ETV Bharat / city

আশ্বাস "A ray of hope" নামৰ বেচৰকাৰী সংগঠনৰ মানৱীয়তাৰ নিদৰ্শন

author img

By

Published : Mar 23, 2021, 1:38 PM IST

ডিব্ৰুগড়ত আশ্বাস "A ray of hope" নামৰ এটি বেচৰকাৰী সংগঠনে দেখুৱালে মানৱীয়তাৰ নিদৰ্শন ৷ সংগঠনটোৰ কৰ্মকৰ্তাই বৃদ্ধাশ্ৰমৰ আৱাসী সকলক প্ৰদান কৰিলে খাদ্য সামগ্ৰী ৷

আশ্বাস "A ray of hope" নামৰ বেচৰকাৰী সংগঠনৰ মানৱীয়তাৰ নিদৰ্শন
আশ্বাস "A ray of hope" নামৰ বেচৰকাৰী সংগঠনৰ মানৱীয়তাৰ নিদৰ্শন

ডিব্ৰুগড়, 23 মাৰ্চ: ডিব্ৰুগড়ত আশ্বাস "A ray of hope" নামৰ এটি বেচৰকাৰী সংগঠনে দেখুৱালে মানৱীয়তাৰ নিদৰ্শন ৷ এন এফ ফ্ৰন্টিয়াৰ ৰে’লৱেৰ মেকানিকেল ৱৰ্কচপৰ কৰ্মচাৰী সকলৰ প্ৰচেষ্টাত এক সুন্দৰ প্ৰয়াস ৷ লেকাই ঠাকুৰথান স্থিত পূজাশ্ৰী বৃদ্ধাশ্ৰমত এন এফ ফ্ৰন্টিয়াৰ ৰে’লৱেৰ মেকানিকেল ৱৰ্কচপৰ কৰ্মচাৰী সকলে মঙলবাৰে বৃদ্ধাশ্ৰমৰ আৱাসী সকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি দাঙি ধৰিলে মানৱীয়তাৰ প্ৰমূল্যবোধৰ নিদৰ্শন ।

আশ্বাস
আশ্বাস "A ray of hope" নামৰ বেচৰকাৰী সংগঠনৰ মানৱীয়তাৰ নিদৰ্শন

কৰ্মচাৰী সকলে আৱাসী সকলৰ বাবে চাউল দাইল আলু, গাখীৰ, আদি বিভিন্ন সামগ্ৰী প্ৰদান কৰাৰ লগতে বৃদ্ধাশ্ৰমৰ ককা-আইতাক প্ৰদান কৰিলে কাপোৰ । সংগঠনটোৰ বিষয়ববীয়া সকলে জনোৱা মতে, তেঁওলোকে সময়ে সময়ে ৰক্তদানৰ দৰে কাৰ্যসূচী হাতত লৈ অহাৰ লগতে মানৱ সেৱাৰ লগত জড়িত বিভিন্ন কাৰ্যসূচী হাতত লৈ আহিছে ।

লগতে পঢ়ক: নিৰ্বাচনৰ প্ৰাকক্ষণত বাক্সাত উদ্ধাৰ মাৰণাস্ত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.