ETV Bharat / city

টিংখাং মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

author img

By

Published : Sep 4, 2022, 1:19 PM IST

Updated : Sep 4, 2022, 1:42 PM IST

closing-ceremony-of-golden-jubilee-celebration-of-tingkhong-college-in-dibrugarh
টিংখাং মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহত অংশ ল'লে শিক্ষামন্ত্ৰী ড৹ ৰণোজ পেগুৱে

টিংখাং মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠানৰ কাৰ্যসূচীৰ মুকলি সভা উদ্বোধন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Minister Ranoj Pegu at Tingkhong college) ৷ মন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচীত উপস্থিত থাকি নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি সন্দৰ্ভত ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে শিক্ষাৰ ধাৰণাটোকে সলনি কৰিছে বুলি উল্লেখ কৰে ৷

ডিব্ৰুগড়, 4 ছেপ্তেম্বৰ: বৃহত্তৰ টিংখাং সমষ্টিৰ উচ্চ শিক্ষাৰ একমাত্ৰ চৰকাৰী শিক্ষা অনুষ্ঠান টিংখাং মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠানৰ (Closing ceremony of golden jubilee celebration of Tingkhong college) ৷ শনিবাৰে তৃতীয় তথা অন্তিম দিনৰ কাৰ্যসূচীৰ মুকলি সভাত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে (Minister Ranoj Pegu at Tingkhong college) ৷ মন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচীত উপস্থিত থাকি নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে শিক্ষাৰ ধাৰণাটোকে সলনি কৰিছে বুলি উল্লেখ কৰে (Ranoj Pegu on National education policy) ৷

নতুন শিক্ষা নীতিত বহুমুখী পাঠ্যক্ৰম হ'ব যাৰ বাবে আমাৰ বিজ্ঞান, বাণিজ্য আৰু কলা শাখাৰ মাজত থকা বাধাৰ প্ৰাচীৰ খন ভাঙি দিয়া হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে অতি সোনকালে মহাবিদ্যালয়ত নতুন পদ সৃষ্টি কৰা হ'ব বুলিও ভাষণ প্ৰসংগত মন্ত্ৰী ডাঃ পেগুৱে উল্লেখ কৰে । তদুপৰি বিদ্যাঞ্জলী আঁচনিলৈ বৰ্তমানলৈকে ৰাইজে সঁহাৰি জনাই ১১ হাজাৰখন চিলিং ফেন দান হিচাপে দিছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

আনহাতে, প্ৰতিজন নাগৰিক, অভিভাৱক আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে এই আঁচনিলৈ সঁহাৰি জনোৱাতো দায়িত্ব আৰু কৰ্তব্য বুলি সদৰি কৰি সহায় কৰিবলৈ আহ্বান জনায় শিক্ষামন্ত্ৰীগৰাকীয়ে । ১৯৭২ চনৰ ১ ছেপ্টেম্বৰত প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনত উপস্থিত থকা শিক্ষামন্ত্ৰীগৰাকীয়ে অনতিপলমে টিংখাং সমষ্টিৰ উচ্চ শিক্ষাৰ একমাত্ৰ চৰকাৰী শিক্ষা অনুষ্ঠানখনলৈ চৰকাৰে অনুমোদন জনোৱা বিজ্ঞান শাখাটো কাৰ্যকৰী ব্যৱস্থা কৰাৰ লগতে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰি টিংখাং বাসীলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে ।

টিংখাং মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

মন্ত্ৰী তথা সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি বিমল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাতখনত আদৰণি ভাষণ আগবঢ়াই সোণালী জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি জীৱেশ্বৰ মহনে ।

ইয়াৰ লগতে সভাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ মৌচুমী গগৈ, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা (Kamakhya Prasad Tasa), মন্ত্ৰী যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ (MP Tapan Gogoi), নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ, জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ (All Assam Tea Tribes Student Association) কাৰ্যনিৰ্বাহক লাজাৰ নন্দ, ডিব্ৰুগড় বিদ্যালয় সমূহৰ পৰিদৰ্শক দিপীকা চৌধুৰী আদি উপস্থিত থাকি ভাষণ আগবঢ়ায় । সমাৰোহৰ তৃতীয় দিনৰ পুৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় ।

লগতে পঢ়ক: আজি অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Last Updated :Sep 4, 2022, 1:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.