ETV Bharat / city

মৰাণত অগপৰ 36 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

author img

By

Published : Oct 15, 2020, 12:02 PM IST

মৰাণত অসম গণ পৰিষদ দলৰ 36 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে ।

মৰাণত অগপৰ 36 সংখ্যক  প্ৰতিষ্ঠা দিৱস উদযাপন
মৰাণত অগপৰ 36 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

মৰাণ, 15অক্টোবৰ : ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে বুধবাৰে ডিব্ৰুগড় জিলাৰ মৰাণতো অসম গণ পৰিষদৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ।

মৰাণত অগপৰ 36 সংখ্যক  প্ৰতিষ্ঠা দিৱস উদযাপন
মৰাণত অগপৰ 36 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

মৰাণ বিধান পৰিষদৰ উদ্যোগত মৰাণ তিলৈ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহৰ সভাকক্ষত মৰাণ বিধান পৰিষদৰ সভাপতি সঞ্জীৱ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত ১৫ জন জ্যেষ্ঠ সতীৰ্থক ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনায় ।

মৰাণত অগপৰ 36 সংখ্যক  প্ৰতিষ্ঠা দিৱস উদযাপন
মৰাণত অগপৰ 36 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

উক্ত সভাত অগপৰ কৰ্মকৰ্তা সকলে অনাগত দিনত জাতিটোৰ উন্নয়নৰ স্বাৰ্থত কৰিব লগীয়া কৰ্মৰ ওপৰত অধিক মনোনিবেশ কৰা সংকল্প লয়। মৰাণ বিধান পৰিষদৰ সম্পাদক কুমুদ দুৱৰাই দলৰ কেন্দ্ৰীয় সভাপতি অতুল বৰাই অসমবাসীক উদ্দেশ্যি প্ৰেৰণ কৰা সম্বোধন পত্ৰ পাঠ কৰে।

মৰাণত অগপৰ 36 সংখ্যক  প্ৰতিষ্ঠা দিৱস উদযাপন
মৰাণত অগপৰ 36 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ জিতু ৰঞ্জন চেতিয়াকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য দাঙি ধৰে ।

লগতে পঢ়ক : কোনো কাৰণতে বহিৰাগত বণিক গোষ্ঠীক ভূমি এৰি দিয়া নহ’ব: সাংসদ অজিত ভূঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.