ETV Bharat / city

তুলসী খনিকৰৰ বাসগৃহত স্মৃতিচাৰণ সভা

author img

By

Published : Apr 27, 2021, 9:47 PM IST

মৰাণত নিৰ্বাচনী কাৰ্যত কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা শিক্ষক তুলসী খনিকৰৰ বাসগৃহত স্মৃতিচাৰণ সভা ৷ স্মৃতিচাৰণ সভাত উপস্থিত ৰাইজে পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি প্ৰদানৰ দাবী কৰিলে চৰকাৰক ৷

তুলসী খনিকৰৰ বাসগৃহত স্মৃতিচাৰণ সভা
তুলসী খনিকৰৰ বাসগৃহত স্মৃতিচাৰণ সভা

মৰাণ , 27 এপ্ৰিল : ২৭ মাৰ্চত অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ কাৰ্য অনুষ্ঠিত হৈ থকাৰ সময়তে নিৰ্বাচনৰ কামত কৰ্তব্যৰত অৱস্থাত মৰাণ সেউজপুৰ নিৱাসী তুলসী খনিকৰ(৫৯) নামৰ শিক্ষকগৰাকীৰ মৃত্যু হৈছিল ৷ চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত আকস্মিক ভাৱে মৃত্যু হৈছিল শিক্ষক তুলসী খনিকৰৰ । উচ্চ ৰক্তচাপ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা তুলসী খনিকৰৰ স্মৃতিত মঙলবাৰে তেখেতৰ নিজা বাসগৃহত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় ।

শিক্ষক জীতেন দাসে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে শিক্ষক দীননাথ পাংগিঙে । প্ৰয়াত তুলসী খনিকৰৰ প্ৰতিচ্ছবিত সাংবাদিক নুৰুজ চাবুকধৰাই ধূপ-বন্তি প্ৰজ্বলনেৰে স্মৃতি তৰ্পন কৰা সভাখনৰ আৰম্ভণিতে সকলোৱে থিয় হৈ এক মিনিট সময় মৌন প্ৰাৰ্থনা জনায় । তুলসী খনিকৰৰ স্মৃতিত দীননাথ পাংগিঙৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা "তুলসী" নামৰ স্মৰণিকাখন উন্মোচন কৰে সাংবাদিক ত্ৰৈলোক্য চেতীয়াই ।

তুলসী খনিকৰৰ বাসগৃহত স্মৃতিচাৰণ সভা

প্ৰয়াত শিক্ষক তুলসী খনিকৰৰ কৰ্মময় জীৱনৰ সম্পৰ্কে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে সাংবাদিক বাছা বৰা, চৰাইদেউ জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰাক্তন সভাপতি ক্ষেত্ৰধৰ বুঢ়াগোহাঁই, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ কাৰ্যনিৰ্বাহক সদস্যা লাবণ্য দত্ত আৰু শিক্ষক সৰ্বেশ্বৰ খনিকৰ আৰু ৰঞ্জিত কোঁৱৰে ।

স্মৃতিচাৰণ সভাত প্ৰয়াত তুলসী খনিকৰৰ পৰিয়াল সদস্য এজনক চৰকাৰী চাকৰি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰা হয় । উল্লেখ্য যে, মৃত্যুৰ সময়ত শিক্ষকগৰাকীয়ে পত্নী, এজন পুত্ৰ আৰু এগৰাকী কন্যাক ইহসংসাৰত এৰি থৈ যায় ।

লগতে পঢ়ক : ভাৰতৰ ভূমিত উপস্থিত বৃটেইনৰ সাহায্য কঢ়িওৱা বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.