ETV Bharat / city

মুকলি হ'ল ৰাজ্যৰ সপ্তমখন ৰাষ্ট্ৰীয় উদ্যান দিহিং পাতকাই

author img

By

Published : Jul 3, 2021, 8:50 PM IST

ৰাজ্য বাসীৰ বাবে ঐতিহাসিক ক্ষণ ৷ মুকলি হ'ল ৰাজ্যৰ সপ্তমখন ৰাষ্ট্ৰীয় উদ্যান দিহিং পাতকাই ৷ শনিবাৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই উদ্বোধন কৰিলে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন ৷

Dihing Patkai, the seventh national park in the state, opens in Dibrugarh District
মুকলি হ'ল ৰাজ্যৰ সপ্তমখন ৰাষ্ট্ৰীয় উদ্যান দিহিং পাতকাই

ডিব্ৰুগড়, 3 জুলাই : ৰাজ্যবাসীৰ বাবে পুনৰ এক ভাল খবৰ ৷ শনিবাৰে আনুষ্ঠানিকভাৱে মুকলি হ'ল ৰাজ্যৰ সপ্তম সংখ্যক ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই উদ্যানখন (Dehing Patkai National Park) ৷ বছৰ বছৰ ধৰি বিভিন্ন দল সংগঠন তথা ৰাইজে কৰা আন্দোলনৰ পাছত অৱশেষত শনিবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰা হয় দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন (Dehing Patkai National Park) ৷ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ জয়পুৰত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই (Parimal Suklabaidya) আনুষ্ঠানিকভাৱে মুকলি কৰে এই ৰাষ্ট্ৰীয় উদ্যানখন ।

ডিব্ৰুগড় তিনিচুকীয়া জিলাক সাঙুৰি ২৩৪.২৬ বৰ্গ কিলোমিটাৰ যোৰা বনাঞ্চলৰে আবৰি থকা দিহিং পাটকাই (Dehing Patkai) বনাঞ্চল খনত আছে জৈৱ বৈচিত্ৰৰ সমাহাৰ য'ত 40 টা প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী, 42 প্ৰজাতিৰ উভচৰ আৰু সৰীসৃপ, 205 প্ৰজাতিৰ পোক পতংগ, 52 প্ৰজাতিৰ বনৰীয়া মাছ, 107 প্ৰজাতিৰ অৰণ্য কেৰু আৰু 160 প্ৰজাতিৰ বিভিন্ন গছ-গছনিৰ লগতে স্থানীয় আৰু পৰিভ্ৰমী চৰাইৰ বসতি এই জৈৱ বৈচিত্ৰৰে ভৰপূৰ এই বনাঞ্চলখন ৷

উল্লেখ্য যে, 1888 চনত জয়পুৰ সংৰক্ষিত বনাঞ্চল আৰু তাৰ পাছত 2004 চনত দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য (Dehing Patkai wildlife sanctuary) হিচাপে স্বীকৃতি পোৱা পূবৰ আমাজন (Amazon of East) খ্যাত এই বনাঞ্চলক অৱশেষত 2020 বৰ্ষত ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা প্ৰদান কৰে ৷

মুকলি হ'ল ৰাজ্যৰ সপ্তমখন ৰাষ্ট্ৰীয় উদ্যান দিহিং পাতকাই

শনিবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী (Rameshwar Teli) আৰু স্থানীয় বিধায়ক তৰংগ গগৈ (Taranga Gogoi)ৰ উপস্থিতিত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই আনুষ্ঠানিকভাৱে এই ৰাষ্টীয় উদ্যান খনৰ শুভ উদ্ধোধন কৰে ৷ ইফালে ৰাষ্ট্ৰীয় উদ্যানৰ শুভ উদ্বোধনৰ পিছতেই মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ নামচাং অঞ্চল পৰিভ্ৰমণ কৰে । উল্লেখ্য যে, সংবাদমাধ্যমৰ সন্মুখত বনমন্ত্ৰীগৰাকীয়ে দিহিং পাটকাইত ৰাষ্ট্ৰীয় উদ্যানত চলা বনধ্বংসকাৰ্য, চোৰাং কাঠৰ বেহা ৰোধ কৰিবলৈ বন বিভাগ, আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্তক নিৰ্দেশ দিয়া বুলি উল্লেখ কৰে ৷ অতি শীঘ্ৰে দিহিং পাটকাইৰ আন্ত:গাঠনি উন্নয়ন কৰি উদ্যানখনত পৰ্যাপ্ত বনকৰ্মী নিয়োগ কৰা হ'ব বুলি প্ৰকাশ কৰে।

ইফালে গুৱাহাটীৰ গড়ভাঙা সংৰক্ষিত বনাঞ্চলৰ পৰা বনবিভাগৰ দুগৰাকী ঠিকাদাৰ ক্ৰমে কুশল কলিতা আৰু জয়ন্ত কছাৰীৰ অপহৰণ কাণ্ডৰ তদন্তৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে উপায়ুক্ত, আৰক্ষী অধীক্ষকক ক্ষীপ্ৰ তদন্ত কৰিবলৈ দিয়া বুলি মন্তব্য কৰে । ইয়াৰ পাছতেই জয়পুৰৰ পৰিদৰ্শন বাংলোৰ চৌহদত এখন ৰাজহুৱা সভা সম্বোধন কৰি বনাঞ্চলখনৰ সামগ্ৰীক উন্নয়ন পৰ্যতনৰ দিশ সমূহৰ বিষয়েও আলোচনা কৰে মন্ত্ৰী কেইগৰাকীয়ে।

লগতে পঢ়ক-পহুমাৰা নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিলে কালভাৰ্ট: স্তব্ধ যাতায়াত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.