ETV Bharat / city

চাবুৱাত ৰাইজৰ ৰোষত পৰিল ঠিকাদাৰ

author img

By

Published : Aug 14, 2021, 6:24 AM IST

চৰকাৰী আঁচনিত দুৰ্নীতি সহ্য কৰা নহ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰাৰ সময়তেই ডিব্ৰুগড় জিলাৰ প্ৰতিটো সমষ্টিতে উন্নয়নৰ নামত ঠিকাদাৰে চলাইছে লুন্ঠনৰাজ । সমষ্টি সমূহত বিধায়কৰ ঘনিষ্ঠ ঠিকাদাৰে পথ-দলঙৰ ঠিকা লাভ কৰে যদিও নিম্ন মানদণ্ডৰ কাম কৰি কোটি কোটি টকা লুন্ঠন কৰি নিয়াৰ অভিযোগ উঠিছে ।

corruption-on-road-making-at-chabua
চাবুৱাত 9 কোটিটকীয়া পথ নিৰ্মাণত অনিয়ম

মৰাণ, 12 আগষ্ট : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কোনো চৰকাৰী আঁচনিতে দুৰ্নীতি সহ্য কৰা নহ'ব বুলি কৈ থকা সময়তেই ডিব্ৰুগড় জিলাৰ প্ৰতিটো সমষ্টিতে উন্নয়নৰ নামত ঠিকাদাৰে লুন্ঠনৰাজ চলোৱাৰ অভিযোগ উঠিছে । যিহেতু সমষ্টি সমূহত বিধায়কৰ ঘনিষ্ঠ ঠিকাদাৰে পথ-দলঙৰ ঠিকা লাভ কৰে গতিকে ৰাইজৰ অভিযোগক গুৰুত্ব নিদি নিম্ন মানদণ্ডৰ কাম কৰি কোটি কোটি টকা লুন্ঠন কৰি নিয়ে বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে ।

সেয়ে বৃহস্পতিবাৰে চাবুৱাত ৰাইজৰ ৰোষত পৰিল ঠিকাদাৰ বাহিনী । দুদিনৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হোৱা কালভাৰ্ট ভাগি পৰাত ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ৰাইজ । চাবুৱাৰ বালিজান চাইডিঙৰ পৰা বগৰীতলীয়া সংযোগী 9 কোটি টকীয়া পথ নিৰ্মাণত অনিয়মৰ অভিযোগ ৰাইজৰ ।

কোটিটকীয়া পথ নিৰ্মাণত অনিয়মৰ অভিযোগ

লগতে পঢ়ক : শিক্ষাৰ্থীয়ে ঘেৰাও কৰিলে প্রধান শিক্ষকৰ বাসগৃহ

ৰাইজে জানিবলৈ দিয়ে যে তেওঁলোকে অভিযোগ দিলেও ক্ষমতাত বলীয়ান ঠিকাদৰে ভয় ভাবুকি দিয়ে । ৰাইজৰ আহ্বান চাবুৱাৰ বিধায়ক পোনাকন বৰুৱা আৰু বিভাগীয় কৰ্তৃপক্ষই ৰাইজৰ ধন আত্মসাৎ কৰা ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি উন্নত মানৰ পথ আৰু কালভাৰ্ট নিৰ্মাণৰ ব্যৱস্থা কৰক ।

ইয়াৰ পূৰ্বেও চাবুৱাত পথনিৰ্মাণৰ নামত ব্যাপক কেলেংকাৰীৰ সৃষ্টি হৈছে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মস্থান চাবুৱাত পথ নিৰ্মাণত ঠিকাদাৰে চলাইছে দুৰ্নীতি ৷ বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষই নিম্নমানৰ সামগ্ৰীৰে পথটো নিৰ্মাণ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

উল্লেখ্য যে, নাদুৱা গ্ৰান্ট গাঁও আৰু চেতিয়া গাঁৱৰ সংযোগী পথটো নিৰ্মাণ কৰা 7 দিন পাৰ হ‌ওঁতেই চপৰা-চপৰে এৰিছে ব্লেক টেপিং । বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰ উজ্জ্বল বৰুৱাই ময়মতালিৰে এই পথটি নিৰ্মাণ কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : বজাৰত ওলাইছে QR code যুক্ত ৰাখী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.