ষাৰ্থীয়ে ! তাতে এখন চৰকাৰী বিদ্যালয় । টিংখাঙৰ 2 নং গড়গুৰি গাঁৱৰ পোৱালী পথাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ বিদ্যালয় প্ৰীতিৰ অপূৰ্ব নিদৰ্শন এইয়া । 1967 চনত স্থাপিত হোৱা পোৱালী পথাৰ প্ৰাথমিক বিদ্যালয়ত বৰ্তমান 60 গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে দুজন স্থায়ী শিক্ষক আৰু এগৰাকী অবৈতনিক শিক্ষয়িত্ৰী ।

টিংখাঙৰ এখন প্ৰাথমিক বিদ্যালয়

জয়পুৰ শিক্ষাখণ্ডৰ অধীনৰ বিদ্যালয়খনে আন দহখন বিদ্যালয়ৰ তুলনাত এক সুকীয়া চানেকি তুলি ধৰিবলৈ সক্ষম হৈছে । বিদ্যালয়খনৰ প্ৰধান শিক্ষক অজিত গগৈ আৰু সহঃ শিক্ষক গোপাল বৰাই নেৰানেপেৰা প্ৰচেষ্টা, অশেষ ত্যাগ আৰু দূৰদৰ্শী চিন্তাৰে বিদ্যালয়খন অঞ্চলটোৰ ভিতৰতে জিলিকাই তুলিবলৈ সক্ষম হৈছে । নানাৰঙী ফুলেৰে পৰিবেষ্টিত বিদ্যালয়ৰ চৌহদ ।

বিভিন্ন ধৰণৰ ফলমূল আৰু ঔষধি গছ-লতিকাও উপলব্ধ বিদ্যালয়ৰ চৌহদৰ ভিতৰতে । বিদ্যালয়ৰ ভিতৰে-বাহিৰে আছে শিক্ষাৰ্থীৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ সা-সুবিধা । বিদ্যালয়খনত গুণগত শিক্ষাৰ সমানুপাতে ছাত্ৰ-ছাত্ৰীৰ অন্যান্য প্ৰতিভা বিকাশৰ ওপৰতো গুৰুত্ব প্ৰদান কৰি আহিছে । শিক্ষাৰ্থীসকলৰ বৌদ্ধিক, শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে বিদ্যালয় কৰ্তৃপক্ষই ।

প্ৰতি পুৱাই শিক্ষাৰ্থীক যোগ অভ্যাসৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে নৃত্য-গীত, অভিনয়, দিহানাম, কবিতা, চিত্ৰকলা আদি প্ৰতিটো বিষয়ৰ ওপৰত শিক্ষাৰ্থী সকলক আগবঢ়াই নিবলৈ প্ৰয়াস কৰি আহিছে । উল্লেখযোগ্য যে, 2017 চনত বিদ্যালয় খনে প্ৰথমবাৰৰ বাবে গুণোৎসৱত A+ গ্ৰেড পাবলৈ সক্ষম হৈছিল । সেই ধাৰাবাহিকতা অক্ষুন্ন ৰাখি এইবাৰো বিদ্যালয় খনে A+ গ্ৰেড পাবলৈ সক্ষম হৈছে ।

যি সময়ত চৰকাৰী বিদ্যালয়সমূহৰ মৃত্যুমুখী যাত্ৰা আৰম্ভ হৈছে তেনে সময়তে টিংখাঙৰ এইখন বিদ্যালয়ে কিছু আশাৰ ৰেঙণি কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক: একেৰাহে ১ ঘণ্টা ৩ মিনিট শীৰ্ষাসন কৰি অভিলেখ গঢ়িলে নিপুল দত্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.