Anti Drugs Mission : নগাঁও আৰু নাহৰকটীয়াত ড্ৰাগছসহ সৰবৰাহকাৰী আটক

author img

By

Published : Dec 28, 2021, 2:25 PM IST

drug-peddler-arrested-by-nagaon-and-naharkatia-police
নগাঁও আৰু নাহৰকটীয়াত ড্ৰাগছসহ সৰবৰাহকাৰী আটক ()

সোমবাৰে নিশা নগাঁও আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ (Drugs Seized at Nagaon) সহ 7 জন সৰবৰাহকাৰীক আটক কৰে (Drug Peddler Arrested by Nagaon Police) ৷ নাহৰকটীয়াতো দেওবাৰে আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ 5 জন সৰবৰাহকাৰীক আটক কৰে (Dragus Seized by Naharkatia Police) ৷

নগাঁও/মৰাণ, 28 ডিচেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত তীব্ৰতৰ ৰূপত চলিছে ড্ৰাগছ বিৰোধী অভিযান (Anti Drugs Mission) ৷ সামন্তৰালভাৱে নগাঁও জিলাতো অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti Drugs Mission by Nagaon Police) ৷ সোমবাৰে নিশা হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত এণ্টি নাৰ্কটিক স্কোৱাডৰ এটা দলে নগাঁৱৰ খুটিকটীয়া ৰেল লাইনৰ সমীপত অভিযান চলাই 7 জন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে এক বৃহৎ পৰিমাণৰ কণ্টেইনাৰসহ হেৰ'ইন জব্দ কৰে (Drugs Seized by Nagaon Police) ৷ জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য প্ৰায় 7 লাখ টকা হ'ব বুলি আৰক্ষীয়ে জানিব দিয়ে ৷

আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইজন ক্ৰমে, খুটিকটীয়া ৰে’ল লাইনৰ সমীপৰ ভাৰত দাস, পত্নী অনিমা দাস, পুত্ৰ অজয় দাস, শেনচোৱাৰ মুন হাজৰিকা, খুটিকটীয়াৰ কণ বৰদলৈ, জুৰীয়াৰ ৰৌশনা খাতুন আৰু আবু হানিফা বুলি জানিব পৰা গৈছে (Drugs Peddler Arrested by Nagaon Police) ৷ উল্লেখ্য যে, বিগত কিছুদিনৰ পৰাই এই ড্ৰাগছ সৰবৰাহকাৰী দলটোৱে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ ব্যৱসায়ৰ এক নেটৱৰ্ক গঢ়ি তোলাৰ অভিযোগ উত্থাপিত হৈছে । ইতিমধ্যে নগাঁও আৰক্ষীয়ে এইক্ষেত্ৰত তদন্ত অব্যাহত ৰাখিছে ৷

নগাঁও আৰু নাহৰকটীয়াত ড্ৰাগছসহ সৰবৰাহকাৰী আটক

ইফালে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াতো অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti Drugs Mission at Naharkatia) ৷ দেওবাৰে নামৰূপ উপ-আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰা আৰু নাহৰকটীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ শইকীয়াৰ নেতৃত্বত যোৱা আৰক্ষী দলে নাহৰকটীয়া লেঙেৰীজান চাহ বাগিচাৰ নিকটৱৰ্তী এলেকাৰ কল্প নগৰত এক অভিযান চলাই 5 জন ড্ৰাগছ সৰবৰাহকাৰীসহ 1.5 গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰে (Drugs Seized by Naharkatia Police) ৷ লগতে এই নগদ ধনো উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে ৷

এক গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ পম খেদি আৰক্ষীয়ে অভিযান চলাই লেঙেৰীজান চাহ বাগিচাৰ নিকটৱৰ্তী এলেকা কল্প নগৰৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী কেইজনক আটক কৰি জেললৈ প্ৰেৰণ কৰে (Drugs Peddler Arrested by Naharkatia Police) ৷ ইতিমধ্যে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীৰ জেৰা অব্যাহত ৰাখি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : Tripura police seized Contraband items : ত্ৰিপুৰাত 3 কোটি মূল্যৰ নিচাযুক্ত সামগ্ৰী জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.