ETV Bharat / city

নতুন ভূমি নীতিৰ বিৰুদ্ধে টাই আহোম যুৱ পৰিষদৰ তীব্ৰ প্ৰতিবাদ

author img

By

Published : Jul 6, 2020, 10:29 PM IST

খিলঞ্জীয়াৰ ভূমি নীতিৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবীত টাই আহোম যুৱ পৰিষদৰ তীব্ৰ হুংকাৰ ৷ নতুন ভূমিনীতি বাতিল নকৰিলে জংগী আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সকিয়াই দিছে সংগঠনটোৰ সদস্য সকলে ৷

Tai Ahom Juwa Parishad Protest Against Govt At Dibrugarh
নতুন ভূমি নীতিৰ বিৰুদ্ধে টাই আহোম যুৱ পৰিষদৰ তীব্ৰ প্ৰতিবাদ

ডিব্ৰুগড়, 6 জুলাইঃ চৰকাৰে গ্ৰহণ কৰা নতুন ভূমি নীতিৰ বিৰুদ্ধে ডিব্ৰুগড়ত টাই আহোম যুৱ পৰিষদৰ তীব্ৰ প্ৰতিবাদ ৷ অতি শীঘ্ৰে চৰকাৰক এই নতুন ভূমি নীতি বাতিল কৰিবলৈ সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷

নতুন ভূমি নীতিৰ বিৰুদ্ধে টাই আহোম যুৱ পৰিষদৰ তীব্ৰ প্ৰতিবাদ

নতুন উদ্যোগ নীতিৰ অধ্যাদেশ প্ৰত্যাহাৰ আৰু খিলঞ্জীয়াৰ ভূমি নীতিৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবীত টাই আহোম যুৱ পৰিষদে সোমবাৰে ডিব্ৰুগড়ত প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভূমি নীতিৰ প্ৰতিলিপি দাহ কৰে ৷ লগতে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে । অসমীয়াৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰা আৰু নতুন উদ্যোগ নীতিক সমালোচনা কৰি চৰকাৰৰ এই সিদ্ধান্ত জাতি বিৰোধী আখ্যা দি এনে হঠকাৰী সিদ্ধান্ত অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰাৰ দাবী জনায় ।

তাৰোপৰি, উদ্যোগ স্থাপনৰ নামত খিলঞ্জীয়াৰ হাতত থকা ভূমি অনা অসমীয়াই কোনো কাৰণতে যাতে ক্ৰয় কৰিব নোৱাৰে তাৰ বাবে প্ৰয়োজন হ'লে তীব্র গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে সংগঠনটোৱে । অন্যথা আগন্তুক নিৰ্বাচনৰ সময়ত বিজেপি ভোট বিচাৰি থলুৱা খিলঞ্জীয়াৰ গাৱঁত প্ৰৱেশ কৰিব নোৱাৰিব বুলি হুংকাৰ দিয়ে ৷ লগতে ছয় জনগোষ্ঠীৰ লগতে টাই আহোম জনগোষ্ঠীটোক অতি শীঘ্ৰে অনুসূচিত জনজাতি ঘোষণা কৰিবলৈ চৰকাৰক দাবী জনাই সংগঠনটোৰ সদস্য সকলে ৷

লগতে পঢ়ক- ভূমি নীতি প্ৰৱৰ্তনৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.