ETV Bharat / city

১৯ এপ্ৰিলৰ পৰা ডিব্ৰুগড় টাউন মিচিং কৌবাঙৰ সোণালী জয়ন্তী বৰ্ষৰ অনুষ্ঠান

author img

By

Published : Apr 18, 2022, 11:52 PM IST

Golden-jubilee-of-town-mising-kebang-will-held-at-dibrugarh
১৯ এপ্ৰিলৰ পৰা ডিব্ৰুগড় টাউন মিচিং কৗবাঙৰ সোণালী জয়ন্তী বৰ্ষৰ অনুষ্ঠান

মঙলবাৰৰ পৰা পাঁচদিনীয়া বণাৰ্ঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ডিব্ৰুগড়ৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান ডিব্ৰুগড় টাউন মিচিং কৌবাঙৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি সমাৰোহ (Town Mising Kebang) ৷ 19 এপ্ৰিলত বিয়লি 3 বজাত সোণালী জয়ন্তী সামৰণি সমাৰোহখন শুভাৰম্ভ কৰিব ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে (Golden Jubilee celebration of Town Mising Kebang ) ৷

মৰাণ, 18 এপ্ৰিল: মঙলবাৰৰ পৰা পাঁচদিনীয়া বণাৰ্ঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ডিব্ৰুগড়ৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান ডিব্ৰুগড় টাউন মিচিং কৌবাঙৰ সোণালী জয়ন্তী বৰ্ষৰ সমাৰোহ (Town Mising Kebang) ৷ 19 এপ্ৰিলৰ পৰা 23 এপ্ৰিললৈকে ডিব্ৰুগড় চহৰৰ চৌকিডিংগি খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া সোণালী জয়ন্তী বৰ্ষ সমাৰোহত (Golden Jubilee celebration of Town Mising Kebang ) সাহিত্য প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰতিযোগিতা, ক্ৰীড়া প্ৰতিযোগিতা, হস্ততাঁত বস্ত্ৰ শিল্পৰ বাণিজ্য মেলা, পৰম্পৰাগত খাদ্য সম্ভাৰ, বিশিষ্টি ব্যক্তিক সম্বৰ্ধনা, মনোজ্ঞ আলোচনা চক্ৰ, বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা, সাংস্কৃতিক সন্ধিয়া আদি আয়োজন কৰা হৈছে ৷

তদুপৰি সোণালী জয়ন্তী বৰ্ষৰ উপলক্ষে এখন আটকধুনীয়া স্মৃতিগ্ৰন্থ আৰু ডিব্ৰুগড় চহৰত বসবাস কৰা মিচিং ৰাইজৰ (Mising community in Dibrugarh ) পৰিচয়সম্বলিত গাইড বুক প্ৰকাশৰ ব্যৱস্থা কৰা হৈছে ৷ কাৰ্যসূচী অনুসৰি 19 এপ্ৰিলত বিয়লি 3 বজাত সোণালী জয়ন্তী সামৰণি সমাৰোহ শুভাৰম্ভ কৰিব ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ( Dibrugarh DC Biswajit Pegu) ৷ ইয়াৰ পিছতে বিয়লি 4 বজাত মুৰং অকুম চাংগদ অনুষ্ঠানৰ শুভাৰম্ভ কৰিব ডিব্ৰুগড় টাউন মিচিং কৗবাঙৰ প্ৰাক্তন সভাপতি লক্ষ্যনাথ কুলিয়ে ৷

20 এপ্ৰিলৰ পুৱা 9 বজাত সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান উপলক্ষে 50 টা পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰিব ডিব্ৰুগড় টাউন মিচিং কৗবাঙৰ সভাপতি ধৰ্মকান্ত পেগুৱে ৷ ইয়াৰ উপৰি টাউন কৗবাঙৰ প্ৰাক্তন সভাপতি আৰু সম্পাদকসকলৰ লগতে জাতীয় সংগঠনৰ বিষয়ববীয়াসকলেও এই কৗবাঙৰ পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷

১৯ এপ্ৰিলৰ পৰা ডিব্ৰুগড় টাউন মিচিং কৗবাঙৰ সোণালী জয়ন্তী বৰ্ষৰ অনুষ্ঠান

পুৱা 10 বজাত স্মৃতি তৰ্পন কৰিব সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ড॰ পবিত্ৰ কুমাৰ পেগুৱে ৷ 1 বজাত ক্ৰীড়া প্ৰতিযোগিতা উদ্বোধন কৰিব অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ডিম্বনাথ মৰাঙে ৷ গুমৰাগ প্ৰতিযোগিতা উদ্বোধন কৰিব আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ (All India Radio Dibrugarh) অনুষ্ঠান কাৰ্যবাহী লোহিত ডেকাই ৷ পুৱা 10 বজাত দ্বিতীয় দিনাৰ গুমৰাগ প্ৰতিযোগিতাৰে আৰম্ভ হ’ব তৃতীয় দিনাৰ দিনটোৰ কাৰ্যসূচী ৷

22 এপ্ৰিলত পুৱা 11 বজাত সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে ৷

দিনত উদযাপন সমিতিৰ সভাপতি ড॰ পবিত্ৰ কুমাৰ পেগুৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া মুকলি সভা উদ্বোধন কৰিব মিচিং স্বায়ত্ব শাসিত পৰিষদৰ (Mising Autonomous Council) মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েংগীয়া, আদৰণি ভাষণ প্ৰদান কৰিব উদযাপন সমিতিৰ সাধাৰণ সম্পাদক প্ৰশান্ত কুমাৰ বড়ি, সোণালী জয়ন্তী বৰ্ষৰ উপলক্ষে প্ৰকাশ পাবলগীয়া স্মৃতিগ্ৰন্থ উন্মোচন কৰিব জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে আৰু গাইড বুক কাংকিন উন্মোচন কৰিব মিচিং আগম কৗবাঙৰ সভাপতি গোবিন্দ টাইডে ৷

এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নয়ন মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে (Minister Ranoj Pegu) ৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন (MLA Prasanta Phukan), লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা, চাবুৱাৰ বিধায়ক পোনাকন বৰুৱা, মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগু আদিয়ে ৷

23 এপ্ৰিলৰ সামৰণি অনুষ্ঠানৰ পুৱা 10 বজাত প্ৰদৰ্শনী মেলাত অংশগ্ৰহণকাৰীসকলৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠানৰ পিছত ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগু আৰু আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰাৰ দ্বাৰা দিনৰ 1 বজাত বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ’ব ৷

ইয়াৰ পিছতে গুমৰাগ প্ৰতিযোগিতাৰ বিজয়ী তিনি দলৰ দ্বাৰা গুমৰাগ নৃত্য প্ৰদৰ্শন কৰা হ’ব৷ ইফালে সোমবাৰে এই সন্দৰ্ভত ডিব্ৰুগড় চৌকিডিংগি খেলপথাৰত এখন সংবাদমেল অনুষ্ঠিত হয় । সংবাদমেলত উপস্থিত থাকে ডিব্ৰুগড় টাউন মিচিং কেবাঙৰ সভাপতি ধৰ্মকান্ত পেগু, সাধাৰণ সম্পাদক জ্যোতিষ কুমাৰ পাতিৰ, উদযাপন সমিতিৰ সভাপতি ড৹ পবিত্ৰ কুমাৰ পেগু, সাধাৰণ সম্পাদক প্ৰশান্ত কুমাৰ বড়িকে ধৰি ভালেকেইগৰাকী বিষয়ববীয়া ৷

লগতে পঢ়ক: Jihadi in Assam : সন্ধানহীন হৈছে একাধিক সন্দেহজনক লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.